সাহিত্যৰ আড্ডা–গ্রন্থ উন্মোচনেৰে জীপাল চানমাৰিৰ বাকৰি
নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ সাহিত্যৰ আড্ডা, পুথি ডন্মোচনী সভা, চলচিচত্র বিষয়ক আলোচনাৰে ডৎসৱমুখৰ হৈ পৰিছে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম প্রকাশন পৰিষদৰ ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলা৷ দ্বিতীয় দিনা গ্রন্থমেলা প্রাংগণৰ দ্বাৰ মুকলি হোৱাৰে পৰা গ্রন্থপ্রেমীসকল সমৱেত হয় গ্রন্থমেলাৰ বাকৰিত৷ বছৰৰ শেষ দিনটোত নিজৰ প্রিয় কিতাপখন বিচাৰি মানুহে কৰা ভিৰ গ্রন্থমেলাৰ বিপণীত পৰিলক্ষিত হয়৷ ইপিনে, বিয়লি ২ বজাৰ পৰা গ্রন্থমেলাৰ বাকৰিত নির্মিত প্রকাশন পৰিষদৰ মূল কার্যালয়ৰ প্রেক্ষাগৃহত চলচিচত্র বিষয়ক এখন মনোজ্ঞ আলোচনা সত্র অনুষ্ঠিত হয়৷ ‘দ্য শ্ব’ মাষ্ট গ’ অন ঃ ক’ভিড আতংকৰ মাজতো আমি কেনেদৰে সাজু’ শীর্ষক এই আলোচনা সত্রত ক’ৰোনা মহামাৰীৰ পৰিণতিত চলচিচত্র ডদ্যোগে কি হেৰুৱালে, কি পালে, এই বিষয়ে কেইবাগৰাকী বিশিষ্ট চলচিচত্র পৰিচালক, শিল্পী আৰু সাংবাদিকে মত বিনিময় কৰে৷ বিশিষ্ট চলচিচত্র আৰু কলা সমালোচক উৎপল দত্তৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা সত্রত অংশগ্রহণ কৰি জ্যোতি চিত্রবনৰ সচিব মমিতা বৰগোহাঞিয়ে কয় যে সমগ্র পৃথিৱীৰ লগতে অসমৰ চলচিচত্র ডদ্যোগো ক’ভিড কালত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে৷ কিন্তু এই সময়ছোৱাত বহু ডন্নতমানৰ চিত্রনাট্য সৃষ্টি হৈছে৷ চলচিচত্র ডদ্যোগৰ সৈতে জডিতসকলে নতুন চিন্তাৰে নতুন পৰিকল্পনা কৰিছে৷ আগন্তুক সময়ত এই চিন্তাৰ প্রতিফলনেৰে চলচিচত্র সমৃদ্ধ হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷ সত্রখনত অংশগ্রহণ কৰে জনপ্রিয় অভিনেতা উদয়ন দুৱৰাই৷ তেওঁ মহামাৰীৰ বাবেই মুম্বাইৰ পৰা উভতি অহা বুলি সদৰী কৰি কয়– ‘মহামাৰীৰ ফলত হোৱা ক্ষতি স্বাভাৱিক বুলিয়েই ধৰিব লাগিব৷ কিন্তু অসমীয়া চলচিচত্র ডদ্যোগে সংগ্রাম কৰি আহিছে আৰু সংগ্রামৰ পর্যায়তে ৰৈ গৈছে৷ এয়াহে চিন্তাৰ বিষয়৷’
আলোচনা সত্রখনত উপস্থিত থাকে মুম্বাইতো প্রতিষ্ঠা লাভ কৰা অসমৰ এগৰাকী বলিষ্ঠ অভিনেত্রী উর্মিলা মহন্ত৷ তেওঁ ক’ভিড কাল সকলো ক্ষেত্রৰ দৰে চলচ্চিত্র ক্ষেত্রখনৰ বাবেও বিপুল ক্ষতিৰ কাৰণ বুলি অভিহিত কৰি কয়– ‘শিল্পীসকলৰ বাবে এই সময়ছোৱা অত্যন্ত কঠিন৷ অৱশ্যে এই সময়ছোৱাই আমাক বহু নতুন কথাই শিকালে৷ এয়া নিশ্চয় চলচিচত্রত প্রতিফলিত হ’ব৷ দুখৰ মাজতো এয়াই সুখৰ বতৰা৷’ অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট চলচিচত্র পৰিচালক, অভিনেতা হিমাংশু প্রসাদ দাসে ক’ভিডে বহু কথা সলনি কৰা বুলি উল্লেখ কৰি ইয়াক শিল্পলৈ কেনেদৰে উত্তৰণ ঘটাব পাৰি, সেয়াহে জৰুৰী কথা বুলি কয়৷ তেওঁ তাৎপর্যপূর্ণভাৱে অসমৰ সংবাদ মাধ্যমে জুবিন গার্গৰ বাহিৰে আন কাকোকেই তাৰকাৰ মর্যাদা দিয়া নাই বুলি উল্লেখ কৰি কয়– ‘তেওঁৰ নিশ্চয় বিশাল প্রতিভা আছে৷ কিন্তু অন্য প্রতিভাকো স্বীকৃতি দিয়া ডচিত৷ অন্যথা সামগ্রিকভাৱে ক্ষতি হয়৷’ বিশিষ্ট সাংবাদিক, চলচিচত্র সমালোচক মৃণাল কুমাৰ বৰাই কয় যে ডদ্যোগ মানে ব্যৱসায়ৰ প্রসংগ আছেই৷ চলচিচত্র ডদ্যোগৰ ক্ষেত্রতো একেই৷ গতিকে প্রযোজক, পৰিচালকসকলে মানসম্পন্ন ছবি নির্মাণত গুৰুত্ব দিয়াৰ সমান্তৰালকৈ বাণিজ্যিক দিশটোকো সমানেই গুৰুত্ব প্রদান কৰিব লাগে৷ বৰাই লগতে কয়– ‘অসমত পৃষ্ঠপোষক বহুত৷ কিন্তু পেছাদাৰী প্রযোজকৰ অভাৱ৷ আজিকালি বহুতে বঁটাক লক্ষ্য কৰি চিনেমা নির্মাণ কৰে৷ দৰাচলতে চিনেমাইহে বঁটা আনে৷’
ইপিনে, চলচিচত্র সমালোচক অপৰাজিতা পূজাৰীয়ে ডত্তৰ–পূর্বাঞ্চলৰ ‘ফিল্ম মার্কেটিং’ এতিয়াও অনুন্নত বুলি ডল্লেখ কৰি এই ক্ষেত্রত চৰকাৰীভাৱে পাঠ্যক্রমৰ ব্যৱস্থা কৰাৰ প্রয়োজন আছে বুলি কয়৷ আলোচনা সত্রখন সঞ্চালনা কৰি বিশিষ্ট চলচিচত্র সমালোচক ডৎপল দত্তই এই ক্ষেত্রত নিজৰ দীর্ঘদিনীয়া অভিজ্ঞতাৰ সৰস বর্ণনা দিয়াৰ লগতে অসমৰ চলচিচত্র ডদ্যোগৰ ডত্তৰণৰ বাবে বিভিন্ন দিশৰ বিষয়ে ডল্লেখ কৰে৷ তেওঁ কয়– ‘চিনেমা নির্মাণ কৰা সহজ, কিন্তু মুক্তি দিয়া বৰ কঠিন৷ ছবি বিতৰণৰ ক্ষেত্রতো বহু আসোঁৱাহ আছে৷ গতিকে নতুনকৈ চিন্তা কৰাৰ প্রয়োজন অনস্বীকার্য৷’ অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই আদৰণী ভাষণ আৰু শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত বিশিষ্ট চলচিচত্র পৰিচালক কৃপাল কলিতা, কবি–লেখিকা স্বপ্ণা দত্ত ডেকা, জ্যেষ্ঠ সাংবাদিক যুতিকা মহন্তকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি ডপস্থিত থাকে৷ আনহাতে , গ্রন্থমেলাৰ বাকৰিত থকা গগন চন্দ্র অধিকাৰী আৰু বেণু মিশ্র সোঁৱৰণী প্রেক্ষাগৃহত কেইবাখনো নতুন গ্রন্থ ডন্মোচিত হয়৷