নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত মহাত্মা গান্ধীৰ প্রতিমূর্তিত আক্রমণ দুর্বৃত্তৰ

🔹 আৰক্ষীৰ চি চি টিভি কেমেৰা বিকলক লৈ প্রতিক্রিয়া

বার্তা ব্যুৰ’,  ৩০ নৱেম্বৰ : গোৱালপাৰা চহৰৰ বিঅ’চি পইণ্টত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্রতিমূৰ্তিত দুর্বৃত্তই পুনৰ নিশা চলায় তাণ্ডৱ ৷ এবছৰ পূর্বে দুর্বৃত্তই প্রতিমূৰ্তিটোৰ হাত ভাঙি তাণ্ডৱ চলোৱাৰ পাছত পুনৰ যোৱানিশা সংঘটিত হয় অনুৰূপ ঘটনা৷ যোৱানিশা কোনো দুষ্কৃতিকাৰীয়ে মূর্তিটোৰ সোঁহাত আৰু লাখুটিডাল ভাঙি চূর্ণ-বিচূর্ণ কৰি থৈ যায় ৷ আজি পুৱা প্রাতঃভ্রমণলৈ অহা লোকে প্রতিমূর্তিটোৰ ক্ষত-বিক্ষত ৰূপ দেখি হতবাক হৈ পৰে৷ পাছত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ শীর্ষ বিষয়া উপস্থিত হৈ সমগ্র ঘটনাৰ তদন্ত আৰম্ভ কৰে৷ ইফালে, পুৱাই খবৰ লাভ কৰি জিলা আয়ুক্ত খনীন্দ্র চৌধুৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্রতিমূৰ্তিটো পৰিদর্শন কৰি ঘটনাটোক তীব্র ভাষাৰে গৰিহণা দি আৰক্ষীক দুর্বৃত্তক শীঘ্রে কৰায়ত্ত কৰি ব্যৱস্থা গ্রহণৰ বাবে নির্দেশ দিয়ে৷ ইফালে, দ্বিতীয়বাৰৰ বাবে সংঘটিত এই ঘটনাই মর্মাহত কৰি তুলিছে গোৱালপাৰাবাসীক৷ কোনে কি কাৰণে মহামানৱ মহাত্মা গান্ধীৰ প্রতিমূৰ্তিত বাৰে বাৰে তাণ্ডৱ চলাই আহিছে, উচিত তদন্তৰ জৰিয়তে আৰক্ষীক ব্যৱস্থা গ্রহণৰ দাবী উত্থাপন কৰিছে৷ তদুপৰি গোৱালপাৰা আৰক্ষীৰ নিৰাপত্তাৰ নামত চলা ভেঙুচালিক লৈও বিভিন্ন প্রশ্ণৰ উদয় হৈছে সর্বত্রে ৷ কিয়নো প্রতিমূৰ্তিটোৰ নিচেই কাষতে আছে আৰক্ষীৰ ট্ৰেফিক কণ্ট্ৰল ৰুম এটা ৷ দিনে-নিশাই আৰক্ষী-নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা পুলিচ কণ্ট্ৰল ৰুমত আৰক্ষীৰ ৩টাকৈ চি চি টিভি কেমেৰা সংস্থাপন কৰা আছিল৷ কিন্তু দীর্ঘদিনৰ পৰা বিকল হৈ আছে চি চি টিভি কেমেৰাকেইটা৷  তাৰে সুযোগ গ্রহণ কৰি দুর্বৃত্তই বাৰে বাৰে তাণ্ডৱ চলাই আহিছে প্রতিমূর্তিটোৰ ওপৰত৷ গোৱালপাৰা চহৰৰ অতি গুৰুত্বপূর্ণ বিঅ’চি পইণ্টত আৰক্ষীৰ চৰম দায়িত্বজ্ঞানহীন কর্মকাণ্ডই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে সচেতন মহলত ৷ বাৰে বাৰে এইদৰে গান্ধীক চূড়ান্ত অপমান কৰাৰ পিছত আৰক্ষী তথা প্রশাসনে কি ভূমিকা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

 

প্ৰেৰক উদিত নাৰায়ণ কলিতা

You might also like