নিয়মীয়াবাৰ্তা, ৮ ছেপ্টেম্বৰ: আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৬সংখ্যক ওপজা দিন৷ ১৯২৬ চনত শদিয়াত জন্মগ্রহণ কৰা মহান শিল্পীগৰাকীয়ে জীৱন কালত নিজৰ সৃষ্টিশীল প্রতিভাৰে উজলি উঠিছিল বিশ্ববাসীৰ সন্মুখত৷ আজিৰ এই বিশেষ দিনটো গুগলে ‘ভাৰতৰত্ন’ ড০ ভূপেন হাজৰিকাৰ ৯৬ জন্ম জয়ন্তী ডুডলৰ জৰিয়তে উদযাপন কৰিছে।
উল্লেখ্য যে অসমবাসীৰ বিবেক আৰু আৱেগক কালজয়ী গীত–সুৰেৰে আৱৰি ৰখা স্বনামধন্য শিল্পীগৰাকীৰ জন্মদিন শদিয়াৰ পৰা ধুবুৰীলৈ আড়ম্বৰপূর্ণভাৱে আয়োজন কৰা হৈছে৷ জন্মদিনটোত প্রতিজন অসমীয়াই সশ্রদ্ধ স্মৰণ কৰিছে হিয়াৰ আমঠুক৷ সংগীত নাটক একাডেমী, দাদা চাহেব ফাল্কে বঁটাৰ পৰা আৰম্ভ কৰি পদ্মশ্রী, পদ্মবিভূষণলৈকে অসমৰত্নৰ পৰা দেশৰ সর্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নলৈকে অসংখ্য সন্মানেৰে বিভূষিত বৰেণ্য শিল্পীগৰাকীৰ কাৰণে আটাইতকৈ ডাঙৰ সন্মান আছিল মানুহৰ আদৰ আৰু মৰম৷ সেইবাবে মৃত্যুৰ ১১ বছৰ পিছতো সুধাকণ্ঠ তেওঁৰ সৃষ্টিৰ জৰিয়তে অজৰ–মৰ হৈ আছে৷