নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেলুৱা নৈত উটি গ’ল বাহনসহ পাঁচ আৰোহী

দুগৰাকীক জীৱন্তে উদ্ধাৰ-নিখোঁজ ৩

নিয়মীয়া বাৰ্তা ২ জুলাইঃ ধেমাজি জিলাৰ চিচিবৰগাঁৱত আজি সংঘটিত হ’ল এক শোকাৱহ পথ দুৰ্ঘটনা।যাৰ পৰিপ্ৰেক্ষিতত শোকাৱহ পথ দুৰ্ঘটনাটোত লখিমপুৰ লীলাবাৰীৰ এটি ৪ জনীয়া পৰিয়াল আৰু এজন চালক নদী খনৰ প্ৰৱল সোঁতত হেৰাই যায়।অৱশ্যে পানীত উটি যোৱা অৱস্থাত দুগৰাকীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ঘটনাৰ বিতং তথ্য অনুসৰি আজি দিনৰ প্ৰায় ১০.৩০ বজাত চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেলুৱা দলঙত আকস্মিকভাৱে লখিমপুৰ লীলাবাৰীৰ পৰা চিলাপথাৰৰ অভিমুখে আহি থকা এখন আই টেন গাড়ী দুৰ্ঘটনাত পতিত হৈ নদীত পৰে। ততালিকে সমীপতে থকা চিচিবৰগাঁৱৰ লীলা বড়া আৰু বগাধৰ দুৱৰাই ঘটনা প্ৰত্যক্ষ কৰি দৌৰি আহি পানী উটি যোৱা অৱস্থাত সৰুমাই কলিতা (৪০) আৰু ববিতা কলিতা (২৪) ক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও পানীৰ গভীৰ সোঁতত এ এচ ০৭ এফ ২১৬৪ নম্বৰৰ আই টেন বাহনসহ অন্য তিনি আৰোহীক্ৰমে টংকেশ্বৰ কলিতা (৫৫), পল্লৱী কলিতা ওৰফে কুঁকি (১৬) আৰু চালক মনোৰঞ্জন মাহাতু ওৰফে শৈলেন (৩৮) নিখোঁজ হৈ পৰে। অতি সংকটজনক অৱস্থাত মাতৃ-কন্যাক চিচিবৰগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, চালকসহ লখিমপুৰ লীলাবাৰী কাচিপথাৰৰ নিৱাসী তথা ১৩ নং এ পি বি এনৰ হাবিলদাৰ টংকেশ্বৰ কলিতা, পত্নী সৰুমাই আৰু দুই কন্যাক্ৰমে পল্লৱী আৰু ববিতা মুঠ পাঁচজন সদস্যই চিলাপথাৰৰ এখন বিৱাহ অনুষ্ঠানলৈ বুলি আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।ফলত গেলুৱা দলঙত উঠিবলৈ লওঁতেই দুৰ্ঘটনাঃ বশত মূল পথেৰে নগৈ দলঙৰ বাঁওপাৰৰ উন্মুক্ত ৰেলিঙেৰে গৈ খৰস্ৰোতা নদীত পৰে।

স্মৰ্তব্য যে, ঘটনাস্থলীত চিলাপথাৰ, ধেমাজি, লখিমপুৰ আৰু ডিব্ৰুগড়ৰ পৰা এছ ডি আৰ এফ, এন ডি আৰ এফ, আৰক্ষী আৰু ডুবাৰু বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে বাহনসহ চালকৰ সৈতে টংকেশ্বৰ কলিতা আৰু তেওঁৰ কণিষ্ঠ কন্যা তথা লীলাবাৰী শংকৰদেৱ শিশু নিকেতনৰ পৰা সদ্যঘোষিত মেট্ৰিক উত্তীৰ্ণ ববিতা আৰু চালকজনৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। জানিব পৰা মতে, উদ্ধাৰ হোৱা ববিতা কলিতা লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী।

You might also like