নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্ৰদেশত অনুষ্ঠিত ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত সোণৰ পদক

🔹 উজলিল চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ যতীন নাথ

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১৯ বছৰ অনূৰ্ধ্বৰ ল’ৰা শাখাৰ যোগাসন প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি সোণৰ পদকেৰে উজলিবলৈ সক্ষম হয় মৰিগাঁও জিলাৰ চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ যতীন নাথ ৷ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ নেহৰু নগৰৰ দুৰ্গাৱতী হেমৰাজ চাহ সৰস্বতী বিদ্যা মন্দিৰত ২ অক্টোবৰৰ পৰা ৬ অক্টোবৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰ তথা বৃহত্তৰ চৰাইবাহী অঞ্চলৰ পূব বৰভগীয়া গাঁৱৰ দুলাল নাথ আৰু মণিকা দেৱীৰ পুত্ৰ যতীন নাথে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি যোগাসন প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়। উল্লেখ যে বিদ্যা ভাৰতীৰ শিশু শিক্ষা সমিতি, অসমৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ পৰা অসমৰ হৈ ১৭গৰাকী ছাত্ৰ আৰু ১৫গৰাকী ছাত্ৰী মুঠ ৩২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও মৰিগাঁও জিলাৰ চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰ যতীন নাথে প্ৰথম স্থান লাভ কৰি অসম তথা মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয়।

প্ৰেৰক মানস নাথ

You might also like