নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জি–২০ৰ সাংস্কৃতিক অনুষ্ঠানত গুৰুজনাৰ বৰগীত-সুধাকণ্ঠৰ ‘বিস্তীর্ণ পাৰৰে…’

🔹 বিশ্ব মঞ্চত প্রতিধ্বনিত অসমৰ সংস্কৃতি

ষ্টাফ ৰিপ’টাৰ, ১০ ছেপ্টেম্বৰ : জি–২০ শীর্ষ সন্মিলন উপলক্ষে প্রাচীন ভাৰতৰ সুৰ লহৰীৰ সাক্ষী হ’ল সমগ্র বিশ্ব৷ ভাৰতীয় ঐতিহ্য–শিল্প–সাংস্কৃতিক সর্বদিশৰ পৰা উদ্ভাসিত কৰি তোলাৰ প্রয়াস কৰা সেই আন্তর্জাতিক সন্মিলনখনত অংশগ্রহণ কৰিবলৈ অহা বিদেশী ৰাষ্ট্রনেতাসকলৰ সন্মুখত পৰিৱেশন কৰা হয় ‘ভাৰত বাদ্য দর্শনম’ বা ‘ভাৰতীয় সংগীতৰ যাত্রা’৷ যাৰ অংশ হ’ল অসমৰ চহকী সংস্কৃতিৰ অমিয়া সুৰো৷ জগতগুৰু মহাপুৰুষ শংকৰদেৱ বিৰচিত বৰগীত ‘শুন শুন ৰে সুৰ’ আৰু বিশ্ববিশ্রুত শিল্পী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ‘বিস্তীর্ণ পাৰৰে, অসংখ্য জনৰে’ৰ লহৰে আহ্লাদিত কৰি তুলিলে ‘ভাৰত মণ্ডপম’ত উপস্থিত প্রতিজনকে৷ উল্লেখ্য যে জি–২০ শীর্ষ সন্মিলনৰ সৈতে সংগতি ৰাখি কালি ‘ভাৰত মণ্ডপম’ত ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে অভ্যাগতসকলৰ বাবে আয়োজন কৰিছিল এক নৈশভোজৰ৷ ৰাষ্ট্রপতি মুর্মুৰ এই মহাভোজৰ পূর্বে সন্ধিয়া অতিথিসকলৰ বাবে ৰখা হয় এক বিশেষ কার্যক্রম৷ যিটো আছিল সংগীতানুষ্ঠান–‘ভাৰতীয় সংগীতৰ যাত্রা’৷ সাংগীতিক দল ‘গন্ধর্ব আৰাধ্যম্’–এ প্রায় তিনি ঘণ্টা সময় ধৰি পৰিৱেশন কৰা এই অনুষ্ঠানত প্রাচীন ভাৰতৰ বিভিন্ন বাদ্যযন্ত্র সংগত কৰা হয়৷ বিশেষকৈ ৰুদ্রবীণা, ৰাৱণহাথা আদিৰ দৰে প্রাচীন ভাৰতীয় বাদ্যযন্ত্রসমূহৰ মূর্ছনাই মোহাৱিষ্ট কৰি ৰাখে বিদেশী ৰাষ্ট্রনেতাসকলক৷ ‘ভাৰত মণ্ডপম’ত সপ্তসুৰৰ স্বৰেৰে আলোড়িত হোৱা ‘শুন শুন ৰে সুৰ’ আৰু ‘বিস্তীর্ণ পাৰৰে’ সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই সামাজিক মাধ্যমত প্রতিক্রিয়া ব্যক্ত কৰিছে এইদৰে– ‘বিশ্ব মঞ্চত প্রতিধ্বনিত হ’ল অসমৰ চহকী সংস্কৃতিৰ অমিয়া সুৰ৷ আজি জি–২০ শীর্ষ সন্মিলনৰ বর্ণিল সাংস্কৃতিক অনুষ্ঠানত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনা বিৰচিত ‘শুন শুন ৰে সুৰ’ আৰু আমাৰ হিয়াৰ আমঠু ড০ ভূপেন হাজৰিকাৰদেৱৰ ‘বিস্তীর্ণ পাৰৰে’ শীর্ষক গীত শুনি অভিভূত হৈ পৰিছোঁ৷ বিশ্বক মানৱীয়তাৰ বিশাল আকাশৰ তলত একত্রিত কৰাৰ এই সন্মিলনত অসমৰ বাৰেবৰণীয়া সংস্কৃতিৰ পৰিৱেশনে মোৰ মনত এক গভীৰ সাঁচ বহুৱাইছে৷ অসমৰ বর্ণময় ঐতিহ্যক বিশ্ববাসীৰ আগত দাঙি ধৰাৰ ক্ষেত্রত গ্রহণ কৰা এই অনন্য পদক্ষেপৰ বাবে ৰাষ্ট্রপতি দ্রৌপদী মুর্মু, প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু সন্মিলনৰ আয়োজনৰ সৈতে জড়িত প্রতিগৰাকীলৈ অসমবাসীৰ হৈ আন্তৰিক ধন্যবাদ–কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷’ লক্ষণীয়ভাৱে এই অনুষ্ঠানৰ পূর্বে কেন্দ্রীয় মন্ত্রী মীনাক্ষি লেখিয়ে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য আছিল এনেধৰণৰ– ‘আমাৰ ওচৰত হিন্দুস্তানী আৰু কর্ণাটকী সংগীতৰ উত্তৰাধিকাৰী আছে৷ তেওঁলোকৰ লগতে বিশেষভাৱে সক্ষম শিল্পীসকলেও ৰাষ্ট্রপতিৰ নৈশভোজত অনুষ্ঠান পৰিৱেশন কৰিব৷ যিটো আমাৰ সকলোৰে বাবে হৈ পৰিব গৌৰৱৰ মুহূর্ত৷ ইফালে জি–২০ শীর্ষ সন্মিলনত অংশগ্রহণ কৰিবলৈ অহা অতিথিসকলৰ আপ্যায়নত কোনোধৰণৰ ত্রুটি কৰা নাই নতুন দিল্লীয়ে৷ বিদেশী ৰাষ্ট্রনেতাসকলৰ ক্ষেত্রত যেনেদৰে খোৱা–থকাৰ যত্ন লোৱা হৈছে, ঠিক সেইদৰে দেশৰ ঐতিহ্য–সংস্কৃতিৰ পৰিচিতিও দেখুওৱা হৈছে৷ খাদ্য সম্ভাৰত আছে বিভিন্ন ধৰণৰ ভাৰতীয় ব্যঞ্জন৷ এইক্ষেত্রত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে মিলেটক৷ এক কথাত ক’বলৈ গ’লে জি–২০ শীর্ষ সন্মিলনৰ খাদ্যসম্ভাৰৰ মেন্যুত জয়জয়কাৰ হৈছে প্রধানমন্ত্রী মোদীৰ প্রিয় মিলেট৷ জি–২০ শীর্ষ সন্মিলনলৈ অহা অতিথিসকলৰ বহুসংখ্যকক থাকিবলৈ দিয়া হৈছে তাজ হোটেলত৷ অতিথিসকলৰ খোৱা–লোৱাত কোনোধৰণৰ ত্রুটি ৰখা নাই হোটেলখনৰ ‘ৰন্ধন শিল্পী অর্জুন সুন্দৰাৰাজে’৷ কালি ৰাষ্ট্রপতি মুর্মুৰ নৈশভোজৰ মেন্যুখন আছিল বহু দীঘলীয়া৷ ‘কাশ্মীৰী খাৱা’ৰ পৰা ‘বেংগলী ৰসগোল্লা’লৈ বিধে বিধে ব্যঞ্জন অন্তর্ভুক্ত হৈছিল মেন্যুত৷

You might also like