নিয়মীয়া বাৰ্তা, ১৫ জুলাইঃ ক’ভিডৰ গণ সংক্রমণ ৰোধৰ বাবে ২৪ মার্চৰ পৰা দেশৰ আন ৰাজ্যৰ লগতে অসমতো সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ হৈ আছে৷ ইয়াৰ মাজতে কেন্দ্রীয় মানৱ সম্পদ মন্ত্রালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক উচ্চ শিক্ষাকে ধৰি বিশ্ববিদ্যালয় পর্যায়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় প্রক্রিয়া আৰম্ভ কৰাৰ বাবে কিছুদিন পূর্বে এক নির্দেশনা দিছে৷
তেনেদৰে নতুন নামভর্তি প্রক্রিয়া আৰম্ভ কৰাৰ বাবেও নির্দেশনাটোত উল্লেখ কৰা হৈছে৷ এই নির্দেশনাৰ আধাৰত গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই নতুন নামভর্তি আৰু পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ প্রাৰম্ভিক প্রস্তুতি আৰম্ভ কৰিছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ প্রতাপজ্যোতি সন্দিকৈয়ে ১৩ জুলাইত শিক্ষার্থীসকলক উদ্দেশ্যি প্রেৰণ কৰা এক বার্তাৰ পৰা এই কথা জানিব পৰা গৈছে৷
বার্তাটোত উপাচার্যই বিশ্ববিদ্যালয়খনৰ সকলো ছাত্র–ছাত্রী তথা শিক্ষার্থীক পৰৱর্তী ষাণ্মাসিক বা ছেমিষ্টাৰ পৰীক্ষাৰ প্র–পত্র পূৰণ কৰিবলৈ অনলাইন বা অফলাইন প্রক্রিয়াৰ সহায় লোৱা, অনলাইন বা অফলাইন দুয়োটা প্রক্রিয়াৰে পৰীক্ষা অনুষ্ঠিত হ’লে তাৰ বাবে সাজু থকাৰ বাবে অনুৰোধ জনাইছে৷ বার্তাটোত গুৱাহাটী বিশ্ববিদ্যালয়ে পৰীক্ষাৰ এক মিশ্রিত পদ্ধতি আবণ্টন কৰিব, যাতে অনলাইন মুডত শিক্ষার্থীসকলে বিশেষ হেঁচা নাপায়৷ গুৱাহাটীত লকডাউন শেষ হোৱাৰ পিছতহে পৰীক্ষা পদ্ধতি, পৰীক্ষাৰ কেলেণ্ডাৰ ঘোষণা কৰা হ’ব বুলি বার্তাটোত উপাচার্যজনে সদৰী কৰিছে৷