নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ হঠকাৰী পদক্ষেপ: শিক্ষার্থীক গিনিপিগ সজাই ২২ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব স্নাতক চূড়ান্ত ষাণ্মাসিকৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্র–ছাত্রীক পুনৰ গিনিপিগ সজোৱা হ’ল৷ ৰাজ্যত অতিমাৰী ক’ৰোনাৰ সংক্রমণে অধিক ভয়াৱহ ৰূপ লোৱাৰ সময়তে স্নাতক ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে বিশ্ববিদ্যালয় কর্তৃপক্ষই৷ এই সময়সূচী অনুসৰি অহা ২২ ছেপ্ঢেম্বৰৰ পৰা অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ্ স্নাতক চূড়ান্ত ষাণ্মাসিকৰ পৰীক্ষা৷ একেদৰে অহা ২৫ ছেপ্ঢেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ চতুর্থ তথা চূড়ান্ত ষাণ্মাসিকৰ পৰীক্ষাও আৰম্ভ হ’ব৷ স্নাতক আৰু স্নাতকোত্তৰ দুয়োটা শাখাৰ চূড়ান্ত পৰীক্ষাই হ’ব অফলাইন৷ অর্থাৎ ছাত্র–ছাত্রীসকলে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত নিজে উপস্থিত হৈ পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্তই এতিয়া হাজাৰ হাজাৰ ছাত্র–ছাত্রীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে৷ এফালে সমগ্র ৰাজ্যত ক’ৰোনাই বিভীষিকাৰ সৃষ্টি কৰিছে, আনফালে ছমাহ ধৰি হোৱা নাই পাঠদান৷ এনে এক পৰিস্থিতিৰ মাজতে ছাত্র–ছাত্রীসকলক চূড়ান্ত ষাণ্মাসিকৰ পৰীক্ষাত অৱতীর্ণ হ’বলৈ বাধ্য কৰোৱা হৈছে৷

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ শ্রেণীৰ চূড়ান্ত ষাণ্মাসিকৰ পাঠদান আৰম্ভ হৈছিল বিগত জানুৱাৰী মাহত৷ কিন্তু কিছুদিন পাঠদান চলাৰ পিছতে ২৪ মার্চৰ পৰা দেশজুৰি বলৱৎ কৰা হয় সম্পূর্ণ লকডাউন৷ পর্যায়ক্রমে আনলক প্রক্রিয়া আৰম্ভ হৈছে যদিও শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে৷ কেন্দ্রীয় চৰকাৰৰ শেহতীয়া নির্দেশনা অনুসৰি অহা ৩০ ছেপ্ঢেম্বৰ পর্যন্ত বিদ্যালয়–মহাবিদ্যাল্ পাঠদান প্রক্রিয়া আৰম্ভ নহয়৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্তমর্মেও ২১ ছেপ্ঢেম্বৰলৈ কোনো শিক্ষক–শিক্ষয়িত্রী শিক্ষানুষ্ঠানলৈ নাযায়৷ তাৰ মাজতে উচ্চতম ন্যায়ালয়ে চূড়ান্ত ষাণ্মাসিকৰ ক্ষেত্রত পৰীক্ষা অনুষ্ঠিত কৰাটো বাধ্যতামূলক কৰিছে৷ কিন্তু অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত বিশ্ববিদ্যালয়ে ৰাজ্য চৰকাৰৰ অনুমতি ল’ব লাগিব৷ ন্যায়ালয়ৰ এই নির্দেশৰ পিছতে কোনো প্রস্তুতি নোহোৱাকৈ বিশ্ববিদ্যালয় কর্তৃপক্ষই অকস্মাৎ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে৷ অহা ২১ ছেপ্ঢেম্বৰত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ শিক্ষক–শিক্ষয়িত্রীস যোৱা আৰম্ভ কৰিবহে আৰু তাৰ পিছদিনাৰ পৰাই আৰম্ভ হ’ব স্নাতক চূড়ান্ত ষাণ্মাসিকৰ পৰীক্ষা৷ তদুপৰি বহু মহাবিদ্যালয়ত এতিয়াও কোৱাৰেণ্টাইন চেণ্টাৰ আছেই৷ এই শিক্ষানুষ্ঠানসমূহ মাজৰ দিনকেইটাৰ ভিতৰত কিদৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ উপযুক্ত হৈ উঠিব, তাৰো কোনো সঠিক পৰিকল্পনা নাই গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষৰ ওচৰত৷ আটাইতকৈ ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব হোষ্টেলত থাকি অধ্যয়ন কৰা ছাত্র–ছাত্রীসকল৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহত্ ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ছাত্র–ছাত্রীয়ে অধ্যয়ন কৰে৷ কিন্তু যোৱা ছমাহ ধৰি সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ হোষ্টেল বন্ধ হৈ আছে৷ গতিকে ছাত্র–ছাত্রীসকলে দীর্ঘদিন ধৰি বন্ধ হৈ থকা হোষ্টেললৈ উভতি আহি নিজকে পৰীক্ষাৰ বাবে প্রস্তুত কৰাটো দুৰূহ কাম হৈ পৰিব৷ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ পৰীক্ষার্থীৰ ক্ষেত্রতো একেই সমস্যাৰ উদ্ভৱ হ’ব৷ কিয়নো বিশ্ববিদ্যালয়খনৰ অধীনৰ বহু মহাবিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্রমৰ ব্যৱস্থা আছে৷ স্নাতকোত্তৰ পৰীক্ষার্থীসকলেও উক্ত মহাবিদ্যালয়সমূহত্ পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব৷ এনে এক পৰিস্থিতিত স্বাভাৱিকতে পৰীক্ষাক লৈ শংকিত হৈ পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ ছাত্র–ছাত্রীসকল৷ ক’ৰোনাৰ বিভীষিকাৰ মাজত নীট–জে ই ই হ’ব পৰীক্ষা অনুষ্ঠিত কৰাক লৈ দেশজুৰি প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ সময়সূচীয়েও বিভ্রান্তিৰ সৃষ্টি কৰিছে৷ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে তীব্র প্রতিক্রিয়া ব্যক্ত কৰি কয় যে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই হঠাৎ বি এ, বি এছ চি, বি কম বর্ষৰ চূড়ান্ত পৰীক্ষা ২২ ছেপ্ঢেম্বৰৰ পৰা অনুষ্ঠিত কৰিব বিচৰা কার্যৰ স্নাতকোত্তৰ ছাত্র সন্থাই তীব্র বিৰোধিতা কৰিছোঁ৷ চৰকাৰৰ নির্দেশ অনুসৰি অহা ২১ ছেপ্ঢেম্বৰলৈ শিক্ষানুষ্ঠান বন্ধ৷ তেনে ক্ষেত্রত ২২ ছেপ্ঢেম্বৰৰ পৰা পাঠদান অবিহনে শ্রেণীকোঠাত বহি পৰীক্ষাত অৱতীর্ণ হোৱাটো সম্ভৱ নহয়৷ প্রয়োজন হ’লে প্রতিবাদ হ’ব, কিন্তু এই সময়সূচী কোনো কাৰণতে মানি লোৱা নহ’ব৷’ স্নাতকোত্তৰ ছাত্র সন্থাই লগতে উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুযায়ী ‘অ’পেন বুক’ পৰীক্ষাৰো পোষকতা কৰিছে৷ ইফালে, ডিব্রুগড় বিশ্ববিদ্যালয়ে এতিয়ালৈ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাৰ কোনো সময়সূচী এতিয়ালৈ ঘোষণা কৰা নাই৷ কিন্তু স্নাতকোত্তৰ শাখাৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিশ্ববিদ্যালয়ৰ বিভাগসমূহক কর্তৃত্ব দিছে৷ এই সময়ছোৱাত অসমৰ ছাত্র–ছাত্রীসকলে দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰ সুযোগ লাভৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাৰো সৃষ্টি হৈছে৷ কিয়নো অহা ২২ ছেপ্ঢেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত ষাণ্মাসিকৰ পৰীক্ষা আৰম্ভ হ’ব৷ একেদিনাই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্রৱেশ পৰীক্ষাও অনুষ্ঠিত হ’ব৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা চলি থকাৰ মাজতে ২৭–২৮ ছেপ্ঢেম্বৰত আছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্রৱেশ পৰীক্ষা৷

স্বাভাৱিকতেই এতিয়া বিবুধিত পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্র–ছাত্রীসকল৷ একেদৰে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা কেতিয়া, কেনেকৈ অনুষ্ঠিত হ’ব, সেয়া এতিয়াও থিৰাং হোৱা নাই৷ গতিকে দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ত নামভর্তিৰ আগে আগে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰিবনে নাই, তাক লৈও অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ সাতে সোতৰই মিলি বিশ্ববিদ্যালয়, বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তই ছাত্র–ছাত্রীসকলক শংকা আৰু বিভ্রান্তিৰ মাজলৈ ঠেলি দিছে৷ ছাত্র–ছাত্রীৰ তীব্র আপত্তিৰ পিছতো নিজৰ সিদ্ধান্তত অটল হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষ৷ বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্রক ড০ ধ্রুৱজ্যোতি চৌধুৰীয়ে জানিবলৈ দিয়া মতে, ঘোষিত সময়সূচী অনুসৰিয়ে স্নাতক চূড়ান্ত ষাণ্মাসিকৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ছাত্র–ছাত্রীৰ অসুবিধাসমূহো বিবেচনা কৰি চোৱা হ’ব৷

You might also like