নিয়মীয়া বাৰ্তা ৬জুনঃ আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফলে ঘিলামৰা সাত খন বিদ্যালয়ৰলৈ সামগ্ৰীক ভাৱে গৌৰৱ কঢ়িয়াই আনিছে ।ঘিলামৰা উচ্চতম মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক তথা বিদ্যালয়ৰ খনৰ অধ্যক্ষা কবিতা হাজৰিকা ই সাংবাদিক জনাবলৈ দিয়া অনুসৰি ঘিলামৰা এই পৰীক্ষা কেন্দ্ৰৰ পৰা অৱতীৰ্ণ হোৱা ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১১৭জন পৰীক্ষাৰ্থীৰ ভিতৰত ১০৩ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় আৰু বিদ্যালয়ৰ খনৰ সামগ্ৰীক উত্তীৰ্ণ হাৰ ৮৮.০৩। ইয়াৰে ৩৩ গৰাকীয়ে প্ৰথম স্থান ৪১ গৰাকীয়ে দ্বিতীয় স্থান আৰু ২৯ গৰাকীয়ে তৃতীয় স্থান লাভ কৰিছে আৰু ৯ গৰাকীয়ে ডিষ্টিংচন আৰু ৭ জন ছাত্ৰ-ছাত্ৰী ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।ঠিক তেনেকৈ ধেনুখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ৪৫ গৰাকী উত্তীৰ্ণ হয় আৰু প্ৰথম স্থানত ১১ গৰাকী, দিত্বীয় স্থানত ১৪, তৃতীয় স্থানত ২০ জনে স্থান লাভ কৰে । ইয়ৰে এজন শিক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । বিদ্যালয়ৰ খনৰ উত্তীৰ্ণ হাৰ ৯০শতাংশ । ঘিলামৰা পাব্লিক হাইস্কুলৰ পৰা ৯ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ২ জনে দ্বিতীয় আৰু ৭জনে তৃতীয় স্থান লাভ কৰে । কান্ত খনিকৰ হাইস্কুলৰ পৰা প্ৰথম স্থান লাভ কৰে ৬ গৰাকীয়ে দ্বিতীয় স্থানত ৬ জন আৰু তৃতীয় স্থান লাভ ৮ জন পৰীক্ষাৰ্থীয়ে। বিদ্যালয়ৰ খনৰ উত্তীৰ্ণ হাৰ ৬৮.৯৬ শতাংশ ।ঘিলামৰা নগৰ হাইস্কুলৰ পৰা প্ৰথম স্থান লাভ কৰে ১৫জনে দ্বিতীয় স্থানত ২৬ গৰাকী ,তৃতীয় স্থান লাভ ২৬জন পৰীক্ষাথীয়ে। ইয়াৰে ডিষ্টিংচন ১জন আৰু ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৪গৰাকীয়ে। বিদ্যালয়ৰ খনৰ উত্তীৰ্ণ হাৰ ৬৩.২০ শতাংশ । ন-পুখুৰী হাইস্কুলৰ পৰা ১৩গৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৫ গৰাকীয়ে তৃতীয় স্থান লাভ কৰিছে আৰু বিদ্যালয়ৰ খনৰ উত্তীৰ্ণ হাৰ ৩৩-৪৬ শতাংশ । ইফালে ক্ৰমাগত আঠ বছৰে এশ শতাংশ কৃতকাৰ্যতা লাভ শংকৰদেৱ শিশু নিকেতন,ঘিলামৰাৰ ৩৭ গৰাকী ছাত্ৰ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচন আৰু ৪ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । এই নিকেতন পৰা ২১ গৰাকীয়ে প্ৰথম স্থান ১৩ গৰাকীয়ে দ্বিতীয় স্থান আৰু ৩ গৰাকীয়ে তৃতীয় স্থান লাভ কৰিছে । বিদ্যালয়খনৰ উত্তীৰ্ণ হাৰ এশ শতাংশ । ইফালে ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অন্তৰ্ভুক্তি ধৰণেৰে হাইস্কূলৰ শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ঘিলামৰা জাতীয় বিদ্যালয় এই বছৰত মুঠ ১২ জন শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ১২ গৰাকীয়ে উত্তীৰ্ণ হয় । ইয়াৰে এগৰাকীয়ে ডিষ্টিংচন আৰু এগৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । বিদ্যালয়ৰ খনৰ পৰা ৫গৰাকী শিক্ষাৰ্থীয়েপ্ৰথম স্থান ৩জনে দ্বিতীয় স্থান আৰু তৃতীয় স্থান লাভ কৰিছে ৪গৰাকী ছাত্ৰ -ছাত্ৰীয়ে। বিদ্যালয়ৰ খনৰ উত্তীৰ্ণ হাৰ এশ শতাংশ।
আনহাতে ঘিলামৰা শংকৰদেৱ নিকেতনৰ তিনিজন শিক্ষাৰ্থীয়ে উচ্চ গণিতত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । প্ৰধান আচাৰ্য্য গোবিন চূতীয়াই সাংবাদিক আগত প্ৰকাশ কৰা অনুসৰি নিকেতন শিক্ষাৰ্থী অংকিতা বৰ গোঁহাই, আশীষ ৰঞ্জন শইকীয়া আৰু বহ্নিমান দত্তই উচ্ছ গণিতত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে নিকেতন শিক্ষাৰ্থী পনশ্ৰী শইকীয়াই অসমীয়া বিষয়ত ৯৯ নম্বৰ লাভ কৰি বিদ্যালয় খন লৈ গৌৰৱ কঢ়িয়াই আনিছে ।