নিয়মীয়া বাৰ্তা,৭ ফেব্ৰুৱাৰী : ঢকুৱাখনা মহকুমাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৭৩ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ এখনি সতীৰ্থ সন্মিলনৰ আয়োজন কৰিছে।
সেই সময়ত বিদ্যালয় খনত কৰ্মৰত বৰ্তমানে জীৱিত বা প্ৰয়াত সকলো শিক্ষক-কৰ্মচাৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্যে আয়োজন কৰিবলৈ লোৱা সতীৰ্থ সন্মিলনৰ বাবে ইতিমধ্যে ডিম্বেশ্বৰ গগৈক সভাপতি,পৰম শংকৰ দত্তক সম্পাদক হিচাপে লৈ এখন আদৰণী সমিতি গঠন কৰা হয়।
অলপতে বিদ্যালয়ত অনুষ্ঠিত এক সভাত সভাই ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বি-বাৰ্ষিক মুখপত্ৰ ‘বিকাশ”ৰ এটা সংখ্যা প্ৰকাশৰ দায়িত্ব বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১৯৭৩ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ যিসকল ছাত্ৰ-ছাত্ৰী দেশ-বিদেশৰ বিভিন্ন ঠাইত আছে সেইসকল ছাত্ৰ-ছাত্ৰীক সভাপতি ডিম্বেশ্বৰ গগৈক ৯৯৫৪৭-৩৩০৫৫ আৰু সম্পাদক পৰম শংকৰ দত্তক ৯৪৩৫৮-৫৯০৭৭ নম্বৰত যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে আদৰণী সমিতিয়ে ৷
প্ৰেৰক পুলকজ্যোতি বৰা