নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষামন্ত্ৰীক সাক্ষাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম. আই. এল.ৰ প্ৰতিনিধিৰ

নিয়মীয়া বাৰ্তা ৩ জুলাইঃ   বৰ্তমান শিক্ষা ব্যৱস্থাত তুলনাত্মক ভাৰতীয় সাহিত্যই বিশেষ গুৰুত্ব লাভ কৰিছে৷ দেশৰ আগশাৰীৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়তো স্নাতকোত্তৰ পৰ্যায়ত এই পাঠ্যক্ৰম চলি আছে৷ সমগ্ৰ ভাৰতবৰ্ষৰ এককীকৰণৰ দিশটোতো তুলনাত্মক সাহিত্যই লৈছে বিশেষ ভূমিকা৷ এনে গুৰুত্বক অনুধাৱন কৰিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ হৈ পাঁচগৰাকী প্ৰতিনিধি ক্ৰমে নৱমল্লিকা ৰাজকুমাৰী, অনামিকা ৰাজবংশী, মিতালী কুমাৰী, তাপস শইকীয়া আৰু চাহিনা খানমে ২ জুলাই তাৰিখে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সাক্ষাৎ কৰে।

শিক্ষামন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি প্ৰতিনিধি দলটোৱে অসমত উচ্চতৰ মাধ্যমিক পৰ্যায়ত তুলনাত্মক ভাৰতীয় সাহিত্য (চি. আই.এল) ৰূপত আৰু এখন বৈকল্পিক কাকত যোগ দিয়া তথা অসমৰ ডিগ্ৰী পৰ্যায়ৰ মহাবিদ্যালয়সমূহত চি.আই. এল. শিক্ষকৰ নিযুক্তি সন্দৰ্ভত আলোচনা কৰে। দলটোৱে সাক্ষাৎকালত শিক্ষামন্ত্ৰীত তুলনাত্মক ভাৰতীয় সাহিত্য বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধীনত হোৱা কেইবাটাও দিশৰ বিশদ বিৱৰণ তথ্য সহকাৰে লিখিত প্ৰস্তাৱ ৰূপে মন্ত্ৰীগৰাকীক প্ৰদান কৰে৷ মন্ত্ৰীগৰাকীয়ে প্ৰতিনিধি দলটোক আগত দিনত তেওঁলোকৰ প্ৰস্তাৱক ৰূপায়ণৰ সম্পূৰ্ণ আশ্বাস প্ৰদান কৰিছে।

You might also like