নিয়মীয়া বাৰ্তা ১০ জুনঃ ঘিলামৰা নৰ্থ বেঙ্ক কলেজত কোৱাৰেন্টাইনত শিবিৰত থকা অৱস্থাত চতুৰ্থ জন যুৱকৰ দেহত ক’ৰোনা ভাইৰাছ সংক্ৰমণ ধৰা পৰা পিছত এই কেন্দ্ৰত এতিয়ালৈকে ক’ভিদ-১৯ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা চতুৰ্থ জনলৈ বৃদ্ধি পোৱাত অঞ্চলটিত চাঞ্চ্যলই বিৰাজ কৰিছে । আজি বিয়লি প্ৰকাশ পোৱা তথ্য অনুসৰি আক্ৰান্ত যুৱক জনৰ ঘৰ ঢকুৱাখনা মহকুমাৰ বনদেনা অঞ্চলৰ – নামপল দলে (২৪)(মাৰফৎ- বিনোদ দলে)’বুলি জানিব পৰা গৈছে । আক্ৰান্ত যুৱক জন পুনেত শ্ৰমিক হিচাপে কৰ্মৰ আছিল ।
ইফালে আক্ৰান্ত যুৱক জন যোৱা ২৬ মেত নিশা ঘিলামৰা এই কোৱাৰেন্টাইন কেন্দ্ৰত আবাসী হিচাপে আছিল আৰু ৭ জুনত কৰা স্বাস্থ্য পৰীক্ষা প্ৰতিবেদন আজি প্ৰকাশ পোৱাৰ লগে লগে আক্ৰান্ত যুৱক জনক উন্নত চিকিৎসাৰ বাবে লখিমপুৰৰ তেলাহী ক’ভিদ কেয়াৰ কেন্দ্ৰ লৈ স্থানান্তৰিত কৰা হৈছে বুলি স্থানীয় প্ৰশাসনে সাংবাদিক জানিবলৈ দিছে ।
আনহাতে এই কোৱাৰেন্টাইন কেন্দ্ৰত অদ্যাপি ১২জন বহিঃৰাজ পৰা অহা যুৱক কোৱাৰেন্টাইন হৈ আছে ।