বিশিষ্ট শিশু সাহিত্যিক সম্পাদক গগন চন্দ্র অধিকাৰীৰ বিয়োগ
সাহিত্য অকাডেমিৰ ‘বাল সাহিত্য’ বঁটাপ্রাপক
নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ ৰসাল সাঁথৰ, কামৰূপীয়া ভাষাৰ কবিতাৰে সৃষ্টি কৰা ছন্দৰে শিশু সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা বিশিষ্ট শিশু সাহিত্যিক, সাহিত্য অকাডেমিৰ বাল সাহিত্য বঁটাপ্রাপক গগন চন্দ্র অধিকাৰী আৰু নাই৷ বার্ধক্যজনিত অসুস্থতাত যোৱা দীর্ঘদিন ধৰি গুৱাহাটীৰ হেল্থ চিটীত চিকিৎসাধীন হৈ থকা সাহিত্যিক পেন্সনাৰগৰাকীয়ে বুধবাৰে বিয়লি ৬ বজাত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ শিশুসকলৰ বাবে উপযোগী খুহুতীয়া পদ্য, মনোগ্রাহী কাহিনীৰে বিভিন্ন গ্রন্থ ৰচনাৰে অসমীয়া শিশু সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা গগন চন্দ্র অধিকাৰীৰ মৃত্যুৰ খবৰে মর্মাহত কৰি তুলিছে সাহিত্যপ্রেমীসকলক৷ আজি সাহিত্যিকগৰাকীৰ মৃত্যুৰ খবৰ পোৱা মাত্রকে হেল্থ চিটী চিকিৎসালয়ত বহু গুণমুগ্ধই ভিৰ কৰি তেওঁৰ প্রতি শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ এখুদ ককাইদেউ নৱকান্ত বৰুৱা আৰু তিলক হাজৰিকাৰ প্রেৰণাত ‘অসম বাণী’ত শিশু সাহিত্য সৃষ্টি কৰি যোৱা গগন চন্দ্র অধিকাৰীৰ জন্ম হৈছিল ১৯৪১ চনত দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ শ্রীঈশ্বৰ কৈমাৰী সত্রত৷ অৱশ্যে কর্মসূত্রে তেওঁ গুৱাহাটীৰ ভঙাগড়ৰ শ্রীমন্তপুৰত স্থায়ীভাৱে থাকিবলৈ লৈছিল৷ ১৯৫৭ত মেট্রিক পৰীক্ষাত উত্তীর্ণ হৈ কটন কলেজত নামভর্তি কৰি গগন চন্দ্র অধিকাৰীয়ে আই এ পাছ কৰি ভাৰতীয় জীৱন বীমা নিগমত চাকৰি কৰিছিল৷ চাকৰি কৰি থকাৰ সময়তে তেওঁ বি বৰুৱা কলেজত নৈশ শাখাত নামভর্তি কৰি পঢ়া–শুনা কৰিছিল৷ সেই সময়তে নৱকান্ত বৰুৱা আৰু তিলক হাজৰিকাৰ সংস্পর্শলৈ আহি শিশু সাহিত্য ৰচনাত মনোনিৱেশ কৰে৷ গগন চন্দ্র অধিকাৰীৰ সাহিত্য সৃষ্টিৰ বীজ অংকুৰিত হৈছিল চতুর্থ শ্রেণীতে৷ সেই বয়সতে তেওঁ ‘হাবিত কাহে ওলাই নাহে’, ‘আমাৰ পিতাই ধেকধেকাই হাঁহে’ শীর্ষক সাঁথৰ ৰচনাৰে তেওঁৰ প্রতিভাৰ পৰিচয় দিছিল৷ পৰিয়ালৰ অনুপ্রেৰণাত পৰৱর্তী সময়ত তেওঁ দুটাকৈ কবিতা ৰচনা কৰিছিল৷ সেয়া হৈছে ‘মিনতি’ আৰু ‘পখিলী বাইদেউ’৷ এই দুয়োটা কবিতা সেই সময়ত অসমীয়া সাপ্তাহিক ‘সাদিনীয়া অসমীয়া’ত প্রকাশ হৈছিল৷ এয়া হৈছিল আৰম্ভণি৷ শিশু সাহিত্যৰ ভঁৰাল চহকী কৰি তেওঁ ১৩খনকৈ গ্রন্থ ৰচনা কৰাৰ লগতে ৬খন কবিতা পুথিও ৰচনা কৰিছিল৷ এইসমূহৰ ভিতৰত আছিল– ‘টকাত একেটা হাতী’ (১৯৮১), ‘ৰ’দালিয়ে ৰ’দ অকণ দে’ (১৯৮৮), ‘ক’ক–ক’কৰে–ক’ক কে কে হুৱা’ (১৯৯০), ‘আখৰাৰ গীত’ (১৯৯৫), ‘তিনিখন ঠেং হ’ল বুঢ়ী আইতাৰ’ (১৯৯৫), ‘টর্ছ মৰা মাহ’ (২০০১)৷ ইয়াৰ উপৰি তেওঁ ৰচনা কৰা গল্প আৰু সাধুকথাৰ গ্রন্থসমূহ হ’ল–‘মনোৰম খবৰৰ পেৰা’ (১৯৯৫), ‘মাখন মামাৰ সাধু’ (২০০২), ‘অসমীয়া ভিক্ষাৰী’ (২০০১)৷ তেওঁৰ সম্পাদনাত প্রকাশ হৈছিল ‘বীৰেন বৰকটকীৰ ব্যক্তিত্ব আৰু প্রতিভা’ (১৯৮৬), ‘উমলা ঘৰৰ পুথি’ (১৯৯০) আৰু ‘নৱকান্ত বৰুৱা শিশু সাহিত্য সমগ্র–প্রথম খণ্ড’ (২০০৩)৷ উল্লেখ্য যে শিশু সাহিত্য সৃষ্টিৰে সাহিত্যৰ ক্ষেত্রখনত বিশেষ বৰঙণি আগবঢ়োৱা বাবেই ২০১০ চনত সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটাৰে সন্মানিত হয় তেওঁ৷ এই বঁটা লাভ কৰা গগন চন্দ্র অধিকাৰী প্রথম অসমীয়া৷ শিশু সাহিত্যৰ ক্ষেত্রখনত দি যোৱা অলেখ সৃষ্টিৰ বাবে বহু বঁটাৰেও তেওঁ সন্মানিত হৈছিল৷ ১৯৮২ চনত ফণীধৰ দত্ত সোঁৱৰণী বঁটাৰে সন্মানিত হোৱা গগন চন্দ্র অধিকাৰীয়ে ১৯৯২ চনত ‘ৰ’দালিয়ে ৰ’দ অকণ দে’ নামৰ শিশু গ্রন্থখনৰ বাবে নেচনেল বুক ট্রাষ্টৰ বঁটা লাভ কৰে৷ আনহাতে, ২০০১ চনত গজেন্দ্র নাথ চহৰীয়া সোঁৱৰণী বঁটাৰেও তেওঁ সন্মানিত হয়৷ ২০০২ চনত ৰাজ্য চৰকাৰে তেওঁলৈ সাহিত্য পেন্সন বঁটা আগবঢ়ায়৷ উল্লেখ্য যে শিশু সাহিত্য সৃষ্টিৰ লগতে চৰকাৰী চাকৰিৰ ব্যস্ততাপূর্ণ জীৱন আগুৱাই নিয়া গগন চন্দ্র অধিকাৰীয়ে ১৯৯৯ চনত নিয়োগ বিনিময় কেন্দ্রৰ সঞ্চালক হিচাপে অৱসৰ গ্রহণ কৰে৷ শিশু সাহিত্যিকগৰাকীৰ বিভিন্ন সৃষ্টিৰ অন্যতম সমল আছিল বনৰীয়া জীৱ–জন্তুৰ চৰিত্র, দেৱ–দেৱীৰ চৰিত্র তথা গ্রাম্য জীৱনৰ পৰম্পৰাগত সাধুসমূহ৷ শিশু সাহিত্যিকগৰাকীয়ে অসম প্রকাশন পৰিষদৰ দ্বাৰা প্রকাশিত ‘মুকুতা’ আলোচনীৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল৷ আজি নৱগ্রহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷
মুখ্যমন্ত্রীৰ শোক
বিশিষ্ট শিশু সাহিত্যিক, সাহিত্যিক পেন্সনাৰ গগন চন্দ্র অধিকাৰীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ আজি এক শোকবার্তাত মুখ্যমন্ত্রী সোণোৱালে কয় যে প্রয়াত গগন চন্দ্র অধিকাৰীয়ে শিশু সাহিত্যৰ জৰিয়তে শিশুসকলৰ মানসিক, বৌদ্ধিক বিকাশৰ দিশত যি অনবদ্য অৰিহণা আগবঢ়াই গ’ল, তাক ৰাজ্যখনৰ জনসাধাৰণে শ্রদ্ধাৰে স্মৰণ কৰিব৷ প্রয়াত অধিকাৰীয়ে শিশু উপযোগী খুহুতীয়া পদ্য, শিশুৰ মনোগ্রাহী কাহিনীকে ধৰি কেইবাখনো শিশুগ্রন্থ ৰচনা কৰি শিশুসকলৰ মনস্তাত্ত্বিক উত্তৰণৰ দিশত বৰঙণি আগবঢ়াই গৈছিল৷ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটাপ্রাপক প্রথমগৰাকী অসমীয়া সাহিত্যিক হিচাপে প্রয়াত অধিকাৰীয়ে শিশু সম্পর্কীয় বিভিন্ন ৰচনাৰ জৰিয়তে শিশু সাহিত্যৰ ভঁৰাল সমৃদ্ধিশালী কৰি থৈ গৈছে৷ মুখ্যমন্ত্রীয়ে প্রয়াত গগন চন্দ্র অধিকাৰীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে৷ আনহাতে, বিশিষ্ট শিশু সাহিত্যিকগৰাকীৰ মৃত্যুত শোক প্রকাশ কৰিছে মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা তথা অসম শিশু সাহিত্য ন্যাসৰ সচিব হূষীকেশ গোস্বামীয়ে৷
সদৌ অসম ছাত্র সন্থাৰ শোক
শিশু সাহিত্যিক গগন চন্দ্র অধিকাৰীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে সদৌ অসম ছাত্র সন্থাই৷ ছাত্র সংগঠনটোৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে শিশু সাহিত্যিকগৰাকীৰ বিয়োগ সাহিত্য ক্ষেত্রখনৰ বৃহৎ ক্ষতি বুলি মন্তব্য কৰে৷ সদৌ গুৱাহাটী ছাত্র সন্থায়ো গগন চন্দ্র অধিকাৰীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে৷
অসম প্রকাশন পৰিষদৰ শোক
বিশিষ্ট সাহিত্যিক গগন চন্দ্র অধিকাৰীৰ মৃত্যুত শোক প্রকাশ কৰিছে অসম প্রকাশন পৰিষদে৷ পৰিষদৰ সচিব প্রমোদ কলিতাই এক শোকবার্তাত কয় যে গগন চন্দ্র অধিকাৰীৰ দৰে এগৰাকী শিশু সাহিত্যিক তথা পৰিষদৰ শুভাকাংক্ষীৰ বিয়োগত পৰিষদ অতিশয় মর্মাহত৷
ৰামপুৰত শোক
জন্মসূত্রে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বাসিন্দা তথা অসমীয়া শিশু সাহিত্যৰ অগ্রণী লেখক গগন চন্দ্র অধিকাৰীৰ বিয়োগত দক্ষিণ কামৰূপৰ আগশাৰীৰ বাতৰিকাকত পৰিৱেশক ৰামপুৰস্থিত কালিকান্ত নিউজ এজেন্সীয়ে গভীৰ শোক প্রকাশ কৰিছে৷ এক শোকবার্তাত এজেন্সীৰ স্বত্বাধিকাৰী বিমল শর্মাই কয় যে অসমৰ শিশু সাহিত্যক শীর্ষস্থানলৈ নিয়া গগন চন্দ্র অধিকাৰীৰ মৃত্যুত অসমৰ লগতে দক্ষিণ কামৰূপে এজন নিষ্ঠাৱান সেৱকক হেৰুৱালে৷
ছয়গাঁৱত শোক
শিশু সাহিত্যিক গগন চন্দ্র অধিকাৰীৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰিছে ছয়গাঁৱৰ সাহিত্যপ্রেমীক৷ আজি সাহিত্যিকগৰাকীৰ মৃত্যুৰ খবৰ পোৱা মাত্রকে ছয়গাঁও শিল্পী সমাজৰ সভাপতি কামেশ্বৰ নাথৰ সভাপতিত্বত এখন শোকসভা অনুষ্ঠিত হয়৷ বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত ছয়গাঁও প্রেছ ক্লাব, ছয়গাঁও সাহিত্য সভা, ছয়গাঁও নাগৰিক সমাজ, ছয়গাঁও লোক–উৎসৱ, ছয়গাঁও শ্রীমন্ত শংকৰদেৱ কলা–কৃষ্টি বিকাশ কেন্দ্রই শোক প্রকাশ কৰে৷