গুৱাহাটীৰ বিলাসী হোটেলত পর্নগ্রাফী কৰিছিল লম্পট গণিত অধ্যাপকে
ডিব্রুগড় বিশ্ববিদ্যালয়ত চাঞ্চল্য অব্যাহত
নিয়মীয়া বাৰ্তা ৪ জুলাইঃ অসমৰ অগ্রণী উচ্চ শিক্ষানুষ্ঠান ডিব্রুগড় বিশ্ববিদ্যালয়ত সংঘটিত এক নিকৃষ্ট ঘটনাই সর্বত্র তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীৰ হাতে হাতে বর্তমান বিয়পি পৰিছে এজন সহকাৰী অধ্যাপকে প্রস্তুত কৰা বহু নীলা ছবি৷ এখন–দুখন নহয়, ইখনৰ পিছত সিখন নীলা ছবি পর্ণ ছাইটত আপলোড কৰিছিল লম্পট শিক্ষকজনে৷ ইতিমধ্যে নিজৰ অশ্লীল ভিডিঅ আপলোড কৰি আৰক্ষীৰ হাতত ধৰা পৰিছে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক তথা শৈক্ষিক জগতক কলংকিত কৰা লম্পট ধ্রুৱজিত চৌধুৰী৷ ডিব্রুগড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হৰিশ চন্দ্র মহন্তৰ এজাহাৰৰ ভিত্তিত ডিব্রুগড় আৰক্ষীয়ে কালি নিশাৰ ভিতৰতে গ্রেপ্তাৰ কৰে গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্রুৱজিত চৌধুৰীক৷ জানিব পৰা মতে, বিশ্ববিদ্যালয় কর্তৃপক্ষই বিষয়টোৰ তদন্ত কৰি অধ্যাপকজনলৈ কাৰণ দর্শোৱা জাননী প্রেৰণ কৰিছিল৷ কিন্তু তেওঁৰ উত্তৰ কর্তৃপক্ষৰ মনঃপূত নোহোৱা তথা মিথ্যাচাৰৰ আশ্রয় লোৱাত, বিশ্ববিদ্যালয়ৰ ঐতিহ্য, গুণ–গৰিমা লাঘৱ কৰা বিষয়টো সন্দর্ভত আৰক্ষীৰ কাষ চাপে বুলি বিশ্ববিদ্যালয়ত আজি আয়োজিত এখন সংবাদ মেল সম্বোধন কৰি পঞ্জীয়ক ড০ হৰিশ চন্দ্র মহন্তই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হৰিশ চন্দ্র মহন্তই সংবাদ মাধ্যমক কয় যে যোৱা ২৫ জুনৰ সন্ধিয়া প্রায় ৮.২২ বজাত এটা খবৰ লাভ কৰে যে বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ শিক্ষক ধ্রুৱজিত চৌধুৰীয়ে কিছুমান দৃষ্টিকটু ভিডিঅ ক্লিপ ইণ্টাৰনেটত আপলোড কৰিছে৷ বিষয়টো সন্দর্ভত যোৱা ২৬ জুনত বিশ্ববিদ্যালয়ৰ সকলো বিষয়া–কর্মচাৰীৰ স’তে আলোচনা কৰা হয়৷ সিদ্ধান্ত অনুযায়ী শিক্ষকজনলৈ সেইদিনাই কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰি ৫ দিনৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছিল৷ কিন্তু শিক্ষকজনে যি উত্তৰ দিলে সেয়া কর্তৃপক্ষৰ মনঃপূত নহ’ল৷ কিয়নো শিক্ষক চৌধুৰীয়ে আপলোড হোৱা ভিডিঅ টোত থকা ব্যক্তিজন তেওঁ নহয় বুলি দাবী কৰিছিল যদিও পঞ্জীয়ক মহন্তৰ ওচৰত শিক্ষকজনৰ পাঁচখনকৈ নীলা ছবিৰ ভিডিঅ থকা বুলি সদৰী কৰে৷ সেয়ে কালি সকলোৰে সিদ্ধান্ত অনুসৰি আৰক্ষীক এজাহাৰ দি ঘটনাৰ বিষয়ে সকলো অৱগত কৰোৱা হয় বুলি পঞ্জীয়ক ড০ হৰিশ চন্দ্র মহন্তই সাংবাদিকক জানিবলৈ দি পুনৰ কয় যে কোনো কাৰণতে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ঐতিহ্য, গুণ–গৰিমা হেয় হ’বলৈ দিব নোৱাৰি৷ এখন ঐতিহ্যপূর্ণ বৌদ্ধিক পীঠস্থানক অপৱিত্র হ’বলৈ দিব নোৱাৰি৷ সেয়ে এতিয়া সকলো বিষয় আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত কৰিব আৰু সেইমতে ন্যায়ালয়ে শাস্তি প্রদান কৰিব৷ অহা ৪৮ ঘণ্টা আৰক্ষীৰ আবেষ্টনীত শিক্ষক ধ্রুৱজিত চৌধুৰী থাকিলে বিশ্ববিদ্যালয়ৰ আইন অনুসৰি তেওঁকবর্খাস্ত কৰাৰ নিয়ম আছে৷ সেই বিষয়ে ইতিমধ্যে এখন কমিটী গঠন কৰা হৈছে বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷
ইফালে, এগৰাকী যুৱতীৰ স’তে অশ্লীল ভিডিঅ পর্ণ ছাইটত আপলোড কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই ডিব্রুগড বিশ্ববিদ্যালয় চৌহদত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ ডিব্রুগড় আৰক্ষীয়ে ১০৪৪/২০ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি লম্পট অধ্যাপকজনক জেৰা অব্যাহত ৰাখিছে৷ ইতিমধ্যে নিকৃষ্ট মানসিকতাৰ অধ্যাপকজনক শীঘ্রে বিশ্ববিদ্যালয়ৰ পৰা বর্খাস্ত কৰাৰ দাবী উত্থাপন হোৱাৰ লগতে বিশ্ববিদ্যালয় চৌহদত প্রৱেশ নিষিদ্ধ কৰিছে৷ অভিযোগ মতে, সহকাৰী অধ্যাপকজনে দীর্ঘদিন ধৰি বিভিন্ন যুৱতীৰ লগত অভিজাত হোটেলত অশ্লীল ভিডিঅ নির্মাণ কৰি আন্তঃৰাষ্ট্রীয় পর্যায়ৰ পর্ন ৱেৱছাইট তথা বিশ্বৰ অন্যতম পর্ন ৱেবছাইট পর্নহাবত অধ্যাপকজনৰ ভিডিঅ আপলোড কৰা ঘটনাৰ বাবে বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভা, আছু গোট আৰু বৌদ্ধিক মহলেও উচিত তদন্তৰ দাবী কৰিছে৷ ছাত্র–ছাত্রী তথা বিভিন্ন সংগঠনে সমগ্র ঘটনাৰ উচিত তদন্তৰ দাবী জনাই সত্যাসত্য নিৰূপণ হ’লে শিক্ষকজনক দৃষ্টান্তমূলক শাস্তি বিহাৰো দাবী জনায়৷ আনহাতে, সহকাৰী অধ্যাপকজনে আৰক্ষীৰ আগত বিষয়টো স্বীকাৰ কৰাৰ লগতে গুৱাহাটীৰ এখন বিলাসী হোটেলত এই নিকৃষ্ট কার্য কৰা বুলি স্বীকাৰ কৰিছে৷
ইফালে, ঘটনা সন্দর্ভত ডিব্রুগড় জিলা আৰক্ষী অধীক্ষক শ্রীজিৎ টীয়ে আজি সাংবাদিকক কয় যে কালি ডিব্রুগড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হৰিশ চন্দ্র মহন্তই দিয়া এক অভিযোগত কৈছিল যে বিশ্ববিদ্যালয়ত কিছুমান অশ্লীল ভিডি’ ভাইৰেল হৈ পৰিছে আৰু এজন ব্যক্তি জড়িত থকাৰ সন্দেহ কৰা হৈছে৷ সেয়ে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ লগত এখন চিডি সংলগ্ণ কৰি দিছিল৷ সেয়ে আমি ভিডি’টো প্রত্যক্ষ কৰি ডিব্রুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্রুৱজিত চৌধুৰীক কালি নিশাই সোধা–পোছাৰ বাবে অনা হয়৷ চৌধুৰী বৰপেটা জিলাৰ পাঠশালা নিৱাসী৷ সোধা–পোছা কৰি জানিব পৰা মতে, সহকাৰী অধ্যাপক চৌধুৰীয়ে নিজে কেমেৰা ব্যৱহাৰ কৰি সকলো ভিডিঅ গ্রাফী কৰি নিজৰ লেপটপত ডাটা ড্রেন্সফাৰ কৰিছিল আৰু আজি ব্যৱহাৰ কৰা কেমেৰাটো চহৰখনৰ আমোলাপটিৰ পৰা জব্দ কৰা হৈছে৷ লগতে তেওঁৰ দুটা ম’বাইল আৰু লেপটপো জব্দ কৰা হৈছে বুলি আৰক্ষী অধীক্ষকজনে জানিবলৈ দিয়ে৷ আৰক্ষী অধীক্ষক শ্রীজিৎ টীয়ে জানিবলৈ দি কয় যে এই ঘটনা তিনি বছৰ পূর্বে গুৱাহাটীৰ কোনো বিলাসী হোটেলত সংঘটিত হৈছে আৰু এগৰাকী যুৱতীৰ লগতহে এনে কাম কৰা হৈছে৷ কিন্তু কোনো ছাত্রীৰ লগত এনে কার্য কৰা হোৱা নাই বুলিও আৰক্ষী অধীক্ষকজনে স্পষ্ট কৰি দিয়ে৷ সহকাৰী অধ্যাপক ধ্রুৱজিত চৌধুৰীক ভাৰতীয় দণ্ডবিধিৰ ২৯৪ (এ)/৫০০/৫০৬ৰ অধীনত আৰু ইনফৰমেচন আৰু টেকনল’জীৰ ৬৭ (এ) ধাৰাৰ অধীনত গ্রেপ্তাৰ কৰি তদন্ত চলাই থকা বুলি আৰক্ষী অধীক্ষকজনে জানিবলৈ দিয়ে৷