নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেউজ মাজুলী-প্ৰদূষণমুক্ত ব্ৰহ্মপুত্ৰ গঢ়াৰ সংকল্পঃ মাজুলীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ স্বচ্ছতামূলক কাৰ্যসূচী

নিয়মীয়া বাৰ্তা , ১৪ মাৰ্চ : ভাৰত চৰকাৰৰ পৰিবেশ বন মন্ত্ৰালয় আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ প্ৰকল্পৰ অধীনত উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ পৰিষদৰ গ্ৰীন ক্ৰপছ আচ্ছামৰ পৃষ্ঠপোষকতাত ১৩ আৰু ১৪ মার্চত স্বচ্ছতা অভিযানৰ কার্যসূচী হাতত লোৱা হয়। ১৩ মার্চত উত্তৰ গায়ন গাঁও দলনি পথাৰ শিৱ মন্দিৰ ,আদৰ্শ দলনী শিৱ মন্দিৰৰ চৌপাশ আৰু লুথাৰি ডুবি জলাশয় চাফা কৰাৰ লগতে লুথাৰি ডুবিৰ পাৰত এক বিশাল শোভাযাত্ৰা ৰতনপুৰ গায়ন পঞ্চায়তৰ সভানেত্ৰী বিপ্রা জ্যোতি কলিতাসহ সমূহ ৱাৰ্ড সদস্য আৰু দুইটা শিৱ মন্দিৰৰ দুই শতাধিক লোকে বাহিৰ কৰি পানী প্ৰদূষণ আৰু বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে বিভিন্ন শ্লোগান দিয়ে।লগতে ৰাইজে ৬০টা গছপুলি ৰুই বেৰাৰ ব্যৱস্থা কৰে।গছ পুলি ৰোপণ কাৰ্য্যসূচী বন বিভাগৰ লীলা কলিতা ,অচ্যুত দাস আৰু চন্দ্ৰ দাসৰ নেতৃত্বত সমূহ ৰাইজে সফল কৰি তোলে।দুপৰীয়া অনুষ্ঠিত সজাগতা অনুষ্ঠানত সমল ব্যক্তি ৰতনপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সুনীল বৰাই সকলোকে প্লাষ্টিকৰ অপকাৰিতা আৰু জলাশয় সংৰক্ষণৰ ওপৰত বক্তৃতা আগবঢ়ায়।১৪ মার্চত মাজুলী নিমাতি সংযোগী অফলামুখ ফেৰী ঘাটত ধুৱাছ’লা গাঁও আৰু গায়ন গাঁওৰ সমূহ যুৱক একত্ৰিত হৈ ঘাটটোত পৰি থকা প্লাষ্টিকৰ পানী বটলকে ধৰি বিভিন্ন প্লাছটিকৰ আৱৰ্জনা চাফা কৰে।বস্তাই বস্তাই এই আৱৰ্জনাসমূহ যুৱকসকলে বুটলি বুটলি এক নিদিষ্ট ঠাইলৈ লৈ আনে।বিভিন্ন প্লেকাৰ্ড প্ৰদৰ্শন কৰি ঘাটত থকা ৰাইজক প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিবলৈ আহ্বান জনায়।মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতাই ঘাটটোত কৰ্মৰত সমূহ আই, ডব্লিউ, টিৰ কৰ্মচাৰীক কার্যসূচীত সহযোগ কৰাই লগতে এই পদক্ষেপক তেখেতে আদৰণি জনায়। স্বচ্ছতা একচন প্লেন ২০২১ আৰু ২০২২ৰ এই দুই দিনৰ কাৰ্যসূচী সফল কৰাৰ বাবে সমূহ ৰাইজক আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতাই শলাগ লোৱাৰ লগতে কৃতজ্ঞতা জনায় ৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড 

You might also like