নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি খুলিব হোটেল–শ্বপিং মল–উপাসনাস্থলী

নিয়মীয়া বাৰ্তা ৮ জুনঃ চৰকাৰ–প্রশাসনৰ নির্দেশনা অনুসৰি সুদীর্ঘ আঢ়ৈ মাহৰ মূৰত আজিৰে পৰা খোল খাব ৰাজ্যৰ হোটেল, ৰেষ্টুৰেণ্ট, শ্বপিংমল আৰু উপাসনাস্থলীৰ দুৱাৰ৷ নির্দিষ্ট নীতি–নিয়মৰ মাজেৰে এইসমূহ কাইলৈৰ পৰা খোলাৰ বাবে ৰাজ্য চৰকাৰে অনুমতি প্রদান কৰাত সমগ্র ৰাজ্যৰ লগতে গুৱাহাটীবাসীয়েও সম্পূর্ণ সাজু হৈছে৷ বিশেষকৈ মছজিদ, মন্দিৰ, দেৱালয়, গুৰুদ্বাৰ আৰু অন্যান্য ধর্মীয় উপাসনাস্থলীসমূহ সুদীর্ঘ আঢ়ৈ মাহৰ মূৰত প্রশাসনৰ নির্দেশনা অনুসৰি খুলিবলৈ বিভাগীয় কর্তৃপক্ষই দেওবাৰে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হয়৷ ভক্ত–দর্শনার্থীৰ লগতে ধর্মপ্রাণ ৰাইজৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি পৰিচালনা সমিতিসমূহে মন্দিৰ, মছজিদ, গুৰুদ্বাৰ আৰু অন্যান্য উপাসনাস্থলীসমূহ দেওবাৰে চাফ–চিকুণ কৰে৷ দীর্ঘদিন ধৰি বন্ধ হৈ থকা উপাসনাস্থলীসমূহ স্বাস্থ্যসন্মতভাৱে ছেনিটাইজ কৰা পৰিলক্ষিত হয়৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি চৰকাৰী নীতি–নিয়মৰ মাজেৰে উপাসনাস্থলীসমূহ কাইলৈৰ পৰা খুলিব যদিও কামাখ্যা ধাম আৰু উমানন্দ মন্দিৰৰ দুৱাৰ ভক্ত তথা দর্শনার্থীৰ বাবে অহা ৩০ জুন পর্যন্ত বন্ধ কৰা হ’ব বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিছে৷
উল্লেখ্য যে উপাসনা স্থলীসমূহ খুলিলেও সামাজিক দূৰত্বকে ধৰি কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে ইতিপূর্বে জাৰি কৰা সকলো প্রট’কল মানি চলাটো বাধ্যতামূলক৷ নির্দেশনা অনুসৰি প্রতি ঘণ্টাত উপাসনাস্থলীসমূহত ২০জনতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব৷ অৱশ্যে কোনো ধর্মীয় অনুষ্ঠানৰ এলেকা সৰু হ’লে পৰিচালনা সমিতিসমূহে সমৱেত হোৱা লোকৰ সংখ্যা ২০জনতকৈ হ্রাস কৰিব পাৰিব৷ কিন্তু প্রতিগৰাকী ভক্ত বা দর্শনার্থীয়ে পৰিচালনা সমিতিৰ টোকেন লোৱাটো বাধ্যতামূলক৷ ইপিনে হোটেল, ৰেষ্টুৰেণ্টসমূহ কাইলৈৰ পৰা খুলিবলৈ প্রশাসনে অনুমতি প্রদান কৰিছে যদিও সামাজিক দূৰত্ব বজাই ৰখাৰ সমান্তৰালকৈ ক’ভিড–১৯ প্রতিৰোধী সকলো ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ নির্দেশনা অনুসৰি কোনো হোটেল, ৰেষ্টুৰেণ্টত ৫০ শতাংশ লোকহে সমৱেত হ’ব পাৰিব৷ সদৌ অসম দেৱালয় সংঘৰ সভাপতি আৰু প্রধান সম্পাদক ক্রমে সুৰেশ চন্দ্র ভট্টাচার্য আৰু কৈলাস শর্মাই কেন্দ্রীয় তথা ৰাজ্য চৰকাৰৰ নির্দেশমর্মে দেৱ–দেৱালয়, মঠ–মন্দিৰ আদি ভক্তবৃন্দৰ বাবে চৰকাৰী নীতি–নিয়ম অনুসৰি খোলাৰ বাবে অনুমতি প্রদান কৰাৰ বাবে কর্তৃপক্ষক ধন্যবাদ জনোৱাৰ লগতে দেৱালয়–সংঘৰ অন্তর্গত দেৱালয় পৰিচালনা সমিতিৰ কর্মকর্তাসকলক প্রশাসনে বান্ধি দিয়া নীতি–নিয়মসমূহ মানি চলাৰ বাবে আহ্বান জনায়৷ তদুপৰি দেৱ–দেৱালয়সমূহৰ্ পুৰোহিত, আঠপৰীয়া, মালী, যোগালী, চাফাইকর্মী আৰু অন্যান্য কর্মচাৰীসকলে কিছু হ’লেও বর্তমান চলি থকা ভয়াৱহ আর্থিক সমস্যাৰ পৰা সকাহ পাব বুলি ভট্টাচার্য আৰু শর্মাই ঘোষণা কৰে৷ লগতে ভক্তসকলক সামাজিক দূৰত্ব মানি চলিবলৈ অনুৰোধ জনায়৷

You might also like