চৰকাৰী বিষয়া কর্মচাৰীয়ে তিনি দিনৰ ভিতৰত ল’ব লাগিব ভেকচিন
নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ ঠিকাভিত্তিক–ফিক্সড পে’সহ কমেও এপালি ক’ভিড প্রতিষেধক লোৱা সকলো চৰকাৰী কর্মচাৰীয়ে কার্যালয়লৈ আহিব লাগিব৷ আজি এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ এই সন্দর্ভত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে প্রত্যেক চৰকাৰী কার্যালয়ৰ মুৰব্বী বিষয়াই নিজ কার্যালয়ৰ বিষয়া–কর্মচাৰীসক ক’ভিড প্রতিষেধক গ্রহণ কৰিছে নে নাই, সেয়া পৰীক্ষা কৰিব লাগিব৷ কোনে কেতিয়া প্রতিষেধক লৈছে, কার্যালয়ৰ মুৰব্বী বিষয়াই তাৰ তালিকা প্রস্তুত কৰিব৷ এতিয়ালৈকে এপালিও প্রতিষেধক নোলোৱা বিষয়া–কর্মচাৰীসক অহা তিনি দিনৰ ভিতৰতে প্রথম পালি প্রতিষেধক লোৱাটো সংশ্লিষ্ট কার্যালয়ৰ মুৰব্বী বিষয়াই সুনিশ্চিত কৰিব৷ তদুপৰি এইপর্যন্ত এপালিও ক’ভিড প্রতিষেধক নোলোৱাকৈ থকা চৰকাৰী বিষয়া–কর্মচাৰীসক
অহা তিনি দিনৰ ভিতৰত ক’ভিড প্রতিষেধক গ্রহণ কৰিব লাগিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ ইফালে বুধবাৰে জাৰি কৰা নতুন এছ অ’ পিত উল্লেখ কৰা অনুসৰি জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাত নিয়োজিত কর্মচাৰীসকলক কোনোধৰণৰ বাধা–নিষেধ অবিহনে কর্তব্যত উপস্থিত থকাৰ অনুমতি দিয়া হৈছে৷ সেইদৰে জৰুৰী–ত্যাৱশ্যকীয় সেৱা, আইন বলৱৎকাৰী সেৱা আৰু নির্বাচনী কার্যৰে জড়িত চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ সংস্থাসমূহকো সকলো জিলাতে কাম কৰাৰ অনুমতি প্রদান কৰা হৈছে কোনোধৰণৰ বাধা–নিষেধ অবিহনে৷ চৰকাৰী, ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান, বিত্তীয় প্রতিষ্ঠান আৰু ব্যক্তিগত খণ্ডত কর্মৰত গর্ভৱতী তথা তিনি বছৰ বা তাতকৈ কম বয়সৰ সন্তান থকা মহিলা কর্মচাৰীসকলে ঘৰৰ পৰাই কাম কৰিব পাৰিব বুলি এছ অ’ পিত উল্লেখ কৰা হৈছে৷ ইয়াৰ বিপৰীতে শাৰীৰিকভাৱে বাধাগ্রস্ত কর্মচাৰীসকলক কর্তব্যত উপস্থিত থকাৰ অনুমতি প্রদান কৰা হৈছে এছ অ’ পিত৷