নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিএইচত প্রদান এক লাখ পালি ক’ভিড–১৯ৰ ভেকচিন

নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ত প্রদান কৰা হৈছে এক লাখ পালি ক’ভিড ভেকচিন৷ দেওবাৰে এক লাখ পালি ক’ভিড ভেকচিন প্রদান সম্পন্ন হয় হাস্পতালখনত৷ মণিপুৰী জয় ব্লেছিঙত প্রদান কৰা হয় এক লাখ নম্বৰ ক’ভিড ভেকচিনৰ ড’জ৷ এই সন্দর্ভত  প্রতিক্রিয়া প্রকাশ কৰি গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত কুমাৰ বৈশ্যই চিকিৎসক, নার্ছ, স্বাস্থ্যকর্মীকে ধৰি ভেকচিন প্রদান প্রক্রিয়াত জড়িত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইয়াৰ লগতে সকলোকে মাস্ক পৰিধান কৰাৰ লগতে ক’ভিড প্র’টকল মানি চলিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে ক’ভিড এতিয়াও সমাজৰ পৰা আঁতৰি যোৱা নাই৷ সেয়েহে ভেকচিন ল’লেও সকলোৱে ক’ভিড প্রট’কল মানি চলিব লাগে৷

ইফালে, জি এম চি এইচৰ অধ্যক্ষ অভিজিৎ শর্মাই চিকিৎসালয়খনত এক লাখ ড’জ ক’ভিড ভেকচিন সম্পূর্ণ হোৱা উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু স্বাস্থ্যমন্ত্রী কেশৱ মহন্তক কৃতজ্ঞতা জ্ঞাপন কৰে৷ একে সময়তে তেওঁ কয় যে হাস্পতালখনত ক’ভিডৰ প্রথম পালি আৰু দুয়োটা পালি ভেকচিন গ্রহণৰ সংখ্যা প্রায় সমান৷ আনহাতে, দেওবাৰে ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১২৯জন লোক৷ আক্রান্ত লোকসকলৰ ভিতৰত সর্বাধিক ৫১জন কামৰূপ মহানগৰ জিলাৰ৷ দেওবাৰে ক’ভিড আক্রান্তৰ হাৰ ০.৬৩ শতাংশ৷ ক’ভিডত আক্রান্ত হৈ দেওবাৰে মৃত্যু ঘটিছে দুজন লোকৰ৷ সমান্তৰালভাৱে ক’ভিডৰ পৰা আজি সুস্থ হৈছে ২৪৩জন লোক৷ সম্প্রতি বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন ক’ভিড ৰোগীৰ সংখ্যা হৈছে ১,৮০৯জন৷

You might also like