নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত ভয়ংকৰ দুর্ঘটনাত শিশুসহ পাঁচজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তর্গত বলবলাৰ গধাৰবড়ীৰ ১৭ ৰাষ্ট্রীয় ঘাইপথত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত এক ভয়ংকৰ পথ দুর্ঘটনাত একেটা পৰিয়ালৰ দুই শিশুসহ ৫জনকৈ লোকৰ মৃত্যু হোৱা খবৰে অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰে৷ জানিব পৰা মতে, কৃষাহৰ পৰা (এ এছ–০১ ডি হড–১৪২৬) হয়ন গাড়ীৰে গোৱালপাৰালৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এ এছ–২৩ এম–৬৫০১ নম্বৰৰ ডিজেয়াৰ গাড়ীৰ সৈতে হোৱা মুখামুখি সংঘর্ষত হয়নত থকা পাঁচগৰাকী যাত্রীৰ থিতাতে মৃত্যু হয়৷ মৃত আটাহকেজনৰে ঘৰ কৃষাহৰ বিদ্যাপাৰাত৷ নিহতকেহজনৰ নাম নাজমা খাতুন, চবুৰা খাতুন, ৰহিম আলী, জুয়েল আৰু চুৱেল৷

আনহাতে, আনোৱাৰ আলী, হিৰণ্য ডেকা, সমীৰ চৌধুৰী দুর্ঘটনাটোত আহত হয় বুলি জানিব পৰা গৈছে৷ হফালে দুর্ঘটনা সংঘটিত হোৱাৰ বহু পলমকৈ আৰক্ষী তথা এম্বুলেঞ্চ উপস্থিত হোৱাত ৰাইজ উত্তেজিত হৈ পৰে৷ উত্তেজিত ৰাহজে এখন এম্বুলেঞ্চৰ কিছু ক্ষতি কৰে৷ ইফালে এটা পৰিয়ালৰ ৫জনকৈ লোক নিহত হোৱাত শোকৰ ছাঁ পৰিছে সমগ্র কৃষাহ অঞ্চলত৷ নিহতসকলক ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা আছাম চিকিৎসালয়লৈ প্রেৰণ কৰিছে আৰক্ষীয়ে৷
ডবকাৰ মদাৰতলীত ভয়ংকৰ পথ দুর্ঘটনা, নিহত দুই
মদাৰতলীৰ চাৰিলেনযুক্ত ২৭নং ৰাষ্ট্রীয় ঘাহপথত মটৰচাহকেলে মহটিয়াহ নিলে দুহ পথচাৰীক৷ দুর্ঘটনাৰ ফলত এজন পথচাৰী আৰু এজন মটৰচাহকেল আৰোহী থিতাতে নিহত হয়৷ আন দুজন গুৰুতৰভাৱে আহত হয়৷ মৃত ব্যক্তি দুজন হ’ল পথচাৰী লালু সিং আৰু বাহক আৰোহী আবুল হুছেইন৷ আহত দুজনৰ এজন হৈছে সঞ্জীৱ প্রসাদ আৰু আনজন এতিয়ালৈকে চিনাক্ত হোৱা নাহ৷ নিহত লালু সিং আৰু আহত সঞ্জীৱ প্রসাদ মদাৰতলীস্থিত পার্ফেক্ট এলহজ এণ্ড ষ্টীল কোম্পানীৰ কর্মচাৰী৷ বাকী দুজনৰ ঘৰ ডবকাৰ চাংমাজিত৷ আবুল হুছেহন আৰু তেওঁৰ সহযোগীজনে গ্লেমাৰ মটৰচাহকেলেৰে ডবকাৰ পৰা চাংমাজি অভিমুখে গৈ থকা অৱস্থাত মদাৰতলীত বাহকৰ নিয়ন্ত্রণ হেৰুৱাহ বজাৰ কৰি গৈ থকা অৱস্থাত ষ্টীল কোম্পানীৰ কর্মচাৰী দুজনক খুন্দা মাৰি মহটিয়াহ নিয়ে আৰু দুর্ঘটনাত পতিত হয়৷ খবৰ পোৱা মাত্রকেহ ঘটনাস্থলীত ডবকা আৰক্ষী ডপস্থিত হৈ আহত দুয়োকে ডদ্ধাৰ কৰি ডবকা ৩০খন বিছনাযুক্ত চিকিৎসালয়লৈ প্রেৰণ কৰে আৰু নিহত দুয়োকে ডদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷ দুর্ঘটনা সংগঠিত কৰা মটৰচাহকেলখনৰ নম্বৰ–এ এছ–০২ ইউ–১০৮৩৷

You might also like