নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ত জলবায়ু পৰিৱৰ্তন সম্পৰ্কে বক্তৃতা প্ৰদান ছুইজাৰলেণ্ডৰ প্ৰবক্তা ড: জগন্নাথ বিশ্বকৰ্মাৰ

বিশেষ বাৰ্তা, ২৩ এপ্ৰিল : নগাঁও জিলাৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ উদ্যোগত আজি মহাবিদ্যালয়খনত জলবায়ু পৰিৱৰ্তনৰ আৰু জলসম্পদৰ ওপৰত পৰা প্ৰভাৱৰ ওপৰত এক বক্তৃতা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই বক্তৃতা প্ৰদান অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে সুদূৰ ছুইজাৰলেণ্ডৰ প্ৰবক্তা হিচাপে কৰ্মৰত তথা নগাঁৱৰ সু- সন্তান ড০ জগন্নাথ বিশ্বকৰ্মা। এই অনুষ্ঠানত উপস্থিত থাকি জলবায়ু পৰিৱৰ্তনৰ আৰু জলসম্পদৰ ওপৰত বহু তথ্য সমৃদ্ধ বক্তৃতা প্ৰদান কৰাৰ লগতে জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱৰ ওপৰত ছাত্ৰ-ছাত্ৰী প্ৰবক্তাসকলৰ মাজত মত বিনিময় কৰে। উক্ত বক্তৃতা প্ৰদান অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ মৃগাংক শইকীয়াৰ লগতে মহাবিদ্যালয় খনৰ শতাধিক ছাত্ৰ- ছাত্ৰী আৰু প্ৰবক্তাসকলেও অংশ গ্ৰহণ কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like