নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত চৰকাৰী শিক্ষকক ব্যক্তিগত স্কুলত জড়িতৰ ক্ষেত্ৰত নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ ধুবুৰী জিলাৰ চৰকাৰী আৰু প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ সৈতে জড়িত হোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰী কৰা হৈছে। এই মৰ্মে বিগত তিনি আগষ্টৰ দিনা জিবি/এমআইএছচি/পিটি/২০২০/৯৪৬ নম্বৰৰ এখন পত্ৰ ধুবুৰী জিলাৰ ভাৰপ্ৰাপ্ত বিদ্যালয়সমূহৰ পৰিদৰ্শক জে ৰ’হমানে জিলাখনৰ চৰকাৰী আৰু প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ/অধ্যক্ষা সকলোলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। সংগঠিত ব্যক্তিগত টিউচন চেণ্টাৰ অথবা ব্যক্তিগত টিউচন চেণ্টাৰত জিলাখনৰ চৰকাৰী অথবা প্ৰাদেশীকৃত বিদ্যালয়ৰ নিয়মীয়া শিক্ষকে (fegular teacher)জড়িত হোৱাৰ ক্ষেত্ৰত আৰটিই এক্ট, ২০০৯ৰ ২৮ নং ধাৰাত নিষেধাজ্ঞা জাৰী কৰা হোৱাৰ সমান্তৰালকৈ ব্যক্তিগত টিউচন চেন্টাৰত যিকোনো দিন আৰু সময়ত জড়িত হোৱা শিক্ষকৰ বিৰূদ্ধে বিভাগীয় পদক্ষেপ লোৱা হ’ব বুলিও সেই পত্ৰখনত উল্লেখ আছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like