নিয়মীয়া বাৰ্তা ১৩ জুনঃ ধর্ষণকাৰীক কঠোৰ শাস্তিৰ দাবীত শুকুৰবাৰে গহপুৰত আছু, সদৌ অসম মিচিং ছাত্র সন্থা, এম এম কে, আটছা, আছা,অনুসূচিত জাতি ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিয়দকে ধৰি ৭ সংগঠনে প্রতিবাদ সাব্যস্ত কৰে৷ ধর্ষণকাৰীক ফাষ্ট ট্ৰেক আদালতৰ জড়িয়তে উচিত শাস্তি প্রদানৰ বাবে গহপুৰ চহৰত সংগঠনকেইটাই ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে প্রতিবাদী সমদল, মানৱ শৃংখলৰ জৰিয়তে বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰে৷
উল্লেখ্য যে যোৱা ২৮ ফেব্রুৱাৰীৰ নিশা গহপুৰ থানাৰ অন্তর্গত ৰজাবাৰীৰ ১ নং চকলাত সংঘটিত হৈছিল এক নাৰকীয় ঘটনা৷ ৯টাকৈ নৰপিশাচে একেখন গাঁৱৰে এগৰাকী ১২ বছৰীয়া কিশোৰীক প্রথমে অপহৰণ, দলবদ্ধ ধর্ষণ আৰু তাৰ পিছত হত্যা কৰি গছত ওলমাই থৈছিল৷ এই ঘটনাই সমগ্র দেশ জোকাৰি গৈছিল৷ কিশোৰীগৰাকীক অপহৰণ কৰা নৰপিশাচকেইটাই কাষৰে এখন হাবিৰ মাজত উপযুপৰি ধর্ষণ কৰি হত্যা কৰে৷ ঘটনাটো গাপ দিবলৈ নৰপিশাচকেইটাই হাবিৰ গছত মৃতদেহ ওলমাই ৰাখি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল৷ এই ঘটনাৰ লগত জড়িত ৯ অপৰাধীক ৰাইজৰ সহযোগত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল৷ এই ঘটনাৰ তিনি মাহ নৌহওঁতে অভিযুক্তই জামিন লাভ কৰাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷