বাৰ্তা ব্যুৰ, ২৫ জুলাই : গোৱালপাৰাৰ আগিয়া থানাৰ অন্তৰ্গত শোলমাৰীৰ কল্যাণপুৰত চুৰিৰ সন্দেহত এজন লোকক নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে যোৱানিশা চুৰি কৰাৰ সন্দেহত ছেংছাং মাৰাক নামৰ লোক এজনক স্থানীয় ৰাইজে ধৰি বৈদ্যুতিক খুটিৰ লগত বান্ধি নিশাৰে পৰা পুৱালৈকে নিৰ্যাতন চলাইছিল। পত্নীৰ ভাষ্য অনুসৰি নিশা দোকানত চাধা কিনিবলৈ যোৱাৰ সময়তে কল্যাণপুৰৰ একাংশ লোকে চুৰি কৰাৰ সন্দেহত লোকজনক বৈদ্যুতিক খুটিৰ লগত বান্ধি অমানুসিক অত্যাচাৰ চলায়। মানৱৰূপী দানৱ কেইজনমানে ছেংছাং মাৰাকক চোকা অস্ত্ৰৰে গাত আঘাত কৰি নিমখ ছটিয়াই দিয়ে। ফলত ৰাইজৰ গণ প্ৰহাৰত নিহত হয় ছেংছাং মাৰাক। নিশাৰে পৰা পুৱালৈকে অত্যাচাৰ চলাইছিল যদিও আৰক্ষীয়ে কোনোধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই গণপ্ৰহাৰত প্ৰাণ যায় ছেংছাং মাৰাকৰ। শোলমাৰীত আৰক্ষী গিজগিজাই থকা সত্বেও মাত্ৰ এক কিলোমিটাৰ নিলগত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নিশাৰে পৰা পুৱালৈকে অমানুসিক অত্যাচাৰ চলোৱাৰ ঘটনা আগিয়া আৰক্ষীয়ে খবৰ নোপোৱাটো স্মাৰ্ট আৰক্ষীৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে। ইফালে অভিযোগ উঠা মতে নিশাই আৰক্ষীক খবৰ দিয়া স্বত্তেও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱা নাছিল । আগিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনিময় তামুলীৰ অকৰ্মন্যতাৰ বাবেই এনে মৰ্মান্তিক ঘটনা সংঘটিত হবলৈ পালে বুলি অভিযোগ উঠিছে। ইফালে ইফালে দুৰ্ভগীয়া লোকজনৰ পত্নীৰ সন্মুখতে মানৱ ৰূপী দানৱসকলে লোকজনক চোকা অস্ত্ৰৰে আঘাত কৰি নিমখ চটিয়াই হত্যা কৰি পিছত পানীৰে ধুই পেলাই থৈ যায়। পিছত পুৱা ১০ মান বজাত আৰক্ষীয়ে লোক জনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উক্ত ঘটনাৰ বিষয়ে অৱগত হৈ আৰক্ষী অধীক্ষক ভিভি ৰাকেশ ৰেড্ডীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি উক্ত ঘটনাৰ লগত জৰিত লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান আৰম্ভ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে আজি পুৱাৰ ভাগত আমি খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছো। ৰাইজে মৰিয়াই মৰিয়াই এজন লোকক হত্যা কৰা ঘটনাটো মানি লোৱা নাযায়। আমি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আছো। ইপিনে আৰক্ষীৰ অভিযানৰ বিষয়ে অৱগত হৈ কল্যানপুৰ গাঁৱৰ লোকসকলে পলায়ন কৰা বুলি জানিব পৰা গৈছে। স্থানীয় একাংশ মহিলাই জনোৱা মতে নিশা ছেংছাং মাৰাকে কল্যানপুৰ গাঁৱৰ এটা ট্ৰাকত বেটাৰী চুৰি কৰাৰ চেষ্টা চলাই থকাৰ সময়ত ট্ৰাকত থকা হেণ্ডিমেনে তেওক ধৰি ৰাইজক গতাই দিয়ে। ৰাইজে ওৰে নিশা অত্যাচাৰ চলোৱাত মৃত্যু হয় ছেংছাং মাৰাকৰ। স্থানীয় ৰাইজে ছেংছাং মাৰাকক খুটিত বান্ধি থৈ চোকা অস্ত্ৰৰে অমানুসিক অত্যাচাৰ কৰাৰ ভিডিঅ ইতিমধ্যে মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে। ইফালে এই নাৰকীয় ঘটনাৰ লগত জড়িত থকা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছে যদিও কোনো এগৰাকী অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
প্ৰেৰক উদিত নাৰায়ণ কলিতা