নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানৱ সভ্যতাৰ উত্তৰণৰ বাবে কাম কৰিব লাগিব শিক্ষানুষ্ঠানসমূহেঃ নগাঁৱৰ জিডিচি কলেজৰ প্রতিষ্ঠা দিৱসত দিগন্ত বিশ্ব শর্মা

বিশেষ বার্তা, ২৪ ছেপ্টেম্বৰঃ এখন শিক্ষানুষ্ঠানে ৩৯ বছৰ অতিক্রম কৰাটো সহজ কথা নহয়৷ ভগৱানৰ আশীর্বাদ অবিহনে এয়া সহজ নহয়৷ জন্মদিনৰ এক তাৎপর্য আছে৷ এই মন্তব্য শ্রীৰামকৃষ্ণ, শ্রীঅৰবিন্দ, স্বামী বিবেকানন্দৰ অনুগামী তথা সাহিত্য অকাডেমি বঁটাপ্রাপক, বিশিষ্ট সাহিত্যিক দিগন্ত বিশ্ব শর্মাৰ ৷ নগাঁৱৰ নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ৩৯সংখ্যক প্রতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয় যে জন্মদিনটো এজন ব্যক্তি বা অনুষ্ঠানৰ বাবে উল্লেখনীয় দিন৷ আমি জন্মদিন নিৰলে–নির্জনে পাতিব লাগে৷ কাৰণ এহ দিনটো মোৰ আৰু মোৰ সৃষ্টিকর্তাৰ সংযোগৰ দিন৷ ঠিক তেনেকৈ অনুষ্ঠানসমূহৰ প্রতিষ্ঠা দিৱসৰো এটা উদ্দেশ্য থাকে৷ শিক্ষানুষ্ঠানসমূহৰ প্রতিষ্ঠাৰ দিনটোৰ এক তাৎপর্য আছে৷ প্রসংগক্রমে শর্মাই কয় যে মহাবিদ্যালয় কেৱল আনুষ্ঠানিক শিক্ষা প্রদান কৰা অনুষ্ঠান নহয়৷ হ সভ্যতাৰ একোটা কেন্দ্র হ’ব লাগিব৷ মানৱ সভ্যতাৰ ডত্তৰণৰ বাবে কাম কৰিব লাগিব৷ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ ‘তোৰে মোৰে আলোকৰ যাত্রা’ শীর্ষক গীতৰ কলি আওৰাই দিয়া ভাষণত সাহিত্যিকগৰাকীয়ে কয় যে আমাৰ ছাত্র–ছাত্রীসকলে আলোকৰ সন্ধান পাব লাগিব৷ কিন্তু আমি ৰাজনীতি, অর্থনীতি আদিক লৈ ব্যস্ত থাকো৷ পোহৰ বিলোৱাৰ কামত ব্যস্ত নহ’লোঁ৷ নিজে আলোকৰ ডৎস হৈ পৰিছেছা৷ এহ সন্ধান মহাবিদ্যালয়সমূহে ছাত্র–ছাত্রীসকলক দিব লাগিব৷ ডপনিষদৰ কাহিনীৰ কথা ডল্লেখ কৰি তেওঁ কয় সৃজনশীল কামত জড়িত হ’লেহে আমি সঠিক পথৰ সন্ধান লাভ কৰিম৷ ডপনিষদৰ নচিকটাৰ কথা ডল্লেখ কৰি শর্মাই কয় যে আমাৰ সকলোৰে অন্তৰত নচিকটা আছে৷ শ্রদ্ধাৰ বলত নচিকটাই অসাধ্য সাধন কৰিব পাৰিছিল৷ শ্রদ্ধা নহ’লে কোনো কামতে সফল হ’ব নোৱাৰি বুলি শর্মাই গুৰুত্বপূর্ণ মন্তব্য কৰে৷ এই দিশসমূহ ছাত্র সমাজে গভীৰভাৱে চিন্তা কৰি নিজৰ জীৱনক সোণোৱালী পথেৰে আগুৱাই নিব লাগিব৷ সমাজে ছাত্র–ছাত্রীসকলক আত্মনির্ভৰশীল হ’বলৈ নিদিয়ে বুলি মন্তব্য কৰি তেওঁ কয়– ছাত্র–ছাত্রীসকল আত্মনির্ভৰশীল হ’ব লাগিব৷ আমাৰ অভিভাৱক, ছাত্র–ছাত্রীসকলৰ এটাই উদ্দেশ্য যে কেৱল চাকৰি বিচৰা৷ চাকৰি প্রার্থী হ’ব বিচাৰে৷ কাম সৃষ্টি কৰিব নিবিচাৰে৷ এই ধাৰণা আমি সলনি কৰিব লাগিব৷ মহাজীৱনৰ সপোন দেখিবৰ বাবে ছাত্র–ছাত্রীসকলক কেইটামান গুণৰ ওপৰত গুৰুত্ব দিবলৈ শর্মাই আহ্বান জনায়৷ সেইকেহটা হ’ল সাহস অধ্যাৱসায়, প্রগতি, শৃংখলাবদ্ধতা, কৃতজ্ঞতাবোধ আদি৷ আজিৰ সভাখনত মুখ্য অতিথি হিচাপে সাহিত্যিকগৰাকীয়ে এক মননশীল ভাষণ দিয়ে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ মৃগাংক শইকীয়াই সভাপতিত্ব কৰা আৰু আদৰণী ভাষণ দিয়া সভাখনত মহাবিদ্যালয়খনৰ প্রাক্তন অধ্যক্ষ গুণধৰ গগৈ, ড০ শিৱৰঞ্জন মহন্ত, উপাধ্যক্ষ মৃদুল কুমাৰ মহন্ত, অৱসৰপ্রাপ্ত ডপাধ্যক্ষ প্রশান্ত কুমাৰ হাজৰিকা আদিয়ে অংশগ্রহণ কৰে৷ অধ্যাপক ড০ প্রফুল্ল শইকীয়াই আঁত ধৰা সভাখনৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰা হয়৷ সভাত মহাবিদ্যালয়খনৰ অৱসৰপ্রাপ্ত অধ্যাপক, কর্মচাৰীক সম্বর্ধনা জনোৱা হয়৷ সভাতেই মহাবিদ্যালয়ৰ প্রকাশ কৰা বুলেটিন উন্মোচন কৰে দিগন্ত বিশ্ব শর্মাই ৷ হয়াৰ আগতে পুৱা পতাকা উত্তোলন, স্মৃতি তর্পণ, প্রাচীৰ পত্রিকা উন্মোচন আদি অনুষ্ঠান হৈ যায়৷ পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি মহেন্দ্র আহোমে৷

You might also like