নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিৰ আজব কাণ্ড : ৭০ হাজাৰ পৰিয়ালৰ মূৰত অতিৰিক্ত কৰৰ বোজা

বিশেষ বার্তা, ১৫ মেঃ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই সম্পত্তি কৰ আদায়ৰ ক্ষেত্রত লোৱা কাণ্ডজ্ঞানহীন পদক্ষেপক লৈ ক্ষুব্ধ হৈ পৰিছে মহানগৰবাসী৷ কোনো জাননী নিদিয়াকৈ ২০০৮ চনৰ পূর্বে জৰীপ কৰা ঘৰৰ সম্পত্তি কৰ বৃদ্ধি কৰি অতিৰিক্ত কৰৰ বোজা জাপি দিছে প্রায় ৭০ হাজাৰ পৰিয়ালক৷ ২০০৮ চনত গুৱাহাটী পৌৰ নিগমে নির্ধাৰণ কৰা সম্পত্তি কৰ এতিয়াৰে পৰা এই ৭০ হাজাৰ পৰিয়ালে আদায় দিব লাগিব৷ প্রায় পোন্ধৰ বছৰৰ পিছত হঠাৎ গুৱাহাটী পৌৰ নিগমে এই সিদ্ধান্ত লোৱাত দিশহাৰা হৈ পৰিছে কৰদাতাসকল৷ পৌৰ নিগম কর্তৃপক্ষই নিয়মীয়াকৈ সম্পত্তি কৰ আদায় দিয়া কৰদাতাসকলৰ অজ্ঞাতে অতিৰিক্ত কৰৰ বোজা জাপি দি মে’ মাহৰ ভিতৰত কৰ আদায় দিয়াসকলক ১০ শতাংশ ৰেহাই দিয়াৰ সুযোগ প্রদান কৰিছে৷ এই বিষয়টো সন্দর্ভত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই টুইট কৰাৰ পিছতে সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ড০ ভট্টাচার্যই টুইটটোত উল্লেখ কৰা অনুসৰি ‘গুৱাহাটী পৌৰ নিগমে ইয়াৰ অন্তর্গত এলেকাসমূহত সম্পত্তি কৰ চাৰিগুণ বৃদ্ধি কৰিছে৷ এই বৃদ্ধি ২০০৮ চনৰ পূর্বে জৰীপ হোৱা ঘৰসমূহৰ ক্ষেত্রত প্রযোজ্য৷ ই দুর্ঘোৰ অন্যায়৷ ক’ভিড পৰিস্থিতিত জুৰুলা জনসাধাৰণক দামবৃদ্ধি আৰু এনে উপর্যুপৰি কৰৰ বোজাই দিশহাৰা কৰিছে৷’ এই টুইটটো সন্দর্ভত মেয়ৰ মৃগেন শৰণীয়াই কয় যে গুৱাহাটী পৌৰ নিগমে চাৰিগুণ সম্পত্তি কৰ বৃদ্ধি কৰা নাই৷ গুৱাহাটীত প্রায় ৩.৫ লাখ হল্ডিং নম্বৰ আছে৷ ইয়াৰ ভিতৰত প্রায় ২ লাখ পৰিয়ালে ২০০৮ চনত গুৱাহাটী পৌৰ নিগমে নির্ধাৰণ কৰা কৰ আদায় দি আহিছে৷ প্রায় ৭০ হাজাৰ পৰিয়ালে১৯৯৩–৯৪ চনত পৌৰ নিগমে নির্ধাৰণ কৰা সম্পত্তি কৰ আদায় দি আহিছে৷ প্রায় ৬০ হাজাৰ পৰিয়ালে বিগত বছৰ ধৰি কোনো ধৰণৰ সম্পত্তি কৰ আদায় দিয়া নাই৷ ১৯৯৩–৯৪ চনত নির্ধাৰিত সম্পত্তি কৰ আদায় দি অহা ৭০ হাজাৰ পৰিয়ালক এইবাৰৰ পৰা ২০০৮ চনত গুৱাহাটী পৌৰ নিগমে নির্ধাৰণ কৰা সম্পত্তি কৰৰ তালিকাত অন্তর্ভুক্ত কৰা হৈছে৷ সেয়েহে পূর্বৰ তুলনাত এই পৰিয়ালসমূহৰ সম্পত্তি কৰ বৃদ্ধি পাইছে৷ ইফালে, পৌৰ আয়ুক্ত মেঘনিধি দাহালে সমগ্র বিষয়টো সন্দর্ভত কয় যে গুৱাহাটী পৌৰ নিগমে সম্পত্তি কৰ বৃদ্ধি কৰা নাই৷ ২০০৮ চনত নির্ধাৰণ কৰা সম্পত্তি কৰৰ তালিকাতহে এই ৭০ হাজাৰ পৰিয়ালক অন্তর্ভুক্ত কৰা হৈছে৷ ‘নিয়মীয়া বার্তা’ৰে হোৱা বার্তালাপত পৌৰ আয়ুক্তগৰাকীয়ে এইক্ষেত্রত কোনোধৰণৰ জাননী এই পৰিয়ালসমূহলৈ জাৰি কৰা নাছিল বুলি জানিবলৈ দিয়ে৷ যিহেতু ২০০৮ চনত গুৱাহাটী পৌৰ নিগমে সম্পত্তি কৰ বৃদ্ধি কৰিছিল, গতিকে ২০০৯ চনৰ পৰাই এই ৭০ হাজাৰ পৰিয়ালৰ ক্ষেত্রতো ২০০৮ চনত নির্ধাৰিত কৰা সম্পত্তি কৰ আদায় দিব লাগিছিল৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবেই বৃহৎ পৰিমাণৰ সম্পত্তি কৰ নিগমে লাভ কৰা নাছিল বুলি স্বীকাৰ কৰি এই সিদ্ধাত লোৱা বুলি পৌৰ আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে৷ অৱশ্যে পৌৰ নিগমে লোৱা এই সিদ্ধান্তৰ বিষয়ে অভিযোগ আহিলে এই সন্দর্ভত বিবেচনা কৰা হ’ব বুলিও পৌৰ আয়ুক্তগৰাকীয়ে তাৎপর্যপূর্ণ মন্তব্য কৰে৷ ইফালে, জাননী জাৰি নকৰাকৈ পৌৰ নিগম কর্তৃপক্ষই অতিৰিক্ত কৰৰ বোজা জাপি দিব বিচৰা বিষয়টোত ৰাজ্য চৰকাৰে কি সিদ্ধান্ত লয়, সেয়া সময়তহে লক্ষণীয় হ’ব৷

You might also like