ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণ , গুৱাহাটীত ফটকা বিক্রীত নিষেধাজ্ঞা
নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ ক’ৰোনা সংক্রমণৰ মাজতে ৰাজ্যত পোহৰৰ উৎসৱ দীপান্বিতা পালনৰ বাবে চলিছে ব্যাপক প্রস্তুতি৷ আতচবাজী আৰু ভিন্ন ৰঙীন লাইটেৰে ঘৰ আৰু পথ উজলাই তুলিবলৈ ইতিমধ্যে আৰম্ভ হৈছে বিশেষ উৎসাহ আৰু তৎপৰতা৷ এনে তৎপৰতাৰ মাজত প্রদূষিত চহৰ গুৱাহাটীত আতচবাজী নকৰিবলৈ কঠোৰ নির্দেশ দিছে ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে (এনজিটি)৷ আজি ন্যায়াধিকৰণে এক নির্দেশৰ জৰিয়তে ১০ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ দেশৰ সকলো বায়ু প্রদূষিত নগৰ–চহৰত আতচবাজীৰ ওপৰত কঠোৰ প্রতিবন্ধকতা আৰোপ কৰিছে৷ এনে অৱস্থাত গুৱাহাটীত ফটকা বিক্রী তথা ফটকা ফুটোৱাৰ ওপৰতো আহি পৰিছে নিষেধজ্ঞা৷ মন কৰিবলগীয়া যে দেশৰ প্রদূষিত চহৰসমূহৰ ভিতৰত গুৱাহাটী অন্যতম চহৰ ৰূপে ইতিমধ্যে চিনাক্ত কৰি ৰাখিছে ভাৰত চৰকাৰৰ প্রদূষণ নিয়ন্ত্রণ ব’র্ডে৷ এনে অৱস্থাত এনজিটিয়ে আৰোপ কৰা নিষেধাজ্ঞাই ফটকা বিক্রেতাৰ লগতে ৰাজ্য চৰকাৰকো শ’লঠেকত পেলাইছে৷ ইতিমধ্যে ইনজিটিৰ নির্দেশ অনুসৰি দেশৰ দিল্লী, পশ্চিমবংগ, ওড়িশা, হাৰিয়ানা, ৰাজস্থান, ছিকিম আদি কেইবাখনো ৰাজ্যত আতচবাজী–ফটকা ব্যৱহাৰৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছে৷ এই ৰাজ্যসমূহে ন্যায়াধিকৰণৰ নির্দেশনাৰ ভিত্তিতেই নিজাববীয়াকৈ দীপাৱলীত ফটকা, আতচবাজীৰ প্রদর্শন তথা বিক্রী নিষিদ্ধ কৰিছে৷ লক্ষণীয়ভাৱে এইক্ষেত্রত কিন্তু বিপৰীত মেৰুত অৱস্থান কৰিছে অসম চৰকাৰে৷ ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্রী পৰিমল শুল্কবৈদ্যই ইতিমধ্যে ঘোষণা কৰিছে যে অসমত দীপাৱলী উপলক্ষে ফটকা, আতচবাজীৰ প্রদর্শন হ’ব৷ কিন্তু নিয়ন্ত্রিতভাৱে ফটকা ফুটাবলৈ তেওঁ আহ্বান জনাইছে৷ যি সময়ত দেশৰ গৰিষ্ঠসংখ্যক ৰাজ্যই এইবাৰ দীপাৱলীত ফটকা, আতচবাজী নিষিদ্ধ কৰিছে, সেই সময়ত অসম চৰকাৰে এইক্ষেত্রত প্রদর্শন কৰা শিথিলতাই স্বাভাৱিকতে উত্থাপন কৰিছে কিছু প্রশ্ণৰ৷ উল্লেখ্য যে কলকাতা আৰু শিৱকাশীৰ পৰা একাংশ ব্যৱসায়িক প্রতিষ্ঠানক বৃহৎ পৰিমাণৰ ফটকা ৰাজ্যলৈ অনাৰ বাবে অনুমতি প্রদান কৰিছে চৰকাৰখনে৷ একাংশ ব্যৱসায়ীৰ মুনাফাৰ স্বার্থত ন্যায়াধিকৰণৰ নির্দেশকো একাশৰীয়া কৰি ৰাখিবলৈ কুণ্ঠাবোধ কৰা নাই বন, পৰিৱেশ বিভাগে৷ লক্ষণীয় দিশটো হ’ল যে এনজিটিয়ে জাৰি কৰা নিষেধাজ্ঞাৰ পাছত ৰাজ্যত ফটকা বিক্রী তথা প্রদর্শনত কোনো বাধা আৰোপ নকৰাৰ বাবে ইতিমধ্যে এনজিটিয়ে ৰাজ্যৰ মুখ্য সচিবক জবাবদিহি কৰাৰ লগতে এইক্ষেত্রত স্থিতি স্পষ্ট কৰিবলৈ নির্দেশ দিছে৷ কার্যতঃ ন্যায়াধিকৰণৰ এনে কঠোৰ সিদ্ধান্তত শ’লঠেকত পৰিছে ৰাজ্য চৰকাৰ৷ ইফালে, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে আজি ফটকা বিক্রীৰ ক্ষেত্রত স্থানীয় আৰক্ষী থানাসমূহে অনুমতি প্রদান কৰিব বুলি জানিবলৈ দিছে৷ পূর্বে মহানগৰীত ফটকা বিক্রীৰ ক্ষেত্রত ল’বলগীয়া অনুমতি জিলা উপায়ুক্ত কার্যালয়ে প্রদান কৰিছিল৷ ক’ভিড প্রট’কলৰ বাবে এই অনুমতি এইবাৰ স্থানীয় আৰক্ষী থানাই প্রদান কৰিব বুলি স্পষ্ট কৰিছে জিলা উপায়ুক্তগৰাকীয়ে৷ সমান্তৰালভাৱে উচ্চ প্রাবল্যৰ ফটকা আৰু বিদেশত নির্মিত ফটকা, লাইট বিক্রীৰ ক্ষেত্রত থকা নিষেধাজ্ঞাৰ ক্ষেত্রতো প্রশাসনে ব্যৱস্থা গ্রহণ কৰিব বুলি উপায়ুক্তগৰাকীয়ে স্পষ্ট কৰে৷ এনজিটিয়ে জাৰি কৰা নির্দেশক অসম বিজ্ঞান সমিতি, ইলোৰা বিজ্ঞান মঞ্চ, জ্ঞান–বিজ্ঞান সমিতি, চিআৰইউ (এনইআই), অৰণ্যক আদি সংগঠনসমূহে আদৰণি জনাইছে৷ সংগঠনকেইটাই পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ত অব্যাহত থকা ক’ৰোনা বিভীষিকাৰ মাজত আতচবাজীয়ে শব্দ আৰু বায়ু প্রদূষণ সৃষ্টি কৰিব বুলি আঙুলিয়াই দি ইয়াক ৰোধ কৰাৰ বাবে আহ্বান জনাইছে৷ সংগঠনকেইটাই উচ্চতম ন্যায়ালয়ে ২০১৮ চনত দিয়া ৰায় আৰু এনজিটিয়ে আজি দিয়া নির্দেশ পালন কৰাৰ বাবেও ৰাজ্যবাসীলৈ আহ্বান জনাইছে৷