এপ’ল মিলৰ কৰ্মচাৰীলৈ সুখবৰ…
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ নৱবৰ্ষৰ প্ৰাকক্ষণত ৰঙিয়াৰ এপ’ল মিলৰ কৰ্মচাৰীলৈ আহিল ভাল খবৰ। চৰকাৰে নৱবৰ্ষৰ প্ৰাকক্ষণত এপ’ল মিলৰ কৰ্মচাৰীক ভি আৰ এছৰ ধন মুকলি কৰি দিয়াৰ সিদ্ধান্তই আনন্দিত কৰিছে।
দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত ৰঙিয়াৰ এপ’ল মিলৰ কৰ্মচাৰীয়ে এই সুখবৰ লাভ কৰি ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক। ভি আৰ এছৰ প্ৰথম কিস্তি হিচাপে আদায় দিব লগা ধনৰ ৪৫ শতাংশ অৰ্থাৎ ১৫ কোটি টকা মোকোলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে।
দীৰ্ঘদিনীয়া দাবীৰ অন্তত ভি আৰ এছৰ ধন লাভৰ পিছত কৰ্মচাৰীসকলৰ আশা বাকী অংশ ধনো চৰকাৰে সোনকালে মুকলি কৰি দি কৰ্মচাৰীসকলক সকাহ দিব।