গ্রীন টী প্রস্তুতেৰে তেজপুৰৰ দীপক মেধিৰ অর্থনৈতিক সংগ্রাম
নিয়মীয়া বাৰ্তা ৪ মেঃ ক’ভিড–১৯ এ সমগ্র বিশ্বতে অর্থনৈতিক ভেটিত আঘাত হনাৰ লগে লগে ভাৰততো ইয়াৰ প্রভাৱ বাৰুকৈ পৰে৷ বিশেষভাৱে অসমত সৰু–বৰ চাহ উদ্যোগত ইয়াৰ প্রভাৱে যথেষ্ট ক্ষতি কৰে৷ এই লকডাউনৰ বাবে চাহপাতৰ প্রথমছোৱা ঋতুত কেঁচা পাত নিছিঙাৰ ফলত গছৰ পাতসমূহ ওখ হৈ পৰাত চাহগছৰ প্রকৃত প্রকৃতিৰ পৰিৱর্তন হয়৷ সেয়া পুনৰ সমান কৰি উপযুক্ত কৰি তোলাৰ বাবে কিছুদিন অপেক্ষাৰ প্রয়োজন হ’ব৷ ফলত চাহপাতৰ উৎপাদনত ই ক্ষতি কৰে৷ –এইদৰে মন্তব্য কৰে এগৰাকী সফল ক্ষুদ্র চাহ খেতিয়ক ৰঙাপৰাৰ দীপক মেধিয়ে৷
তেজপুৰৰ পৰা প্রায় ৩২ কিলোমিটাৰ নিলগৰ উপৰ কছাৰীগাঁওস্থিত ‘মেধি অর্গেনিক ছ’চাইটী’ৰ স্বত্বাধিকাৰী দীপক মেধিয়ে পাঁচ বিঘা মাটিত জৈৱিক চাহ খেতি আৰম্ভ কৰে৷ সম্প্রতি চাৰে ছয় বিঘাত চাহ খেতি কৰাৰ লগতে থলুৱাভাৱে উৎপাদন কৰিছে গ্রীন টী৷ নিজা বাগিচাতে সৰুকৈ স্থাপন কৰা ড্রাফ আৰু ড্রয়াৰত প্রস্তুত কৰা গ্রীন টীয়ে ৰাজধানী চহৰৰ লগতে ৰাজ্যৰ বাহিৰতো সমাদৰ লাভ কৰিছে৷
উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত ঘৰতে আবদ্ধ হৈ থকাৰ বিপৰীতে আপোন বাগিচাতে আন দুজন সহযোগীৰ সহায়ত কেঁচা পাত ছিঙি প্রস্তুত কৰে প্রায় দহ কেজি গ্রীন টী৷ যন্ত্র আদি ব্যৱহাৰ নকৰাকৈ হাতৰে সকলো কৰা জৈৱিক গ্রীন টীৰ আজিৰ বজাৰ মূল্য প্রতি কেজিত দুহাজাৰ টকা বুলি নিয়মীয়াবার্তাৰে হোৱা বার্তালাপত সদৰী কৰাৰ লগতে মেধিয়ে কয় যে সকলো কেঁচা চাহপাতেৰে উন্নতমানৰ গ্রীন টী আশা কৰিব নোৱাৰি৷ গতিকে মানৰ প্রতি লক্ষ্য ৰাখি ভাল পাত নির্বাচন কৰি এই চাহপাত প্রস্তুত কৰা বুলি কয়৷
দীপক মেধিৰ বাগিচাত সম্প্রতি ৫জন শ্রমিকে কাম কৰাৰ বিষয়ে সদৰী কৰি শ্রমিকৰ ক্ষেত্রতো বিশেষ সতর্কতা অৱলম্বন কৰি আহিছে৷ বাগিচাত ব্যৱহাৰ কৰা ঔষধ–পাতিও ঘৰুৱাভাৱে প্রস্তুত কৰিছে স্থানীয়ভাৱে উপলব্ধ বনলতাৰে৷ আগন্তুক দিনত চাহপাতৰ লগতে জালুক, হালধিৰ লগতে ৰবি খেতিও কৰিব বুলি জানিব দি কুকুৰা পোৱালি আদিও নিজে ইনকুভেটৰৰ দ্বাৰা জন্ম দি পালন কৰি স্ব–নির্ভৰশীল হ’বলৈ চেষ্টা চলাই আহিছে দীপকে৷ উপৰ কছাৰীগাঁৱত মুঠ ৬খন জৈৱিকভাৱে উৎপাদিত চাহ বাগিচা আছে৷