২০২২ বর্ষত দুটা পর্যায়ত হ’ব গুণোৎসৱঃ ৫ৰ পৰা ৭ এপ্রিললৈ প্রথম পর্যায়, ২০ৰ পৰা ২২ এপ্রিললৈ দ্বিতীয় পর্যায়
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ: শিক্ষাৰ গুণগত মান উন্নীতকৰণৰ বাবে আগন্তুক বর্ষত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱৰ বিভিন্ন দিশ পর্যালোচনা কৰাৰ উদ্দেশ্যে জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৌৰোহিত্যত এক বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকতে দুটা পর্যায়ত গুণোৎসৱ আয়োজন কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়৷ ২০২২ চনৰ ৫, ৬ আৰু ৭ এপ্রিলত প্রথম পর্যায় আৰু ২০, ২১ আৰু ২২ এপ্রিলত দ্বিতীয় পর্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব৷ ইয়াৰ জৰিয়তে প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈ ৰাজ্যখনৰ ৪২,৫১,৫২৪গৰাকী ছাত্র–ছাত্রীক সামৰি লোৱা হ’ব৷ ৰাজ্যখনৰ চৰকাৰী, প্রাদেশীকৃত আৰু চাহ বাগিচা ব্যৱস্থাপনাৰে সামৰি লোৱা ৪৬,২৫১খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হ’ব৷
বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যখনত শিক্ষাৰ গুণগত মান অধিক উন্নীতকৰণৰ বাবে গুণোৎসৱ সফলভাৱে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ ছাত্র–ছাত্রীসকলে অর্জন কৰা জ্ঞানৰ সঠিক মূল্যায়নৰ বাবে পৰীক্ষা আৰু মূল্যাংকন পদ্ধতি অধিক শক্তিশালী কৰাৰ বাবে শিক্ষা বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে৷ বৈঠকত শিক্ষা বিভাগৰ শীর্ষ বিষয়াসকলে গুণোৎসৱৰ বাবে বিভাগে গ্রহণ কৰা বিভিন্ন ব্যৱস্থাৰাজি সম্পর্কত মুখ্যমন্ত্রীক অৱগত কৰে৷ এই বৈঠকত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্ত, শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তীকে ধৰি শিক্ষা বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷