নিয়মীয়া বাৰ্তা, গোৰেশ্বৰ, ১৩ ফেব্ৰুৱাৰীঃ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বি টি চি সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ পৰা বি টি চি সদৰ কোকৰাঝাৰলৈ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে ছদিনীয়াকৈ পদযাত্ৰা কাৰ্যসুচী গ্ৰহণ কৰে। বি টি চি অঞ্চলত বসবাস কৰা ভূমিপুত্ৰ ইছলামধৰ্মী গৰিয়া-মৰিয়া-দেশী লোকসকলক সংৰক্ষিত জনগোষ্ঠীয় মৰ্যদা প্ৰদান, বি টি চি পৰিষদত ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা, ট্ৰাইবেল বেল্ট আৰু ব্লক এলেকাৰ লগতে বি টি চি অঞ্চলত ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা, বি ,টি,চি অঞ্চলত সুকীয়াকৈ গৰিয়া আৰু দেশী উন্নয়ন পৰিষদ গঠন কৰা, বিভিন্ন চৰকাৰী নিকাই নিগম বোৰ্ড সমুহত গৰিয়া-মৰিয়া-দেশী লোক সকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু সুকীয়াকৈ চৰকাৰীভাৱে জৰীপ কৰাৰ দাবীত এই কাৰ্যসূচী গ্ৰহন কৰা হয়।
উল্লেখ্য যে, এই পদযাত্ৰা উদ্বোধনী কাৰ্যসুচীত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চাহনৱাজ হুছেইন, কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন ছাত্ৰনেতা নুৰুল হক, উপদেষ্টা চহিৰ ভূঞা, উপ-সভাপতি আজিজুল ৰহমান, যুটীয়া সাধাৰন সম্পাদক চহিদ আলী আহমেদ, হাচিবুল ইছলাম, সহ সাধাৰণ সম্পাদক জালালুদ্দিন আহমেদ, কাবিবুল হক, ক্ৰীড়া সম্পাদক আলাউদ্দিন আহমেদ বি টি চি সমন্বয়ৰক্ষী সমিতিৰ সভাপতি শ্বেখ চেলিম পাটগিৰি, বঙাইগাঁও জিলাৰ সভাপতি নুৰুল আমিন শইকীয়া, বৰপেটা জিলা সমিতিৰ সভাপতি ছলমান হুছেইন, বাক্সা জিলা সমিতিৰ সম্পাদক আতিকুৰ ৰহমান,গোসাইগাও জিলা সমিতিৰ সভাপতি আবুল হুছেইন, তামুলপুৰ আহ্বায়ক জিলা সমিতিৰ আহ্বায়ক চৈয়দ ৰাতুল আলী, মুজিবৰ ৰহমান আৰু মোবাৰক আলীয়ে অংশ গ্ৰহন কৰে। উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে কেন্দ্ৰীয় সমিতিৰ সহ সাধাৰণ সম্পাদক জালালুদ্দিন আহমেদে।