নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ষজোৰা কাৰ্যসূচীৰে আৰম্ভ হ’ল উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ শুভাৰম্ভণী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১ জুলাইঃ মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ে আজি ৫০ টা বৰ্ষত ভৰি দিলে। সেই উপলক্ষে আজিৰে পৰা বৰ্ষজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়খনত আৰম্ভ হৈছে সোণালী জয়ন্তী বৰ্ষৰ্ শুভাৰম্ভণী অনুষ্ঠান। শুভাৰম্ভণী অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি আজি পুৱা ৯ বজাৰ পৰা ১০.৩০ বজালৈ মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভা, এনএছএছ, এনচিচি আৰু শিক্ষক গোটে চৌহদ চাফাই কাৰ্যসূচী ৰূপায়ণ কৰে৷ ইয়াৰ পিছতে ১০.৪৫ বজাত পতাকা উত্তোলন, ১০.৫৫ বজাত ছহীদ তৰ্পণৰ অন্তত ১১ বজাত গছপুলি ৰোপণ কৰে মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্তই৷ দুপৰীয়া ১২.৩০ বজাত মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপক জয়চন্দ্ৰ দলেয়ে উদ্বোধন কৰা মুকলি সভাত সভাপতিত্ব কৰে অধ্যক্ষ ড০ জাহ্নৱী লহকৰ বৰুৱাই৷ সোণালী জয়ন্তীৰ শুভাৰম্ভণী অনুষ্ঠানটোত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সামৰি অনুষ্ঠিত কৰা মুকলি সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি ‘মহাবিদ্যালয়ৰ অতীত আৰু বৰ্তমান’, ‘সোণালী জয়ন্তীৰ তাৎপৰ্য’ আৰু ‘সমাজ উত্তৰণত মহাবিদ্যালয়ৰ ভূমিকা’ বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰে ক্ৰমে মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফনীধৰ টাহু, তোলেন চুতীয়া আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক গনেশ হাজৰিকাই৷ উক্ত সভাতেই মহাবিদ্যালয়খনৰ পৰা এনচিচি ৰ ‘চি’ প্ৰমাণ পত্ৰ লাভ কৰা তিনি গৰাকী ছাত্ৰী ক্ৰমে প্ৰিয়ংকা পাতিৰ, ৰিতা কুমাৰী নেৱাৰ আৰু সংগীতা দলেক ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়৷ আনহাতে ২৬ জুনত সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ গ্ৰন্থ প্ৰদান কৰাৰ কথা উল্লেখ কৰা সঞ্জীৱ কুমাৰ দত্তই আজি মুকলি সভাতে মহাবিদ্যালয়ৰ অধ্যক্ষাৰ হাতত ভালেসংখ্যক গ্ৰন্থ দান কৰে৷ ইয়াৰোপৰি গ্ৰন্থাগাৰৰ বাবে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ক্ৰমে বিত্ত কুলি আৰু ৰাজকুমাৰ লাগাছুৱে পাঁচ হাজাৰকৈ আৰু ৰতনপুৰ মিৰি গাওঁ উন্নয়ন সমিতিয়ে দহ হাজাৰ টকাৰ ছেক অধ্যক্ষক প্ৰদান কৰে৷ সভাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য নীলকান্ত দলে, জিলা পৰিষদৰ সদস্য দেৱজিত পাতিৰ, বৰবিল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ডিম্বেশ্বৰ খনিকৰ, উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ কালিৰাম কুলি, মহাবিদ্যালয়খন প্ৰতিষ্ঠা কালৰ পৰা জড়িত ব্যক্তি সোণাধৰ দলে, কৃষ্ণৰাম বৰা, বানেশ্বৰ দলে, পিতাম্বৰ শইকীয়া, ধনেশ্বৰ শইকীয়াকে আদি কৰি অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, দল-সংগঠনৰ সদস্য উপস্থিত থাকে৷ ইফালে বিয়লি ৩ বজাৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা সাংস্কৃতিক কাৰ্যসূচীয়ে সকলোকে আপ্লুত কৰে৷ উজনি মাজুলীৰ জনজাতি অধ্যুষিত অঞ্চলটোত ১৯৭৩ চনতে অঞ্চলটোৰ বহুকেইজন মহান ব্যক্তিৰ প্ৰচেষ্টাত মহাবিদ্যালয়খনে প্ৰতিষ্ঠা লাভ কৰি ৫০ বছৰ গৰকিবলৈ সক্ষম হ’ল৷ কিন্তু এই ঐতিহাসিক দিনটোৰ সাক্ষী হোৱাৰ পূৰ্বেই ইতিমধ্যে প্ৰতিষ্ঠা কালৰ পৰা জড়িত বহুজনে এই সংসাৰ এৰি গুচি গ’ল৷ সেইসকলৰ স্মৃতিত সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া ৬ বজাত মহাবিদ্যালয়ৰ প্ৰাঙ্গনত ৫০ গছি বন্তি প্ৰজ্বলন কৰা হয়৷
প্ৰেৰক ৰূপজ্যোতি বৰা

You might also like