নিয়মীয়া বাৰ্তা ১ মেঃ চোৰাং সোণ–নগদ ধনসহ অসম আৰক্ষীৰ এজন নিলম্বিত সহকাৰী উপ–পৰিদর্শক আৰু তেওঁৰ কনিষ্টবল ভাতৃ গ্রেপ্তাৰ হোৱাৰ পিছতে নতুন ৰহস্যৰ সৃষ্টি হৈছে৷ কিয়নো ধৃত শ্রৱণ কুমাৰ ঝা নামৰ ৰে’ল আৰক্ষীৰ সহকাৰী উপ–পৰিদর্শকজন ইয়াৰ পূর্বেও চোৰাং সোণ হৰলুকীৰ গোচৰত গ্রেপ্তাৰ হৈছিল৷ সমগ্র ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছিল টাস্ক ফ’চ৷ কিন্তু অনুসন্ধানৰ সময়ত তেওঁৰ বৃহৎ সাম্রাজ্যৰ তথ্য উদ্ধাৰ হোৱাটো বাদেই আৰক্ষীয়ে শ্রৱণ ঝাৰ কু–কর্মৰ সহযোগীৰ সন্ধানো উলিয়াব পৰা নাছিল৷ ঝাৰ বাসগৃহত চলোৱা অভিযানতো কোনো সফলতা লাভ কৰিব পৰা নাছিল আৰক্ষীয়ে৷ কিন্তু কাৰাগাৰৰ পৰা মুকলি হৈ আহিয়ে শ্রৱণ ঝাই লকডাউনৰ সুযোগ লৈ নিজৰ গোপন কৰি ৰখা বৃহৎ সাম্রাজ্য পুনৰ উদ্ধাৰত নামি পৰে৷ কালি নিশা ৰে’ল আৰক্ষীৰ নিলম্বিত সহকাৰী উপ–পৰিদর্শক শ্রৱণ কুমাৰ ঝা আৰু পাণবজাৰ থানাৰ যান–বাহন শাখাত কর্মৰত তেওঁৰ ভাতৃ সঞ্জয় ঝাই লালগণেশৰ পৰা চোৰাং সোণ আৰু বৃহৎ পৰিমাণৰ নগদ ধন সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীৰ জালত পৰে৷ এখন ছুপাৰ স্প্লেণ্ডাৰ বাইকত তেওঁলোকে কঢ়িয়াই আনিছিল ১০খন সোণৰ বিস্কুট, তিনিযোৰ সোণৰ খাৰু, এডাল নেকলেছ আৰু নগদ ২২ লাখ টকা৷ ৫০০ টকীয়া নোটৰ ৪৩টা বাণ্ডিল আৰু ২০০০ টকীয়া নোটৰ এটা বাণ্ডিলত থকা নগদ ধনখিনিৰ লগতে সোণখিনিৰো কোনো নির্ভৰযোগ্য উৎস অৱগত কৰিব নোৱাৰিলে ঝা ভাতৃদ্বয়ে, যাৰ বাবে ফটাশিল আৰক্ষীয়ে শ্রৱণ ঝা আৰু সঞ্জয় ঝাক গ্রেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ১৮৮ আৰু ৩৯২ ধাৰাৰ অধীনত ১৬৯/২০নং গোচৰ ৰুজু কৰে৷
আৰক্ষীৰ জেৰাত ঝা ভাতৃদ্বয়ে স্বীকাৰ কৰে যে তেওঁলোকে লালগণেশৰ উপেন্দ্র যাদৱ নামৰ লোক এজনৰ ঘৰৰ পৰা সোণ আৰু ধনখিনি কঢ়িয়াই আনিছিল৷ আৰক্ষীয়ে সন্দেহ কৰা মতে, চোৰাং সোণ সৰবৰাহৰ লগত জড়িত শ্রৱণ ঝাই তেওঁৰ এই অবৈধ সম্পত্তি লুকুৱাই ৰাখিছিল৷ ইয়াৰ পূর্বে ঝাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছতো এই বৃহৎ সাম্রাজ্যৰ সম্ভেদ উলিয়াব পৰা নাছিল৷ উল্লেখ্য যে যোৱা ১৭ জানুৱাৰীত ৰে’ল আৰক্ষীয়ে প্রায় ৪৫ লাখ টকাৰ সোণ জব্দ কৰিছিল৷ কিন্তু জব্দ হোৱা সোণৰ পৰা প্রায় ১ কিলোগ্রাম সোণ অন্তর্ধান হোৱাৰ পিছতে আৰক্ষীৰ মাজত হুৱাদুৱা লাগে৷ এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা টাস্ক ফ’চৰ অনুসন্ধানত ওলাই পৰে যে সৰিয়হৰ ডুলিতে আচল ভূত লুকাই আছে৷ সুৰেশ কুমাৰ নামৰ ফৰিদাবাদৰ এজন লোকে ১৭ জানুৱাৰীৰ দিনা ৰাজধানী এক্সপ্রেছত এই সোণখিনি কঢ়িয়াই আনিছিল৷ সেই সময়তে জি আৰ পিৰ এটা অভিযানকাৰী দলে সুৰেশ কুমাৰৰ পৰা সোণখিনি জব্দ কৰি পুনৰ সুৰেশ কুমাৰক ৰাজধানী এক্সপ্রেছযোগে গন্তব্যস্থানলৈ প্রেৰণ কৰে৷ লগতে সমগ্র ঘটনা সন্দর্ভত গোচৰ ৰুজু কৰাৰ পৰাও বিৰত থাকে৷ পৰৱর্তী ৩০ জানুৱাৰীত সুৰেশ কুমাৰ গুৱাহাটী ৰে’লৱে ষ্টেচনত উপস্থিত হৈ জি আৰ পিৰ অভিযানকাৰী দলটোৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিত ৰুজু কৰা হয় ২৪/২০২০ নম্বৰৰ এটা গোচৰ৷ গোচৰৰ তদন্তত ওলাই পৰে যে ১৭ জানুৱাৰীৰ নিশা সোণ জব্দ কৰা অভিযানৰ নেতৃত্ব দিছিল শ্রৱণ ঝা আৰু তেওঁৰ কেইজনমান সহযোগীয়ে৷ সুৰেশ কুমাৰে শ্রৱণ ঝাক চিনাক্ত কৰাৰ লগতে সহযোগীসকলেও স্বীকাৰোক্তি দিয়ে যে সোণ হৰলুকীৰ সকলো চক্রান্ত ঝাই ৰচনা কৰিছিল৷ তাৰ পিছতে পল্টনবজাৰ ৰে’ল আৰক্ষীয়ে শ্রৱণ ঝাক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰে৷ অৱশ্যে অভিযুক্ত ঝাৰ বাসগৃহত নিয়মমাফিক অভিযান চলোৱাৰ পিছতে টাস্ক ফ’চৰ অনুসন্ধানৰো সামৰণি পৰে৷
গুৰুত্বপূর্ণ কথাটো হ’ল জানুৱাৰী মাহতে অভিযোগ উত্থাপন হৈছিল যে শ্রৱণ ঝাই চোৰাং সোণৰ এখন বৃহৎ সাম্রাজ্য গঢ়ি তুলিছে আৰু বিহাৰতো আছে তেওঁৰ অপৰিসীম ধন–সম্পত্তি৷ কিন্তু সেই অভিযোগকো গাপ দি ৰখা হ’ল৷ এতিয়া জে’লৰ পৰা মুকলি হৈ অহাৰ পিছত পুনৰ ধন–সোণ আৰু ভাতৃসহ নিলম্বিত আৰক্ষী বিষয়াজন গ্রেপ্তাৰ হোৱাৰ পিছত একেবোৰ প্রশ্ণই উত্থাপন হৈছে৷ ধৃত শ্রৱণ কুমাৰ ঝাৰ আয়ৰ লগত সামঞ্জস্যহীন সম্পত্তি সন্দর্ভত কিয় তদন্ত কৰা নহ’ল, কিয় তেওঁ লুকাই ৰখা সম্পত্তি উদ্ধাৰত গুৰুত্ব দিয়া নহ’ল, সেয়াও এক গভীৰ ৰহস্যৰ বিষয় হিচাপে বিবেচিত হৈছে৷ তাতোকৈ গুৰুত্বপূর্ণ কথাটো হ’ল, এনে এগৰাকী দাগী বিষয়াই বছৰ বছৰ ধৰি পল্টনবজাৰ ৰে’ল আৰক্ষী থানাত কার্যনির্বাহ কৰি থকাৰ পিছতো কাহানিও বদলিৰ সন্মুখীন হোৱা নাছিল৷ অনা–সমীয়া শীর্ষ আৰক্ষী বিষয়াৰ নাম লৈ তেওঁ ৰে’ল আৰক্ষীত অব্যাহত ৰাখিছিল দপ্দপনি৷ কোন শীর্ষ বিষয়াই গুৱাহাটী ৰে’লৱে ষ্টেচনত শ্রৱণ ঝাক নিয়োজিত কৰি লুণ্ঠনৰ বাট প্রশস্ত কৰি দিছিল, সেয়াও এক লাখটকীয়া প্রশ্ণ হৈ পৰিছে৷