নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ গাড়ীৰে নিতৌ গুৱাহাটীত সোমায় ৩০ লাখ টকাৰ চোৰাং কাঠ

নিয়মীয়া বার্তা, ৩১ মে’: বনজ–খনিজ সম্পদৰ চোৰাং বেহাই উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীক কার্যতঃ অন্ধকাৰ জগতলৈ পর্যবসিত কৰিছে৷ সমগ্র গুৱাহাটীৰ কাঠৰ বজাৰখন এতিয়া মেঘালয়ৰ পৰা আমদানি কৰা চোৰাং কাঠেৰে ভৰি পৰিছে৷ এই বিশাল অবৈধ বজাৰ নিয়ন্ত্রণ কৰিছে ৭গৰাকী কাঠ মাফিয়াই৷ যিয়ে ১৬খনকৈ সৰু গাড়ীত প্রতিদিনে মেঘালয়ৰ পৰা ৩০ লাখ টকা মূল্যৰ কাঠ গুৱাহাটীৰ বজাৰলৈ চালান দি আছে৷ সৰু গাড়ীত চলা কাঠ স্মাগলিঙৰ ক’লা অধ্যায় শেহতীয়াকৈ ‘নিয়মীয়া বার্তা’ৰ অনুসন্ধানত পোহৰলৈ আহিছে৷

উল্লেখ্য যে গুৱাহাটী কেৱল অসমৰ প্রশাসনিক ৰাজধানীয়ে নহয়, সমগ্র উত্তৰ–পূর্বাঞ্চলৰ ব্যৱসায়–বাণিজ্যৰো মূল অভিকেন্দ্র৷ এইখন মহানগৰীত কাঠ আৰু কাঠৰ পৰা নির্মিত সামগ্রীৰ এখন বিশাল বজাৰ আছে৷ য’ত প্রতিদিনে বৃহৎ পৰিমাণৰ কাঠৰ দৰকাৰ হয়৷ বৈধ টি পি চালান লৈ কাঠৰ ব্যৱসায় কৰিলে বন বিভাগে নির্ধাধৰণ কৰি দিয়া বহু নীতি–নিয়ম মানি চলিব লগা হয়৷ আদায় দিব লাগে নির্ধাৰিত পৰিমাণৰ ৰাজহ৷ সেয়ে গুৱাহাটীৰ ব্যৱসায়ীসকলে প্রতিদিনে আমদানি কৰি আছে মেঘালয়ৰ চোৰাং কাঠ৷ কোনো ধৰণৰ বৈধ নথি–পত্র নোহোৱাকৈ মহানগৰীৰ সীমান্তৱর্তী মেঘালয়ৰ কাঠ ডিপোসমূহৰ পৰা কাঠ আহে গুৱাহাটীৰ বজাৰলৈ৷ ডি আই আৰু ৪০৭ গাড়ীত বন বিষয়াৰ চকুৰ সন্মুখেৰেই চলি থকা অবৈধ কাৰবাৰৰ ফলত মেঘালয় আৰু অসমৰ দুয়োখন চৰকাৰেই ব্যাপক ৰাজহ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷

প্রাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ সমীপৱর্তী বাৰমাইল আৰু বর্ণিহাটত আছে কেইবাটাও অবৈধ চোৰাং কাঠৰ ডিপো৷ য’ত চুবুৰীয়া ৰাজ্যখনৰ বনাঞ্চল তহিলং কৰি বৃহৎ পৰিমাণৰ কাঠ জমা ৰখা হৈছে৷ বাৰমাইলত থকা কাঠৰ ডিপোকেইটা পৰিচালনা কৰে জাণ্টু, কাঞ্চা, পদম আৰু ৰামু নামৰ কাঠ মাফিয়াকেইজনে৷

ইফালে, বর্ণিহাটত আছে ডেভিজ, পাণ্ডে, পৰমানন্দ আগৰৱালা আৰু অমিত জৈন নামৰ আন কেইজমান কাঠ মাফিয়াৰ সাম্রাজ্য৷ গুৱাহাটী মহানগৰীৰ সকলো দোকানৰ কাঠৰ মূল উৎসই হৈছে বাৰমাইল আৰু বর্ণিহাটৰ কাঠৰ ডিপোকেইটা৷ তাৰ পৰা গুৱাহাটীৰ ৭জনকৈ ব্যৱসায়ীয়ে ১৬খন সৰু গাড়ীত কাঠ সৰবৰাহ কৰি আছে৷ ১২খন ডি আই আৰু ৪খন ৪০৭ গাড়ীত দৈনিক ৩বাৰকৈ কাঠ কঢ়িওৱা হয় গুৱাহাটী মহানগৰীলৈ৷ একোখন ডি আই গাড়ীত এবাৰত কাঠ আহে ১৫৫ ছেপ্ঢি৷ যাৰ বজাৰ মূল্য প্রায় ৫০ হাজাৰ টকা৷ এইদৰে ১২খন গাড়ীত প্রতিদিনে মুঠ ৩৬বাৰ মহানগৰীৰ বজাৰলৈ কাঠ অনা হয়৷ অর্থাৎ কেৱল ডি আই গাড়ীতে এদিনত প্রায় ১৮ লাখ টকাৰ চোৰাং কাঠ গুৱাহাটীত প্রৱেশ কৰে৷ একেদৰেই আন চাৰিখন ৪০৭ বাহনতো দিনত তিনিবাৰকৈ কাঠ আহে৷ একোখন ৪০৭ বাহনে এবাৰত কাঠ কঢ়িয়াব পাৰে প্রায় ৩০০ ছেপ্ঢি৷ বজাৰত এই কাঠখিনিৰ মূল্য হ’ব প্রায় ১ লাখ টকা৷ এনেকৈয়ে চাৰিখন গাড়ীত দৈনিক প্রায় ১২ লাখ টকাৰ অবৈধ কাঠ নিতৌ অসমলৈ আহি আছে৷ অর্থাৎ মুঠ ১৬খন গাড়ীত এদিনত গুৱাহাটীৰ বজাৰলৈ ৩০ লাখ টকাৰ কাঠ সৰবৰাহ হয়৷

গুৰুত্বপূর্ণ কথাটো হ’ল ইয়াৰে এখন গাড়ীতো এখনো বৈধ নথি–পত্র নাথাকে৷ তেনেকৈয়ে যোৰাবাটত থকা অসম চৰকাৰৰ বন বিভাগৰ বীট অফিচৰ কার্যালয়ৰ সন্মুখেৰে গোটেই দিনজুৰি অবৈধ কাঠ সৰবৰাহ হৈ থাকে৷ ইয়াৰ আঁৰত আছে গুৱাহাটীৰ ৭জন ব্যৱসায়ীৰ নিপুণ ছেটিং৷ গুৱাহাটীত কর্মৰত প্রতিটো বন বিভাগৰ কার্যালয়লৈ এই ব্যৱসায়ীকেইজনৰ পৰা নিয়মীয়াকৈ ধনৰ টোপোলা যায়৷ যাৰ বাবে বিভাগটোৰ বিষয়া–কর্মচাৰীসক সকলো দেখিও নেদেখাৰ ভাও জুৰি থাকে৷ ‘নিয়মীয়া বার্তা’ই লাভ কৰা খবৰ মতে, দিনে ৩০ লাখ টকাৰ চোৰাং কাঠৰ ব্যৱসায় কৰি থকা গুৱাহাটীৰ কাঠ মাফিয়াকেইজন হ’ল– হাৰুল চৌধুৰী ওৰফে ৰাজা৷ তেওঁ থাকে মহানগৰীৰ পাঞ্জাবাৰীত৷ ইয়াৰ বাহিৰেও কাহিলিপাৰাৰ বিশ্বজিৎ ডেকা, হাতীগাঁৱৰ আমিনুল আলী, পকজ দত্ত, প্রকাশ শইকীয়া আৰু বিজয় সাহা৷ এই ব্যৱসায়ীকেইজনে বন বিভাগক হাতৰ মুঠিত লৈ দিনৰ পোহৰতে কাঠৰ এক বৃহৎ ক’লা ব্যৱসায় চলাই গৈছে৷ কেৱল এটা দিনতে গুৱাহাটীৰ বজাৰলৈ যদি ৭,০০০ ছেপ্ঢি চোৰাং কাঠ আহে, তেনেহ’লে মাহ বা বছৰত চৰকাৰে কিমান পৰিমাণৰ ৰাজহ হেৰুৱাই আছে, সেয়া সহজেই অনুমেয়৷ এনেদৰে বিগত প্রায় দুটা বছৰ ধৰি হাৰুল, বিশ্বজিৎ, আমিনুল, প্রকাশ পংকজ আৰু বিজয় বাহিনীয়ে বেফিকৰ মনোভাবেৰে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই নিছে৷

জানিব পৰা মতে, বিগত দুটা বছৰত অতি কমেও প্রায় ২০ কোটি টকা মূল্যৰ কাঠ গুৱাহাটীৰ বিভিন্ন কাঠ দোকানত যোগান ধৰিছে এই ৭জন কাঠ মাফিয়াই৷ ইয়াৰ পূর্বে কিছুদিনৰ বাবে বন্ধ হৈ থকা মেঘালয়ৰ কাঠৰ চোৰাং ব্যৱসায় কোন বন বিষয়াৰ গুৱাহাটীত নিযুক্তিৰ লগে লগে পুনৰ মুকলি হৈ পৰিছিল, সেয়া এটা অতি প্রাসংগিক প্রশ্ণ৷ গুৱাহাটীলৈ প্রতিদিনে চোৰাং কাঠ কঢ়িয়াই অনা কেইখনমান বাহনৰ নম্বৰ হ’ল– এ এছ–০১ চি চি–৪৯৭৫, এ এছ–২৫ ডি চি–৬৬৪৯, এ এছ–১১ বি চি–৩৭৭৩, এ এছ–০১ এল চি–৪৯৩৪, এ এছ–০১ ডি ডি–১৫৪৪ আদি৷ খোদ ৰাজধানী মহানগৰীত আৰক্ষী, প্রশাসন, বন বিভাগৰ চকুৰ সন্মুখত চলি থকা এই বিশাল ব্যৱসায়ত কোন বন বিষয়া কিদৰে জড়িত হৈ আছে, সেই বিষয়ে সবিশেষ তথ্য পৰৱর্তী প্রতিবেদনত প্রকাশ কৰা হ’ব৷

You might also like