গৰৈমাৰী–সোণতলীত হাহাকাৰঃকাল ধুমুহাই প্রাণ কাঢ়িলে মহিলাৰঃ বিস্তৰ ক্ষতি বাসগৃহ–পথাৰৰ
নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ কামৰূপ জিলাৰ গৰৈমাৰী আৰু সোণতলী অঞ্চলত আজি পুৱা প্রায় চাৰি বজাত অহা এজাক কাল ধুমুহা–শিলাবৃষ্টিয়ে তচনচ কৰিলে শ শ পৰিয়ালৰ ঘৰ–দুৱাৰ, গছ–গছনি, খেতিপথাৰ৷ ধুমুহাই বিধ্বস্ত কৰা ঘৰৰ তলত পৰি কেইবাগৰাকী বৃদ্ধৰ পৰা শিশুলৈ আহত হোৱাৰ লগতে গৰৈমাৰী ৰাজহ চক্রৰ অন্তর্গত ২নং টুপাৰ পথাৰ গাঁৱৰ জয়েদ আলীৰ পত্নী হাচিনা খাতুন (৩০) নামৰ এগৰাকী মহিলা নিহত হয়৷ প্রচণ্ড ধুমুহাৰ ফলত অঞ্চলটোৰ ব্যাপক ক্ষতি হৈছে৷ লক্ষ লক্ষ টকাৰ সা–সম্পত্তি লোকচান হোৱাত খেতিয়কৰ লগতে সাধাৰণ শ্রেণীৰ লোকে মূৰে–কপালে হাত দিবলগীয়া হৈছে৷ গৰৈমাৰী–সোণতলী অঞ্চলৰ চৰকাৰী, বেচৰকাৰী, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান, বিদ্যৎ সেৱা, গছ–গছনি, খেতিপথাৰকে ধৰি শ শ পৰিয়ালৰ ঘৰ–দুৱাৰ ভাঙি চূর্ণ–বিচূর্ণ হৈছে৷ সোণতলী মৌজাৰ কেইবাটাও স্থানত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাৰ ফলত বিভিন্ন কাম–কাজ পৰিচালনাত ব্যাঘাত জন্মিছে৷
কিছু কিছু অঞ্চলত পথৰ ওপৰত বৃহৎ আকাৰৰ গছ বাগৰাৰ ফলত কেইবাঘণ্টালৈ পথত গাড়ী–মটৰ চলাচল বন্ধ হৈ পৰে৷ জানিব পৰা মতে সোণতলীৰ নাজমা হীৰা মেম’ৰিয়েল প্লাব্লিক স্কুল, আৰাফা ৰয়েল একাডেমী, সোণতলী আঞ্চলিক মহাবিদ্যালয়, সোণতলী প্রাথমিক স্বাস্ব্যকেন্দ্রৰ লগতে সোণতলী নিলাম বজাৰ ঘৰৰ চাল টিনপাত চূর্ণ–বিচূর্ণ কৰি বহু দূৰত পেলাই দিয়ে৷ তদুপৰি মাহতলী বজাৰৰ কেইবাখনো দোকান–পোহৰৰ ক্ষতি হয়৷ প্রচণ্ড ধুমুহাৰ ফলত সোণতলী আঞ্চলিক মহাবিদ্যায়ৰ এলেকাত থকা প্রকাণ্ড প্রকাণ্ড গছ সোণতলী–ছমৰীয়া গডকাপ্ঢানী পথৰ ওপৰত বাগৰি পৰি কেইবাঘণ্টাৰ বাবে গাডী–মটৰ চলাচল সম্পূর্ণৰূপে বন্ধ হৈ পৰে৷ ইয়াৰ উপৰি ছমৰীয়া ৰাজহ চক্রৰ অন্তর্গত ৰাঙাপানী, মাহতলী, শেলোসুঁতি, কাছাৰী পাম, পুৰাণ গাঁও, সোণতলী সত্র, পাথালিপাৰা, ৰৌমাৰী, বেজুৰসুঁতি, গৰৈমাৰী বিলৰ জান, কালাতলী, আৰিকাটি আদি অঞ্চলৰ ঘৰ–দুৱাৰৰ লগতে সেউজীয়া ধাননি পথাৰৰ শাক–পাচলিৰ খেতি প্রচণ্ড শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতি কৰাত কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি৷ ইফালে গৰৈমাৰী ৰাজহ চক্রৰ অনর্গত উত্তৰ কান্দুলীমাৰী, দক্ষিণ কান্দুলীমাৰী, কালাতলী পথাৰ, জোৰশিমুলী, টপাৰ পথাৰ, বাতাহাদিয়া, আচলপাৰা, গৰৈমাৰী আদি অঞ্চলত কাল ধুমুহাত কোটি কোটি টকাৰ সা–সম্পত্তিৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে৷ ক্ষতিগ্রস্ত লোকে অতি সোনকালে বিভাগীয় কর্তৃপক্ষৰ পৰা আর্থিক সাহায্য বিচাৰিছে৷