নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱজাতক–প্রসূতিৰ জীৱনক লৈ হেতালি খেলিছে গোলাঘাটনার্ছিং হোমে

পুনৰ ক’ভিড নীতিক অংগুষ্ঠ

নিয়মীয়া বাৰ্তা ২০ জুনঃ গোলাঘাটৰ ক’ভিড হটস্পট ৰূপে খ্যাত গোলাঘাট নার্ছিং হোম কর্তৃপক্ষৰ প্রতিদিনেই অবিবেচক কাণ্ডই মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে গোলাঘাট জিলা প্রশাসনৰ৷ ক’ভিড–১৯ নীতিক অংগুষ্ঠ প্রদর্শন কৰি এটাৰ পাছত আন এটা ঘটনা সংঘটিত কৰি উলংঘা কৰি আহিছে নার্ছিং হোমখনে৷ দুগৰাকী চৰকাৰী টেকনিচিয়ানক নিজৰ ব্যক্তিগত চিকিৎসালয়ত নিয়োজিত কৰি চাৰিগৰাকী নার্ছসহ আন এগৰাকীৰ শৰীৰত মাৰাত্মক ক’ৰোনা ভাইৰাছ সংক্রমণ হোৱাৰ পাছত গোলাঘাট নার্ছিং হোমৰ আন এটা অবিবেচক কাণ্ডই গোলাঘাট জিলাবাসীক অধিক আতংকিত কৰি তুলিছে৷ প্রাপ্ত অভিযোগ অনুসৰি, গোলাঘাট জিলা প্রশাসনে গোলাঘাট নার্ছিং হোমখন ‘ৰেষ্ট্রিক্টেড জ’ন’ হিচাপে ঘোষণা কৰি চিকিৎসালয়খনলৈ অহা–যোৱা সম্পূর্ণৰূপে বন্ধ কৰি দিয়াৰ মাজতে নার্ছিং হোমখনত চিকিৎসাধীন অৱস্থাত থকা প্রসূতি মাতৃ গোলাঘাটৰ জাহ্ণৱী গগৈ আৰু নৱজাতকৰ জীৱনক লৈ নার্ছিং হোম কর্তৃপক্ষই হেতালি খেলিছে৷ জানিব পৰা মতে ‘ৰেষ্ট্রিক্টেড জ’ন’ৰ কবলত থকা অৱস্থাত চিকিৎসালয়খনৰ জিলা প্রশাসনৰ মুৰব্বী তথা জিলা উপায়ুক্তক অৱগত নকৰাকৈ কোনো প্রশাসনিক সিদ্ধান্ত নিজাকৈ গ্রহণ কৰিব নোৱাৰে যদিও যোৱা ১৮ জুনৰ নিশা প্রশাসনক সম্পূর্ণ আন্ধাৰত ৰাখি গোলাঘাট নার্ছিং হোম কর্তৃপক্ষই উক্ত প্রসূতি আৰু নৱজাতকক ততাতৈয়াকৈ ‘ৰিলিজ’ দি কার্যতঃ চিকিৎসালয়খনৰ পৰা উলিয়াই পঠিয়ায়৷ মাত্র ৫ দিন পূর্বে অস্ত্রোপচাৰ হোৱা প্রসূতিগৰাকীয়ে অক্সিজেনৰ অভাৱত ভোগা নৱজাতকটিক বুকুত সাবটি দৌৰাদৌৰিকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ লগে লগে চিকিৎসালয়ত সন্তানটিসহ নিজে ভর্তি হয়গৈ বুলি জানিব পৰা গৈছে৷ গোলাঘাট নার্ছিং হোমখনত চিকিৎসাধীন এগৰাকী প্রসূতি মাতৃ আৰু তেওঁৰ ৫ দিনীয়া নৱজাতকৰ প্রতি গোলাঘাট নার্ছিং হোমে কৰা এনে অমানৱীয় কার্যৰে দেখদেখকৈ নৱজাতক শিশুটিক মৃত্যুমুখলৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপন হৈছে৷ নৱজাতকসহ প্রসূতিক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ প্রসূতি আৰু শিশু কক্ষত ভর্তি কৰোৱাৰ পাছতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ৷ ক’ৰোনাৰ হটস্পট হিচাপে খ্যাত গোলাঘাট নার্ছিং হোমখনৰ পৰা ৰোগী আহি চৰকাৰী চিকিৎসালয়খনত ভর্তি হোৱাত আন ৰোগী আৰু আত্মীয়সকলৰ মাজত আতংকৰ সৃষ্টি হোৱাটো স্বাভাৱিক৷ অসামৰিক চিকিৎসালয়খনত পূর্বে চিকিৎসাধীন হৈ থকা আন ৰোগীসকল নিশাৰ ভাগত নির্দিষ্ট কক্ষৰ পৰা বাহিৰলৈ ওলাই অহাত এক অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয় ফলত গোলাঘাট জিলা দণ্ডাধীশসহ আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি মোকাবিলা কৰিব লগা হয়৷ পিছত অসামৰিক চিকিৎসালয়খনৰ কর্তৃপক্ষই নৱজাতক আৰু প্রসূতিগৰাকীক আছুতীয়া এটা কক্ষত ভর্তি কৰোৱাৰ পাছতহে পৰিস্থিতি শাম কাটে৷

ইফালে, এই ঘটনা সম্পর্কত গোলাঘাট জিলা উপায়ুক্তই দণ্ডাধীশ পর্যায়ৰ তদন্তৰ নির্দেশ দিছে৷ সেই অনুসৰি উক্ত নার্ছিং হোমখনৰ বিৰুদ্ধে জিলা উপায়ুক্ত বিভাস চন্দ্র মোদীয়ে বর্তমানলৈকে পৃথকে পৃথকে তিনিখনকৈ তদন্তৰ নির্দেশ জাৰি কৰি সহকাৰী আয়ুক্ত পাপু গগৈ আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক দায়িত্ব অর্পণ কৰিছে৷ আনহাতে, এই সন্দর্ভত আজি সন্মিলিত নাগৰিক মঞ্চই গোলাঘাট নার্ছিং হোমৰ স্বত্বাধিকাৰী ডাঃ চন্দন বৰঠাকুৰ আৰু কর্তৃপক্ষৰ বিৰুদ্ধে গোলাঘাট সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷ সন্মিলিত নাগৰিক মঞ্চৰ সভাপতি দ্বীপেন দত্ত, কার্যকৰী সভাপতি দেৱজিৎ ফুকন, জ্যেষ্ঠ উপ–সভাপতি পূর্ণ ৰাজখোৱা আৰু প্রধান সম্পাদক দিগন্ত কুমাৰ ভূঞাই দাখিল কৰা এজাহাৰযোগে সমগ্র বিশ্বত অব্যাহত থকা ক’ৰোনা ত্রাসৰ সময়তে গোলাঘাট নগৰৰ ব্যক্তিগত খণ্ডৰ উক্ত চিকিৎসালয়খনে কৰা অবিবেচকী কাণ্ডৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণৰ আবেদন জনাইছে৷ এই সন্দর্ভত অসমৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কৃষিমন্ত্রী অতুল বৰালৈ স্মাৰক–পত্র প্রেৰণ কৰাৰ লগতে গোলাঘাট জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আদিকো লিখিতভাৱে মঞ্চই বিষয়টো অৱগত কৰিছে৷ ইতিমধ্যে গোলাঘাট নাগৰিক মঞ্চই দাখিল কৰা এজাহাৰৰ ভিত্তিত গোলাঘাট নার্ছিং হোমৰ বিৰুদ্ধে সদৰ আৰক্ষী থানাত গোচৰ পঞ্জীয়ন হৈছে৷ উল্লেখ্য যে ক’ভিড–১৯ৰ ছোৱাব সংগ্রহত নিয়োজিত তথা স্বাস্থ্য বিভাগৰ বিধি অনুসৰি গোলাঘাট নগৰৰ দৈয়াং হোটেলত কোৱাৰেণ্টাইনত থকা জিলা স্বাস্থ্য বিভাগৰ লেব’ৰেটৰী টেকনিচিয়ান ঋতুৰাজ টাৰ আৰু প্রাঞ্জল বৰাক গোলাঘাট নার্ছিং হোমৰ স্বত্বাধিকাৰী তথা কর্তৃপক্ষই জিলা প্রশাসনক অজ্ঞাতে ৰাখি সম্পূর্ণ গোপনে নিজৰ নার্ছিং হোমৰ লেব’ৰেটৰীত নিশাৰ ভাগত ৰোগীৰ তেজ পৰীক্ষাকে ধৰি লেব’ৰেটৰীৰ বিভিন্ন কামত নিয়োজিত কৰিছিল৷ কোৱাৰেণ্টাইনত থকা উক্ত লেব’ৰেটৰী টেকনিচিয়ান দুজনৰ দেহত ক’ভিড–১৯ পজিটিভ ধৰা পৰাৰ পাছত নার্ছিং হোমখনৰ ৪গৰাকী নার্ছকে ধৰি মুঠ ৫জনৰ দেহত ক’ভিড–১৯ পজিটিভ ধৰা পৰিছে৷ গোলাঘাট নার্ছিং হোমে এনে কার্যৰ দ্বাৰা চৰকাৰী সকলো নীতি–নির্দেশনা ভংগ কৰাৰ লগতে ক’ভিড–১৯ সংক্রমণত অৰিহণা যোগাই মানুহৰ জীৱনক লৈ হেতালি খেলা বুলি অভিযোগ উঠিছে৷

You might also like