কে এল অ’ -চৰকাৰৰ শান্তি আলোচনাৰ আহ্বানঃ অভয়াপুৰীত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সভা
নিয়মীয়া বাৰ্তা, ৩ জুনঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাগৃহত আজি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতে পৰিষদৰ সাধাৰণ সদস্য ধৰ্মেন্দ্ৰ ৰায়ৰ আকস্মিক মৃত্যুত সভাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । আজিৰ সভাই কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । বিশেষকৈ কে এল অ’ – চৰকাৰৰ শান্তি আলোচনাৰ আহ্বান জনোৱা হয় । উত্তৰ শালমাৰাত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অস্থায়ী মুখ্য কাৰ্য্যালয়টো ইতিমধ্যে সজাই পৰাই তোলা হৈছে আৰু কাৰ্য্যালয়টো অহা ৩০ জুন তাৰিখে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কাৰ্য্যালয় মুকলি উপলক্ষে অনুষ্ঠিত হবলগীয়া সভাত এক লাখ লোক সমবেত হব বুলি পৰিষদে আশা কৰিছে । কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ সমষ্টি ৪০টালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে এতিয়াৰ ১৭টা বিভাগৰ পৰিৱৰ্তে বিভাগৰ সংখ্যা বৃদ্ধি কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰা হয় । নগৰ চহৰবিলাক ইমানদিনে পৰিষদৰ অন্তৰ্গত নহয়, সেয়ে নগৰ চহৰবিলাকো পৰিষদৰ অন্তভূক্ত কৰিবলৈ চৰকাৰক দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
প্ৰেৰক বিনোদ বিহাৰী নাথ