নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামাৰাত একাদশ শ্ৰেণী ছাত্ৰৰ পুখুৰী পানীত পৰি মৃত্যু 

নিয়মীয়া বাৰ্তা  ৩১মেঃ ঘিলামৰাস্থ সোৱনশিৰি ৰাজহ চক্ৰৰ , ঘিলামৰা আৰক্ষী  থানা অন্তৰ্গত   দেবলীযা গাওঁ পঞ্চায়তৰ  দেৱলীযা গাঁৱৰ এজন  যুৱ ছাত্ৰ পানীত পৰি মৃত্যু হোৱাত  ঘিলামাৰা চাঞ্চ্যলই বিৰাজ কৰিছে ।

খবৰ অনুসৰি  দেৱলীয়া গাঁৱৰ অতুল দত্ত ৰ ১৭ বছৰীয়া একাদশ শ্ৰেণীত পঢ়ি থকা পূত্ৰ শিৱ দত্ত ই পুৱা ৯ মান বজাত নিজ গৃহৰ সমীপত থকা বাঁহ নি ডৰাত বাঁহ কাটিবলৈ যোৱৰে পৰা  বহু  সময় লৈকে ঘুৰি নহাত পৰিয়ালৰ লোকে  বিচাৰি থকা সময়তে  বাঁহনি ডৰাৰ কাষতে থকা  নিজৰে এটা দ পুখুৰীৰ পৰা স্থানীয় ৰাইজে ছাত্ৰ জনক উদ্ধাৰ কৰে।  লগে লগেই স্থানীয় ৰাইজে পৰিয়ালৰ সহযোগিতাত নিথৰ ছাত্ৰ  জনক ঘিলামৰা সামূহিক চিকিৎসালয়লৈ  লৈ যায়  আৰু  চিকিৎসকে পৰীক্ষা কৰি  ইতিমধ্যে মৃত্যু হোৱা বুলি সদৰী কৰে।  স্থানীয় ৰাইজে বাঁহ কাটি থাকোতে অসাবধান বশতঃ যুৱক জন দ পুখুৰীত পৰি যায় আৰু সাঁতুৰিব নজনা বাবে  দুৰ্ভাগ্যজনক ভাৱে মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে ।

আনহাতে মৃতদেহ টি মৰণোত্তৰ পৰীক্ষা বাবে লখিমপুৰ  অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । ইফালে গাওঁ খনৰ সকলোৰে প্ৰিয় ভাজন অমায়িক স্বভাৱৰ শান্ত  যুৱ  ছাত্ৰ জনৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোক ছাঁ পৰিছে আৰু  শোকাকুল অৱস্থাত থকা পৰিয়ালৰ বগলৈ গাওঁ খনৰ যুৱক সংঘ-, গাওঁ ৰক্ষী বাহিনী ৰ  লগতে ভালে সংখ্যক ব্যক্তিয়ে   সমবেদনা জ্ঞাপন কৰে ।

You might also like