নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজাদী কা অমৃত মহোৎসৱ : গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত চিবিচিৰ উদ্যোগত আলোকচিত্ৰ প্ৰদৰ্শনী 

বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ আজিৰে পৰা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচনৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ে আজাদী কা অমৃত মহোৎসৱ আৰু সেৱা, সুশাসন তথা দৰিদ্ৰ কল্যাণৰ ৮ বছৰীয়া সেৱা বিষয়ত দুদিনীয়া আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰে আদৰণী ভাষণত কয়, “গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এনে ধৰণৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। কাৰাগাৰৰ ভিতৰত, বিভিন্ন জাতি আৰু জনজাতিৰ বহু লোক আছে ৷ চেণ্ট্ৰেল ব্যুৰ’ অব্  কমিউনিকেচনে এই প্ৰদৰ্শনীৰ জৰিয়তে আমাক একতা আৰু সংহতিৰ বাৰ্তা প্ৰদান কৰিছে। এই কাৰ্যসূচীবোৰে এই কাৰাবন্দীসকলক বিভিন্ন চৰকাৰী নীতি আৰু পদক্ষেপৰ জৰিয়তে তেওঁলোকৰ জীৱন শক্তিশালী আৰু সমৃদ্ধ কৰিবলৈ উৎসাহিত কৰিব।” তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ উপ-সঞ্চালক পাৱনী গুপ্তাই কয় যে এই আলোকচিত্ৰ প্ৰদৰ্শনীৰ উদ্দেশ্য হৈছে আমাৰ দেশলৈ স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ বিষয়ে জনসাধাৰণক অৱগত কৰা তথা আমাৰ সমৃদ্ধ ইতিহাস আৰু ঐতিহ্যৰ বিষয়ে অৱগত কৰা। তেওঁ লগতে কয়, “এই প্ৰদৰ্শনীত প্ৰদৰ্শিত আলোকচিত্ৰ পেনেলৰ জৰিয়তে আমি উত্তৰ-পূৰ্বাঞ্চলৰ অখ্যাত নায়কসকল যেনে কনকলতা বৰুৱা, কুশল কোঁৱৰ, মণিৰাম দেৱান আদিৰ বিষয়ে অধিকভাৱে জানিব পাৰিম।” গুৱাহাটীৰ চিবিচিৰ বিভাগীয় শিল্পীসকলে ৰাজস্থানৰ দল বদলী নৃত্যৰ দৰে আধুনিক সংগীত আৰু নৃত্যৰ জৰিয়তে প্ৰদৰ্শনীখনত সোণত সুৱগা চৰায় কাৰাবন্দীসকলৰ মাজত চিত্ৰকলা প্ৰতিযোগিতা আৰু সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰসমূহ প্ৰদৰ্শনীৰ দ্বিতীয় দিনা বিতৰণ কৰা হ’ব। অনুষ্ঠানটোত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ কল্যাণ চৌধুৰী আৰু  পৰিণীতা বৰা, গুৱাহাটী চিবিচিৰ ক্ষেত্ৰ প্ৰদৰ্শনী বিষয়া হীৰামণি দাসো উপস্থিত আছিল ৷ প্ৰদৰ্শনীৰ দ্বিতীয় দিনটোত গুৱাহাটীৰ চিবিচিৰ ব্যক্তিগত পঞ্জীকৃত দলসমূহৰ সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হ’ব।

You might also like