নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মেডিকেল কলেজত প্লাজমা বেংক আৰম্ভ ৰক্তদান

কৰিলে ডাঃ লিথিকেশে স্বাস্থ্যমন্ত্রীৰ কৃতজ্ঞতা

নিয়মীয়া বাৰ্তা ৪ জুলাইঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্থাপন কৰা প্লাজমা বেংকৰ শুকুৰবাৰে শুভাৰম্ভ কৰা হয়৷ এই প্লাজমা বেংকত প্রথম ৰক্তদান কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্রথমগৰাকী ক’ৰোনা আক্রান্ত চিকিৎসক লিথিকেশে৷ উল্লেখ্য যে জটিল ক’ৰোনা ৰোগীক চিকিৎসাৰ ক্ষেত্রত প্লাজমা থেৰাপী অত্যন্ত উপযোগী চিকিৎসা পদ্ধতি হিচাপে ইতিমধ্যে পৰিগণিত হৈছে৷ ক’ৰোনাত আক্রান্ত হৈ সুস্থ হোৱা লোকৰ পৰা সংগৃহীত প্লাজমা নতুন ক’ৰোনা ৰোগীক প্রদান কৰি আৰোগ্য কৰিব পাৰি৷ সেই উদ্দেশ্যে জি এম চি এইচত প্লাজমা বেংক স্থাপন কৰা হয়৷ উক্ত বেংকত ৰক্তদান কৰা প্রথমগৰাকী ব্যক্তি ডাঃ লিথিকেশক স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ধন্যবাদ জ্ঞাপন কৰি ক’ভিড–১৯ত আক্রান্ত হৈ ইতিমধ্যে আৰোগ্য লাভ কৰাৰ পিছত অন্য ৰোগীকো সুস্থ হোৱাত সহায় কৰাৰ অর্থে নিজৰ প্লাজমা দান কৰা ডাঃ লিথিকেশৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে৷ তেওঁ লগতে ক’ভিড–১৯ত আক্রান্ত হৈ আৰোগ্য লাভ কৰা সকলো ব্যক্তিকে এইদৰে প্লাজমা দানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ আনহাতে শুকুৰবাৰে দিনৰ ভাগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ ক’ভিড ৰোগীৰ চিকিৎসাকে ধৰি সকলো সেৱাৰ বুজ লয় ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই৷ সংবাদ মাধ্যমৰ আগত মন্ত্রী হাজৰিকাই কয় যে অহা তিনি দিনৰ ভিতৰত গুৱাহাটী মহানগৰীত ক’ভিড ৰোগী ৰখাৰ বাবে ৩,৫০০ বিছনা সাজু হৈ উঠিব৷ আৰক্ষীৰ চিকিৎসালয়তো ক’ভিড হাস্পতাল স্থাপন হ’ব৷ নার্ছিং হোমসমূহতো অচিৰেই ক’ভিড ৰোগীৰ চিকিৎসা আৰম্ভ হ’ব৷ এই সম্পর্কত স্বাস্থ্যমন্ত্রী ড০ শর্মাই নার্ছিং হোম কর্তৃপক্ষৰে আলোচনাত মিলিত হৈছে৷ তেওঁ লগতে কয় যে গুৱাহাটী মহানগৰীৰ পাণ্ডু, মালিগাঁও, শান্তিপুৰ, ভৰলু, ফটাশিল আমবাৰী, বিষ্ণুপুৰ স্পর্শকাতৰ অঞ্চল হিচাপে চিহ্ণিত হৈছে৷

You might also like