গহপুৰৰ পূৰ্বজ্যোতি কৃষিপাম নিগমৰ সোণালী জয়ন্তীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
বিষ্ণু বৰা ক্ষেত্ৰৰ পৰা বিপুল কুমাৰ দিহিঙীয়া, ৫ এপ্ৰিলঃ ১৯৭৩ চনৰ ১৭ জানুৱাৰীৰ সেই ঐতিহাসিক দিনতে গঢ় লৈ উঠিছিল পূৰ্বজ্যোতি কৃষিপাম নিগম। অসমৰ ভিন্ন প্ৰান্তৰ ভূমিহীনসকলৰ জীৱন-জীৱিকাৰ অৰ্থে অসমৰ মুঠ ১১ স্থানত পৃথকে পৃথকে গঢ় লৈ উঠিছিল কৃষিপাম নিগম। বিশেষকৈ চৰকাৰীভাৱে প্ৰতিষ্ঠা লাভ কৰা পূৰ্বজ্যোতি কৃষিপাম নিগমে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰাৰ এই শুভ ক্ষণত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কালিৰ পৰা মহোৎসৱৰ আয়োজন কৰা হয়। আজি মহোৎসৱৰ দ্বিতীয় দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি পূৰ্বজ্যোতি কৃষিপাম নিগমবাসীক উদ্দেশ্যি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। দিনৰ ১১.১৫ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাখনি আদৰণী সমিতিৰ সভাপতি টংকেশ্বৰ নেওগৰ সভাপতিত্ব অনুষ্ঠিত হয়। জ্যোৎস্না বৰাই আঁতধৰা মুকলি সভাত আদৰণী ভাষণ প্ৰসংগত স্থানীয় বিধায়ক তথা মহোৎসৱৰ মুখ্য পৃষ্ঠপোষক উৎপল বৰাই পূৰ্বজ্যোতি কৃষিপাম নিগমৰ দীৰ্ঘদিনীয়া সমস্যা সন্দৰ্ভত ভাষণত মুখ্যমন্ত্ৰীক অৱগত কৰে। তেওঁ ভাষণ প্ৰসংগত প্ৰগতিশীল চিন্তাধাৰাৰ একক আৰু অনন্য মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ কেতবোৰ গঠনমূলক আৰু বাৰ্তাবাহক কাৰ্যপন্থা সম্পৰ্কে উপস্থিত ৰাইজক অৱগত কৰাৰ লগতে অসমক দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ সমূহৰ বিষয়ে উল্লেখ কৰে। অন্যহাতে পাহাৰীয়া খৰস্ৰোতা চেঁচা নৈয়ে বিধ্বস্ত কৰা পূৰ্বজ্যোতি কৃষিপাম নিগমৰ লগতে গহপুুুৰ মহকুমাৰ উত্তৰাঞ্চলৰ বৃহৎ এলেকাৰ কৃষক ৰাইজক উদ্ধাৰৰ বাবে মথাউৰি নিৰ্মাণ কৰিবলৈ বিধায়ক উৎপল বৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায়। আদৰণী সমিতিৰ মুখ্য পৃষ্ঠপোষক উৎপল বৰাই আদৰণি ভাষণ দি পূৰ্বজ্যোতি কৃষিপাম নিগমৰ ভূমি পট্টন দিয়াৰ লগতে নিগমৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনায়। শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক দৰ্পণা বৰা নেওগে বন্তি প্ৰজ্বলন কৰা সভাখনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মু্খ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জন-জীৱনৰ অভিন্ন অংগ হৈছে এই পূৰ্বজ্যোতি কৃষিপাম নিগম বুলি ভাষণৰ আৰম্ভণিতে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আশীৰ দশকৰ পৰা আৰম্ভ হোৱা ভূমি আন্দোলনৰ লগত পূৰ্বজ্যোতি কৃষিপাম নিগমৰ ইতিহাস জড়িত হৈ আছে বুলি কোৱাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কৃষিপাম নিগমৰ ভূমিৰ সকলো সমস্যা আঁতৰাই ৰাইজৰ ইচ্ছা অনুসৰি প্ৰতিটো পৰিয়ালক শীঘ্ৰে ভূমি পট্টন দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি কয়। আমাৰ চৰকাৰৰ দিনতে অসমৰ খিলঞ্জীয়া লোকে ভোগ কৰি থকা মাটিৰ সমস্যা বসুন্ধৰা আঁচনিৰ জৰিয়তে সমাধানৰ ব্যৱস্থা কৰা হৈছে। সভাৰ সভাপতি টংকেশ্বৰ নেওগে মুকলি সভাৰ সভাপতিৰ অভিভাষণ পাঠ কৰা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিগমবাসীৰ গুৰুত্ব বুজি আজি এই সভাত উপস্থিত হোৱাৰ কথা অৱগত কৰি পাঁচদশক ধৰি ভাতৃত্ববোধেৰে বসবাস কৰা গাঁওবাসীক অভিনন্দন জ্ঞাপন কৰে। ১৯৬৯-৭০ চনৰ সেই ভূমি আন্দোলনৰ ফলশ্ৰুতিত গঢ় লৈ উঠা এই পূৰ্বজ্যোতি কৃষিপাম নিগমত এতিয়া ১১ শৰো অধিক পৰিয়ালে বসবাস কৰি আছে। অসমৰ কৃষক সকলক অৰ্থনৈতিকভাবে স্বাৱলম্বী হ’বলৈ কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অৱগত কৰাৰ লগতে অসম চৰকাৰে কৃষি অৰ্থনৈতিক ভেটি সুগাঢ় কৰি নতুন দিগন্তৰ সূচনা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা অৱগত কৰে। বিগত বৰ্ষত ১৪০ কোটি টকাৰ কৃষি সামগ্ৰী অন্য ৰাজ্যলৈ ৰপ্তানি কৰাৰ কথা গৌৰৱেৰে তেওঁ উল্লেখ কৰে। অসমৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ উদ্দেশ্যে হস্ততাঁত বস্ত্ৰ শিল্পকো গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এতিয়াৰ পৰা অসমৰ বজাত চলা গামোচা অসমৰ শিপিনীয়ে তাঁতশালত ব’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ ভাষণ প্ৰসংগত ইতিমধ্যে অসমৰ শিপিনীৰ পৰা ৩ লাখ গামোচা অসম চৰকাৰে উচিত মূল্যৰ বিনিময়ত ক্ৰয় কৰা হৈছে, যাৰ বাবে অসমৰ মহিলা সকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে। মুঠতে অসমৰ গ্ৰাম্য অৰ্থনীতিয়ে এক নতুন জীৱন লাভ কৰিবলৈ সক্ষম হৈছে। নিবনুৱা যুৱক-যুৱতীসকলক লৈও কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আমি নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰিব বিচাৰিছো। এই ক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টাত অসম দূৰন্ত গতিত আগবাঢ়ি গৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ ভাষণ প্ৰসংগত গহপুুুৰৰ বাবে এক ভাল খবৰ আছে বুলি উল্লেখ কৰি যোৱা নিৰ্বাচনত গহপুুুৰত বীৰাংগনা কনকলতা বৰুৱাৰ সোঁৱৰণত এখন বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰি গৈছিলো আৰু আজি সেই ঘোষণা বাস্তৱায়িত হ’ল। এইবাৰ বাজেত অধিৱেশনত গহপুুুৰত কনকলতা বৰুৱা বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। ঐতিহাসিক এই পূৰ্বজ্যোতি কৃষিপাম নিগমত থকা পূৰ্বজ্যোতি ক্ৰীড়া সংস্থাৰ খেলপথাৰ উন্নীতকৰণৰ বাবে ২ কোটি টকা প্ৰদান কৰাৰ কথা মুকলি সভাতে ঘোষণা কৰাৰ লগতে বিষ্ণু বৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি উন্নীতকৰণৰ বাবেও অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা মুখ্যমন্ত্ৰী গৰাকীয়ে অৱগত কৰে। সভাত উপস্থিত হোৱাৰ পূৰ্বে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা মুকলি মঞ্চৰ সন্মুখত প্ৰতিষ্ঠা কৰা পূৰ্বজ্যোতি কৃষিপাম নিগমৰ অন্যতম নিৰ্মাতা জননেতা বিষ্ণু বৰা, নন্দ বৰা আৰু নৃপেন্দ্ৰ কুমাৰ দে’ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
‘পূৰ্বজ্যোতি’ স্মৃতিগ্ৰন্থসহ কাব্য সংকলন উন্মোচনঃ পূৰ্বজ্যোতি ক্ৰীড়া সংস্থাৰ খেলপথাৰৰ বিষ্ণু বৰা ক্ষেত্ৰত অনুষ্ঠিত সোণালী জয়ন্তীৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ‘পূৰ্বজ্যোতি’ স্মৃতিগ্ৰন্থখনি দুপৰীয়া ২ বজাৰ পৰা বিশিষ্ট কবি বংশী বৰা সভাপতিত্ব অনুষ্ঠিত সভাত উন্মোচন কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দিবাকৰ চন্দ্ৰ ডেকাই। তেওঁ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰি ভাষণ প্ৰসংগত কয় যে এনে মহৎ কামে যিদৰে অঞ্চলটোৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি ক্ষেত্ৰখনক পৰিচিত কৰে ঠিক তেনেদৰে ভাষা-সাহিত্যৰ ক্ষেত্ৰটো এক বিশেষ ভূমিকা গ্ৰহণ কৰে। ‘পূৰ্বজ্যোতি’ অসমীয়া ভাষা-সাহিত্যৰ বাবে অনন্য হিচাপে পৰিচিত হৈ থাকিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। কবি বিপুল কুমাৰ দিহিঙীয়া, বিশ্বনাথ জিলা সাহিত্য সভাৰ উপ-সভাপতি মহেন্দ্ৰ গগৈ, জিলা সাহিত্য সভাৰ সম্পাদক শোভন চন্দ্ৰ শইকীয়া, বিশিষ্ট নাট্যকাৰ দিলীপ বৰা, নোমল বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা সভাত অন্য এখন গ্ৰন্থ উন্মোচন কৰে সাহিত্য অকাডেমি বঁটা প্ৰাপক জ্ঞান পূজাৰীয়ে। সান্ত্বনা বৰা দুৱৰাৰ প্ৰথমখনি কাব্য সংকলন ‘পুৱাৰ ৰেঙনি’ উন্মোচন কৰি জ্ঞান পূজাৰীয়ে শিক্ষকতাৰ মাজেৰে এনেদৰে কাব্য চৰ্চা কৰি অহা কবিগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। স্মৃতিগ্ৰন্থ ‘পূৰ্বজ্যোতি’ৰ সম্পাদক জয়ন্ত বৰাই আঁতধৰা সভাখনি উদ্বোধন কৰে দ্ৰোণ কাকতিয়ে। আদৰণী সমিতিৰ সম্পাদক তথা স্মৃতিগ্ৰন্থখনিৰ প্ৰকাশক নীলমণি দুৱৰাই বক্তব্য ৰখা সভাত স্মৃতিগ্ৰন্থখনিৰ উপদেষ্টা দৰ্পণা বৰা নেওগ, টংকেশ্বৰ নেওগ, থুলেশ্বৰ দাস, পোৱাল ফুকনকে ধৰি ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে।
কৃষি বিষয়ক আলোচনা চক্ৰঃ গ্ৰন্থ উন্মোচনী সভাৰ পাছতে মূল মঞ্চতে কৃষি শ্ৰমিক সমাজকৰ্মী শুভেশ্বৰ ফুকনৰ সঞ্চালনাত অনুষ্ঠিত কৃষি বিষয়ক আলোচনা চক্ৰখন অনুষ্ঠিত হয়। সভাখনি উদ্বোধন কৰে গহপুৰ মহকুমা কৃষি বিষয়া দিব্যজ্যোতি ফুকনে। সভাত আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ কৃষি মৌচম বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰশান্ত নেওগ আৰু শস্য শৰীৰ বিভাগৰ অধ্যাপক ড° ৰত্ন কিংকৰ গোস্বামীয়ে।ইপিনে কালিলৈ পুৱা ৯ বজাৰ পৰা তৃতীয় দিনৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব। দিনৰ ১১ বজাত টংকেশ্বৰ নেওগৰ সভাপতিত্ব মুকলি সভাখনি অনুষ্ঠিত হ’ব। সন্ধিয়ালৈ নিমন্ত্ৰিত অতিথি শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।