নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিকনিক যাত্ৰা সন্দৰ্ভত চৰকাৰৰ নতুন এছঅ’পি প্ৰকাশ

বাৰ্তা ডিজিটেল ডেস্ক, ৩ জানুৱাৰীঃ আজি কাহিলিপুৱাই গোলাঘাট জিলাৰ দেৰগাঁৱত বনভোজ দলৰ বাছ এখন শোকাৱহ দুর্ঘটনাত পতিত হোৱাৰ পিছতেই চৰকাৰৰ তৰফৰ পৰা বনভোজক লৈ নতুন এছঅ’পি প্রকাশ কৰিছে৷ ৰাজ্য চৰকাৰৰ হৈ অসম আৰক্ষীয়ে এই নতুন এছঅ’পিখন প্রকাশ কৰিছে৷ আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে ড০ হিমন্ত বিশ্ব শর্মাই এই বিষয়ে সদৰী কৰি কয় যে এতিয়াৰে পৰা কুঁৱলী শেষ হোৱাৰ পিছতহে বনভোজৰ বাছ চলাব পাৰিব আৰু কুঁৱলী আৰম্ভ হোৱাৰ আগেয়ে বনভোজস্থলীৰ পৰা আহি পাব লাগিব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে ঘন কুঁৱলীৰ মাজত পুৱা ৪.৩০ বজাত বনভোজৰ গাড়ীয়ে যাত্রা আৰম্ভ কৰিব নালাগে৷ কিন্তু আজি দুর্ঘটনাত পতিত হোৱা বনভোজৰ বাছখন পুৱা ৪.৩০ বজাতেই ওলাই আহিছিল৷ পথত সংকেত চিহ্ণ থাকিলেও সেই সময়ত ঘন কুঁৱলীত একো দেখা নাপায়৷ সেয়ে তেওঁ সকলো বনভোজ দলক পুৱা পোহৰ হোৱাৰ পিছতহে বনভোজলৈ ওলাবলৈ জনসাধাৰণক আহ্বান জনায়৷ ইপিনে, ৰাজ্যৰ পৰিবহণ মন্ত্রী পৰিমল শুক্লবৈদ্যই আজিৰ দুর্ঘটনাটোৰ সম্পর্কত কয় যে সংশ্লিষ্ট পথ নির্মাণৰ দায়িত্বত থকা ঠিকাদাৰৰ বিৰুদ্ধে চৰকাৰৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰিব৷ আজিৰ দুর্ঘটনাটোক লৈ চৰকাৰ প্রচণ্ড উদ্বিগ্ন বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুহূর্তে মুহূর্তে সেই দুর্ঘটনাটোৰ খবৰ লৈ আছে৷ ইতিমধ্যে পৰিবহণ আয়ুক্তকে ধৰি অসমত ৰাষ্ট্রীয় ঘাইপথৰ কাম-কাজ চোৱাচিতা কৰা এনএছআইডিচিএলৰ সংশ্লিষ্ট বিষয়াক ঘটনাস্থলীলৈ গৈ তদন্ত কৰাৰ নির্দেশ দিয়া হৈছে৷ দুর্ঘটনাটোক লৈ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে আৰু তদন্ত চলি থাকিব৷ এই শোকাৱহ দুর্ঘটনাটোৰ প্রধান অভিযুক্তক শাস্তি প্রদান কৰা হ’ব৷

You might also like