অসমত পিছ দুৱাৰেৰে ‘কা’ বলৱতৰ চক্রান্ত ৰচিছে চৰকাৰে
নিয়মীয়া বাৰ্তা ৪ জুনঃ দীর্ঘম্যাদী ভিছাৰ আধাৰত বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা আৰু দীর্ঘম্যাদী ভিছাৰ আধাৰত ইয়াত থকা লোকক নাগৰিকত্ব দি চৰকাৰে অসমত ‘কা’ বলৱতৰ আওপকীয়া প্রচেষ্টা লৈছে৷ –এই গুৰুতৰ অভিযোগ বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ৷ আজি এক বিবৃতিত বিৰোধী দলপতি শইকীয়াই কয় যে সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ আগে আগে যোৱা ১৯ মার্চত অসম চৰকাৰে কেন্দ্রীয় চৰকাৰৰ এখন চার্কুলাৰৰ উদ্ধৃতি দি কেৱল বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা আৰু দীর্ঘম্যাদী ভিছাত ইয়াত থকা লোকক ভাৰতীয় নাগৰিকত্বৰ ব্যৱস্থা কৰিবলৈ বিভিন্ন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বিদেশী পঞ্জীয়ন বিষয়া আদিক নির্দেশ দিছে৷
অসম চৰকাৰৰ নির্দেশনাটোত ‘কা’ৰ কথা উল্লেখ নাই যদিও এই সন্দহে উদ্ভৱ হৈছে যে ‘কা’খন অসমত বলৱৎ কৰাৰ এইটো এক আওপকীয়া প্রচেষ্টা৷ বিৰোধী দলপতি শইকীয়াই কয় যে সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ ফলাফল অসমৰ ৰাইজে ‘কা’ৰ প্রতি প্রদর্শন কৰা সমর্থন বুলি ক’ব নোৱাৰি৷ কাৰণ অসমত কেৱল ৩৩.২১ শতাংশ ভোটাৰেহে বিজেপিক ভোট দিলে, গৰিষ্ঠসংখ্যক ভোটাৰে বিজেপিক অথবা ‘কা’ সমর্থন নকৰিলে৷ এই সন্দর্ভত শইকীয়াই দাবী কৰে যে যদি দীর্ঘম্যাদী ভিছাৰ আধাৰত অসমত নতুনকৈ এচাম লোকক নাগৰিকত্ব প্রদান কৰা হয়, তেনেহ’লে অসমত খিলঞ্জীয়া নাগৰিকৰ বৃহত্তৰ স্বার্থৰক্ষা কৰাৰ বাবে ‘দ্য বেংগল ইষ্টার্ন ফ্রণ্ড্রিয়াৰ ৰেগুলেচন–১৮৭৩’ অনুসৰি অসমত ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা প্রৱর্তন কৰিব লাগে৷
বিবৃতিটোত বিৰোধী দলপতি শইকীয়াই লগতে বহু চৰকাৰী ধন ব্যয় কৰি আৰু হাজাৰ হাজাৰ চৰকাৰী কর্মচাৰীৰ কষ্টৰ ফলত সম্পন্ন হোৱা এনআৰচিখনৰ দাবী–আপত্তিৰ ওলাই থকা প্রক্রিয়া বিধিগতভাৱে বিদেশী ন্যায়াধিকৰণৰ যোগেদি অনতিপলমে সম্পন্ন কৰিবলৈ চৰকাৰক দাবী জনায়৷ ইফালে, অসম চৰকাৰৰ ৰাজনৈতিক বিভাগে চলাই থকা গোপন ষড়যন্ত্রই অসমীয়া জাতিৰ বিদেশীবিৰোধী দীর্ঘদিনীয়া স্থিতিক অপমান কৰিছে বুলি অভিযোগ কৰি কৃষক সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰা, সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু মুকুট ডেকাই এটা বিবৃতিত হুংকাৰ দি কয় যে অসমবাসীয়ে ১৯৭১ চনৰ ২৫ মার্চৰ পাছৰ এজনো বিদেশীক গ্রহণ নকৰে৷ অসম চুক্তিৰ আত্মাক অমান্য কৰি অসমত বাংলাদেশী হিন্দুক নাগৰিকত্ব প্রদানৰ গোপন ষড়যন্ত্র প্রত্যাহাৰ কৰাৰ দাবী জনায় সংগঠনটোৱে৷