নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত ভুৱা ভিজিলেঞ্চৰ দল আটক

বিশেষ বাৰ্তা, ১০ জুন : চৰাইদেউ জিলাৰ সদৰ সোণাৰিত আজি ভুৱা ভিজিলেন্সৰ দল এটা আটক হয়। ঘটনাৰ বিৱৰণী মতে আজি দিনৰ প্ৰায় দুই বজাত এখন নম্বৰপ্লেট বিহীন স্ক’ৰপিঅ বাহনত অহা পাঁচ গৰাকী যুৱকে চৰাইদেউ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ লগতে যান বাহন পৰিদৰ্শকগৰাকীক ভিজিলেন্সৰ মানুহ বুলি পৰিচয় দিয়ে। পৰৱৰ্তী সময়ত বিভিন্ন কামত নিয়োজিত কাৰ্যালয়টোৰ কৰ্মচাৰীসকলক দাবী ধমকি দি বিভিন্ন নথি পত্ৰ লণ্ড-ভণ্ড কৰি এক হুলস্থুলীয়া পৰিস্থিতি সৃষ্টি কৰে। পৰৱৰ্তী সময়ত কাৰ্যালয়টোৰ কৰ্মচাৰীয়ে দলটোৰ কাম কাজত সন্দেহ প্ৰকাশ কৰি সোণাৰি আৰক্ষীক এই বিষয়ে খবৰ দিয়ে। সোণাৰি আৰক্ষীৰ দল এটা ততালিকে কাৰ্যালয়টোত উপস্থিত হৈ পাঁচো গৰাকীকে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ আনি সোধপোচ কৰাত দলটো ভুৱা ভিজিলেন্সৰ দল বুলি নিশ্চিত হয়। সম্প্ৰতি সোণাৰি আৰক্ষীৰ জিন্মাত থকা দলটো তিনিচুকীয়া চহৰৰ বেংপুখুৰীৰ আলটাব হুচেইন, কৰপতীয়া নামঘৰৰ সঞ্জু দাস, মিছন পাৰাৰ ৰূপম চৌধুৰী, নেপালী মন্দিৰৰ মহচিন আলি আৰু হিজুগুৰীৰ আলটাফ হুচেইন বুলি পৰিচয় জানিব পৰা গৈছে। আৰক্ষীয়ে দলটো অহা নম্বৰ প্লেটবিহীন গাড়ীখনৰ পৰা অখ্যাত সাংবাদ প্ৰতিষ্ঠানৰ ল’গ, বিভিন্ন পৰিচয় পত্ৰ সহ কিছু পৰিমাণে চোকা অস্ত্ৰ উদ্ধাৰ কৰে। এই সন্দৰ্ভত জিলা পৰিবহন বিষয়াই সোণাৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। ইফালে আৰক্ষীয়ে আটকাধীন দলটোক সোধপোচ অব্যাহত ৰাখিছে।
প্ৰেৰক : দীপাংকৰ পাল।

You might also like