নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 আজি ঘোষণা কৰা হ’ব গুণোৎসৱৰ ফলাফল

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল: ৰাজ্যৰ বিদ্যালয়সমূহৰ শৈক্ষিক মান নিৰূপণ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰি অহা গুণোৎসৱৰ চলিত বর্ষৰ ফলাফল  আজি ঘোষণা কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ১১ বজাত আনুষ্ঠানিকভাৱে এই ফলাফল ঘোষণা কৰিব৷

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কথা প্রকাশ কৰি জানিবলৈ দিয়ে যে শিক্ষা বিভাগে প্রতিবছৰে গুণোৎসৱ অনুষ্ঠিত কৰি আহিছে৷ বিদ্যালয়ৰ শৈক্ষিক মান তথা ছাত্র–ছাত্রীৰ শিক্ষাৰ দিশসমূহ নিৰূপণ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা এই গুণোৎসৱৰ ফলাফলসমূহ শিক্ষা বিভাগে বিশ্লেষণ কৰি বিদ্যালয়সমূহৰ উন্নীতকৰণৰ ব্যৱস্থা গ্রহণ কৰি অহা হৈছে৷ আজি ঘোষণা হ’বলগা গুণোৎসৱৰ ফলাফলসমূহো বিশ্লেষণ কৰা হ’ব৷ শিক্ষামন্ত্রীগৰাকীয়ে ইয়াকো জানিবলৈ দিয়ে যে ক’ভিড পৰিস্থিতিৰ পাছত দুটাকৈ গুণোৎসৱ ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে৷ এই গুণোৎসৱ দুটাৰ ফলাফলো বিশ্লেষণ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে বিদ্যালয় তথা শিক্ষকৰ সমস্যা সমাধানতো গুৰুত্ব প্রদান কৰা হৈছে৷

You might also like