নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাবাচ বন বিভাগ লক্ষীপুৰত ৫ বন্যহস্তীক জীৱনদান

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ গোৱালপাৰাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনৰ বান্দৰমাথাৰ চৈবাৰীৰ দ’ পুখুৰীত পাঁচটা বন্যহস্তীয়ে জীৱন–মৰণৰ সৈতে চটফটাই থকাৰ দৃশ্যই হূদয় চুই গ’ল প্রতিজন লোকৰ৷ বহু উৎকণ্ঠাৰ অন্তত জীৱন্তে উদ্ধাৰ কৰা হয় বন্যহস্তীকেইটা৷ জানিব পৰা মতে, যোৱানিশা প্রায় ১২ বজাত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ জাকৰ এটা পোৱালিসহ ৫টা হাতী চৈবাৰীৰ বান্দৰমাথাৰ তৈল খেজুৰৰ পামৰ কাষতে থকা পৰিত্যক্ত দ’ পুখুৰী এটাত পৰি যায়৷ নিশা বন্যহস্তীকেইটাৰ মৰণকাতৰ চিঞৰ শুনি অঞ্চলটোৰ ৰাইজ চিন্তিত হৈ পৰে৷ পাছত বন বিভাগক খবৰ দিয়াত নিশা ঘোৰ আন্ধাৰ তথা বন্যহস্তীৰ বৃহৎ জাকটো চৌদিশে থকা বাবে বনকর্মী তথা ৰাইজে পুখুৰীটোৰ ওচৰ চাপিব নোৱাৰিলে৷

বৃহস্পতিবাৰে পুৱা লক্ষীপুৰ বন বিভাগ তথা লক্ষীপুৰৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বন্যহস্তীকেইটাক উদ্ধাৰৰ ব্যৱস্থা কৰে৷ ২খন এক্সকেভেটৰেৰে প্রথমে পুখুৰীটোৰ পাৰ খান্দি দিয়ে যদিও বন্যহস্তীকেইটা বহু চেষ্টা কৰিও ওপৰলৈ উঠিব নোৱাৰিলে৷ অৱশেষত পুখুৰীৰ পাৰ বহু দ’কৈ খান্দি দিয়াত পাৰলৈ উঠিবলৈ সক্ষম হয়৷ প্রায় ১০ ঘণ্টাজুৰি জীৱন–মৰণৰে যুঁজ দি কথমপি প্রাণৰক্ষা পৰে বন্যহস্তীকেইটাৰ৷ দিনৰ ভাগত বন্যহস্তীকেইটাৰ কৰুণ চিঞৰে ঘটনাস্থলীত উপস্থিত থকা প্রতিজন লোককে চুকলো টুকিবলৈ বাধ্য কৰায়৷

You might also like