বিশেষ বাৰ্তা, ৫ এপ্রিলঃ বহু প্রতীক্ষাৰ অন্তত অসমত অনুষ্ঠিত হ’ল ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আইপিএল)ৰ মেচ৷ আজি মেচখনত ৰাজস্থান ৰয়েলছ আৰু পঞ্জাব কিংছ মুখামুখি হোৱাৰ লগে লগে আইপিএলৰ ইতিহাসত সন্নিৱিষ্ট হ’ল গুৱাহাটীৰ বর্ষাপাৰাস্থিত এচিএ ষ্টেডিয়ামৰ নাম৷ বিগত এটা বছৰতে গুৱাহাটীয়ে একাধিক আন্তর্জাতিক মেচ সফলভাৱে আয়োজন কৰাৰ পিছতে গুৱাহাটীক আইপিএলৰ দুখন মেচ উপহাৰ দিয়ে আইপিএল কর্তৃপক্ষই৷ ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন হোম গ্রাউণ্ড হিচাপেও লোৱা হৈছে গুৱাহাটীক৷ সেইবাবেই আইপিএলক আদৰিবলৈ আজি মেচ আৰম্ভ হোৱাৰ পূর্বেই অসম ক্রিকেট সন্থা আৰু ৰাজস্থান ৰয়েলছ কর্তৃপক্ষই এটি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে৷ সন্ধিয়া ৫.৩০ বজাৰ পৰা ৬.৩০ বজালৈ আয়োজিত এই অনুষ্ঠানত প্রদর্শিত হয় অসমীয়া আৰু ৰাজস্থানী লোকসংগীত৷ বিহুগীত, অসমীয়া লোকীত, ৰাজস্থানী লোকনৃত্যৰে মুখৰিত হৈ পৰে সমগ্র ষ্টেডিয়াম৷ এই অনুষ্ঠানতে মুম্বাইত খ্যাতি অর্জন কৰা শিল্পী জয় বৰুৱায়ো গীত পৰিৱেশন কৰি উপস্থিত দর্শক–নুৰাগীক আপ্লুত কৰে৷ অসমৰ লোক-সংস্কৃতি তথা সংগীতক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ উদ্দেশ্যেই এই অনুষ্ঠানৰ আয়োজন কৰা হয়৷ কাৰণ সমগ্র বিশ্বজুৰি আইপিএলৰ ডিজিটেল দর্শকৰ সংখ্যা ৬ৰ পৰা ৮ মিলিয়ন৷ এই বৃহৎসংখ্যক অনুৰাগীয়ে প্রত্যক্ষ কৰিব অসমৰ বাৰেৰহণীয়া সংগীত৷
ষ্টেডিয়ামৰ বাহিৰত শেষ মুহূর্তলৈ বিক্রী টিকট
গুৱাহাটীয়ে আইপিএলৰ মেচ পোৱাৰ পাছত অসমৰ দর্শক–অনুৰাগীৰ মাজত প্রৱল আগ্রহ পৰিলক্ষিত হৈছিল৷ কিন্তু আজি সেই উৎসাহ উদ্দীপনাৰ প্রতিফলন দেখা নগ’ল৷ কেইবাটাও গেলাৰীৰ দর্শকাসন খালী হৈ থকা দেখা গ’ল৷ কম দিনৰ ব্যৱধানত একাধিক মেচ, প্রতিকূল বতৰ, টিকটৰ অধিক মূল্য আদিৰ বাবে দর্শকৰ সঁহাৰি আশানুৰূপ নহ’ল৷ অৱশ্যে অধিক লাভৰ আশাত একাংশই অনলাইনযোগে টিকট ক্রয় কৰি লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ আজি সন্ধিয়া মেচ আৰম্ভ হোৱাৰ আগলৈ ষ্টেডিয়ামৰ বাহিৰত এইসকল লোকে টিকট বিক্রী কৰি থকা পৰিলক্ষিত হয়৷ অৱশ্যে শেষ মুহূর্তত টিকটৰ প্রতি দর্শকে বিশেষ আগ্রহ নেদেখুৱালে৷
ৰিয়ান পৰাগক লৈ উৎসাহী দর্শক
ৰাজস্থান ৰয়েলছৰ অন্যতম সদস্য অসম সন্তানত ৰিয়ান পৰাগক দেশৰ অনুৰাগীৰ মাজত বিশেষ উৎসাহ দেখা গ’ল৷ গ্রাউণ্ডৰ যিটো স্থানতে ৰিয়ানে ফিল্ডিং কৰে তাতেই ওচৰৰ পৰা দর্শকে অসমৰ খেলুৱৈগৰাকীক চিঞৰি চিঞৰি উৎসাহ যোগালে৷ ৰিয়ানে বল হাতত লোৱাৰ লগে লগে দর্শকসকলে তুমুল হর্ষধ্বনিৰে তেওঁক আদৰণি জনায়৷ উল্লেখ্য যে দুয়োটা দলৰ খেলুৱৈসকলৰ বাবে গুৱাহাটীৰ উইকেট প্রায় নতুন যদিও ৰিয়ানৰ হোম গ্রাউণ্ড হোৱা বাবে ইয়াৰ উইকেট অতিকৈ চিনাকী৷ ৰিয়ানৰ অভিজ্ঞতাৰ জৰিয়তে ৰাজস্থান দলটোৱে উইকেটৰ চৰিত্র সম্পর্কে আহৰণ কৰে যথেষ্ট জ্ঞান৷
আজি আহি পাব দিল্লী কেপিটেলছ
অহা ৮ এপ্রিলত গুৱাহাটীত অনুষ্ঠিত হ’ব দ্বিতীয়খন মেচ৷ এইখন মেচত ৰাজস্থান ৰয়েলছৰ বিপক্ষে অৱতীর্ণ হ’ব দিল্লী কেপিটেলছ৷ ইতিমধ্যে দুখন মেচত পৰাজিত হোৱা দিল্লী দলটো কাইলৈ গুৱাহাটীত উপস্থিত হ’ব৷ প্রথমটো বিজয়ৰ লক্ষ্যৰে গুৱাহাটীলৈ আহিবলগীয়া দিল্লীৰ খেলুৱৈসকলে শুকুৰবাৰে বর্ষাপাৰাত অনুশীলন কৰিব৷
অসমীয়া গীতত নাচিলে চিয়াৰ লীডার্ছে
অভাৰৰ শেষত আৰু উইকেট পতনৰ পিছত সাধাৰণতে হিন্দী গীতৰ তালে তালে নৃত্য প্রদর্শন কৰা দেখা যায়৷ আজি হিন্দী গীতৰ লগতে অসমীয়া গীততো কঁকাল ঘূৰালে চিয়াৰ লীডার্ছে৷ বিহুগীত ‘বৰাধানৰ চিৰা’ পেডেল মাৰি মাৰি আদি গীতত চিয়াৰ লীডার্ছৰ নৃত্যই উপস্থিত দর্শকক মনোৰঞ্জন দিয়ে৷