নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰম বন্ধৰ মাজতে ঘিলামৰাত ব্যতিক্ৰমী পৰিৱেশ

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ ৰাজ্যৰ বিদ্যালয়সমূহত এতিয়া গৰম বন্ধ চলি আছে। কিন্তু গৰম বন্ধৰ মাজতো একাংশ চৰকাৰী বিদ্যালয়ত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী পৰিৱেশ৷ গৰম বন্ধৰ মাজতেই ঘিলামৰাৰ কান্ত খনিকৰ হাইস্কুলত দেখা গৈছে এক ব্যতিক্ৰমী পৰিৱেশ। কোনোৱে যদি গীত জুৰিছে কোনোৱে আকৌ ছবি আঁকিছে।আন কোনোবাই আকৌ সততে পোৱা পেলনীয়া সামগ্ৰীসমূহ পেলাই নিদি বা আবৰ্জনা হিচাপে ব্যৱহাৰ নকৰি সেইসমূহেৰে বিভিন্ন সৃজনশীল সামগ্ৰী নিৰ্মাণৰ কৌশল। ম’বাইল আৰু ইন্টাৰনেটৰ জগতখনৰ আঁতৰি বিদ্যালয়ৰখনৰ শিক্ষাৰ্থীসকল এতিয়া ব্যস্ত সৃষ্টিশীল কৰ্মত।উল্লেখ্য যে গৰম বন্ধৰ দিন কেইটা অথলে যাবলৈ নিদি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে গ্ৰহণ কৰিছে এক বিশেষ কাৰ্যসূচীৰ। শিক্ষাৰ্থীৰ মানসিক, শাৰীৰিক, বৌদ্ধিক আৰু আত্মিক বিকাশৰ মানসেৰে আয়োজন কৰিছে গ্ৰীষ্মকালীন বিশেষ পাঠশালাৰ। পুৱা ৮.৩০ বজাতে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত আহি উপস্থিত হয়হি। সকলোৰে মনত এক বুজাব নোৱাৰা উছাহ। শিক্ষক শিল্পী শিখা মহন্ত আৰু সমীৰ হাজৰিকাৰ তত্বাৱধানত ছাত্ৰ-ছাত্ৰীসকলে ছবি আঁকিছে। পেলনীয়া বস্তুৰ পৰা প্ৰস্তুত কৰিছে বিভিন্ন সামগ্ৰী আৰু ক’লাজ। প্ৰকৃতিৰ লগত একাত্ম হৈ গছ পাতৰ সহায়ত অংকন কৰি গৈছে ৰং বিৰিঙৰ বিভিন্ন চিত্ৰ। ইফালে শিক্ষয়িত্ৰী দীপামণি হাজৰিকা তত্বাৱধানত শিক্ষাৰ্থীসকলে একেলগে গীত আওৰাই সাধু কথাৰ মাধ্যমেৰে শিকি গৈছে জীৱন উদযাপনৰ বিভিন্ন নীতি আৰু কৌশল। আনহাতে বিভিন্ন ধৰণৰ কলা প্ৰদৰ্শন আৰু শিক্ষণ সামগ্ৰীৰ দ্বাৰা আনন্দদায়ক শিক্ষাৰ যোগেদি শিক্ষাদান কৰিলে শিক্ষাৰ্থীয়ে কিদৰে সহজে আয়ত্ব কৰিব পাৰে লগতে নিজৰ মনটোকো বিশাল কৰিব পাৰে সেয়া অভিভাৱক সকলৰ সন্মুখত তাকো প্ৰদৰ্শন কৰিছে বিদ্যালয়ৰ শিক্ষকসকলে। মোবাইল ফোন, ইণ্টাৰনেটৰ পৃথিৱীখনৰ পৰা কিছু সময় আঁতৰাই কণ কণ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত সুনিপুণকৈ গঢ়াৰ স্বাৰ্থত ঘিলামৰাৰ কান্ত খনিকৰ হাইস্কুল কৰ্তৃপক্ষৰ এই পদক্ষেপৰ শলাগ লৈছে অভিভাৱকসকলৰ লগতে সচেতন ৰাইজে

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like