নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তপ্ত গেলেকীঃ হাতে হাতেদা–কুঠাৰ লৈ নগা দুর্বৃত্তৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা ৯ জুনঃ জাতি–মাটি–ভেটি ৰক্ষাৰ প্রতিশ্রুতিৰে ৰাজ্যৰ ক্ষমতাত অধিষ্ঠিত জাতীয় নায়ক সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক তীব্র প্রত্যাহ্বান জনাই শিৱসাগৰ জিলাৰ অসম–নাগালেণ্ড সীমান্তৱর্তী গেলেকীত যোৱা ২১ মে’ত অসমৰ ৰাজহ ভূমি আৰু গেলেকী সংৰক্ষিত বনাঞ্চলৰ বনভূমি ধবংস কৰি গৃহ নির্মাণ কৰা অসমৰ ৰাজহ ভূমিত বাঁহৰ বেৰিকেড দি অসমীয়াৰ প্রৱেশ নিষিদ্ধ কৰা আৰু ক্ষুদ্র চাহ খেতিয়কৰ চাহ বাগিচা ধবংস কৰি নগাই নিজৰ বীৰত্ব প্রদর্শন কৰাৰ উত্তেজনা মাৰ নৌযাওঁতেই সোমবাৰে দুপৰীয়া হাতে হাতে দা–কুঠাৰ লৈ সীমান্তৰ শিঙিবিল অঞ্চলত প্রৱেশ কৰা সন্দেহজনক নগা দুর্বৃত্তই কেইবাজনো ক্ষুদ্র চাহ খেতিয়কৰ শতাধিক চাহগছ কাটি তহিলং কৰাৰ লগতে কেইবাটাও পাতঘৰ ধবংস কৰে৷ আনহাতে, শিৱসাগৰ জিলা তথা নাজিৰা মহকুমা প্রশাসনে অৱশেষত আংশিক অভিযান চলাই নগাৰ বাঁহৰ গেট ভাঙে যদিও অসমৰ ৰাজহ ভূমিত নগাই নির্মাণ কৰা গৃহ উচ্ছেদ কৰিব নোৱাৰিলে৷ ইফালে, নগা দুর্বৃত্তৰ এই তাণ্ডৱে সীমান্ত অঞ্চলটোত তীব্র উত্তেজনাৰ সৃষ্টি কৰিছে৷ ঘটনা সন্দর্ভত জানিব পৰা মতে, শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম–নাগালেণ্ড সীমান্তৱর্তী গেলেকী শিঙিবিলস্থিত অসম আৰক্ষী বেটেলিয়ন কেম্পৰ পৰা প্রায় আধা কিলোমিটাৰ নিলগত গেলেকী সংৰক্ষিত বনাঞ্চলৰ সংলগ্ণ অসমৰ বৃহৎ ৰাজহ ভূমিত লকডাউনৰ সুযোগ গ্রহণ কৰি নগা বাহিনীয়ে বাঁহৰ গেট দি বেদখল কৰে আৰু পৰৱর্তী পর্যায়ত কেইবাটাও গৃহ নির্মাণ কৰি নগা দুর্বৃত্তই বাহৰ পাতে৷ ইয়াৰ পাছতে নগা বাহিনীয়ে সীমান্ত অঞ্চলটোত অসমৰ অৱশিষ্ট ৰাজহ ভূমি আগ্রাসন আৰু ক্ষুদ্র চাহ খেতিয়কসলৰ চাহ বাগিচা দখলৰ বাবে তাণ্ডৱ অব্যাহত ৰাখে৷ যোৱা ২১ মে’ত এদল নগা দুর্বৃত্তই অসমৰ ভূমিত প্রৱেশ কৰি হাজাৰ হাজাৰ চাহগছ ধবংস কৰি তাণ্ডৱ চলোৱাৰ লগতে অসমৰ প্রশাসনক উক্ত বৃহৎ অঞ্চল নাগালেণ্ড ৰ বুলি দাবী কৰি উক্ত স্থানৰ পৰা খেদি পঠিয়ায়৷ সোমবাৰে দুপৰীয়া সীমান্ত অঞ্চলটোত ক্ষুদ্র চাহ বাগিচা স্থাপনেৰে স্বাৱলম্বী হ’ব বিচৰা স্থানীয় যুৱক ক্রমে প্রশান্ত গগৈ, ৰাজু গগৈ আৰু ফৰিদ আহমেদৰ ক্ষুদ্র চাহ বাগিচাত নাগালেণ্ডৰ য়ংলক বস্তিৰ দিশৰ পৰা হাতে হাতে দা–কুঠাৰ লৈ অহা প্রায় ৪০–৫০ সন্দেহজনক নগা দুর্বৃত্ত প্রৱেশ কৰে৷নগাৰ দলটোৱে কেইবাটাও ভাগত বিভক্ত হৈ বাগিচাকেইখনত প্রৱেশ কৰি ক্ষুদ্র চাহ খেতিয়ককেইজনৰ শতাধিক পূৰঠ চাহগছ কাটি তহিলং কৰে ৷ ইমানতে ক্ষান্ত নাথাকি চাহ বাগিচাৰ পাতগৃহসমূহ ভাঙি লণ্ডলণ্ড কৰে৷ আনহাতে, নগাৰ এই কাণ্ডৰ বিষয়ে জানিব পাৰি নাজিৰা মহকুমাৰ ভাৰপ্রাপ্ত সীমান্ত দণ্ডাধীশ ৰাজীৱ সোণোৱাল আৰু গেলেকী থানাৰ ভাৰপ্রাপ্ত বিষয়া দ্বীপেন্দ্র ছেত্রীৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় যদিও আগ্রাসী নগাবাহিনীক নিয়ন্ত্রণ কৰাত ব্যর্থ হয়৷ অসমৰ দলটোৱে নগা বাহিনীক অসমৰ ভূমিত নির্মাণ কৰা গেট আৰু ঘৰ ভাঙি দিয়াৰ নির্দেশ দিয়ে যদিও নগা বাহিনীয়ে অসম আৰক্ষীৰ দলটোক একপ্রকাৰ প্রত্যাহ্বান জনাই গৃহ নির্মাণকার্য অব্যাহত ৰখাৰ লগতে এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাত অসমৰ দলটোৱে শিঙিবিলস্থিত অসম আৰক্ষী বেটেলিয়ন কেম্পলৈ উভতি আহি নাজিৰাৰ মহকুমাধিপতি সম্প্রীতি গোস্বামী, অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বডা, মহকুমা আৰক্ষী বিষয়া দীপজ্যোতি তালুকদাৰ এক আলোচনাত মিলিত হোৱাৰ পাছতে পুনৰ বৃহৎ আৰক্ষী বাহিনী লৈ নগাৰ বিৰুদ্ধে অভিযান চলাবলৈ অগ্রসৰ হয়৷ কিন্তু ঘটনাস্থলীত থকা নগাই উগ্র মূর্তি ধৰি অসমৰ প্রশাসন আৰু আৰক্ষীৰ দলৰ সন্মুখত ক্ষুদ্র চাহ খেতিয়কক প্রাণেমৰাৰ ভাবুকি দিয়াৰ উপৰি হাতে হাতে দা লৈ তাণ্ডৱ সৃষ্টিৰ চেষ্টা চলায়৷ অৱশেষত অসম আৰক্ষীৰ দলটোৱে নগাই নির্মাণ কৰা বাঁহৰ গেট ভাঙি দিয়ে৷ কিন্তু ৪০–৫০জনীয়া নগাৰ দলটোৰ উগ্রমূর্তি দেখি অসম আৰক্ষীৰ দলটোৱে অসমৰ ৰাজহ ভূমিত নগাই নির্মাণ কৰা গৃহ ভঙাৰ সাহস কৰিব নোৱাৰি উক্ত স্থানৰ পৰা আঁতৰি আহে৷

You might also like