অসম তলাবন্ধৰ প্রতি একাংশৰ স্বতঃস্ফূর্ত সঁহাৰি, আন একাংশৰ আইন ভংগৰ প্রতিযোগিতা By নিয়মীয়া বাৰ্তা On Jun 25, 2020 Share নিয়মীয়া বাৰ্তা, ২৫ জুনঃ আৰক্ষী–নিৰাপত্তাৰক্ষ্ কঠোৰ নিৰীক্ষণৰ মাজেৰে গুৱাহাটীত ১১টা ৱার্ডত বলৱৎ কৰা হৈছে সম্পূর্ণ লকডাউন৷ কালি নিশা ৯ বজাৰ পৰা বলৱৎ হোৱা এই লকডাউনৰ সময়ত যাতে কোনো লোকে নীতি–নির্দেশনাসমূহ ভংগ কৰিব নোৱাৰে, তাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে আৰক্ষী–প্রশাসনে৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ৱার্ডসমূহত স্বতঃস্ফূর্তভাৱে লকডাউনৰ প্রতি সঁহাৰি জনোৱা পৰিলক্ষিত হয়৷ অৱশ্যে ইয়াৰ মাজতে একাংশই লকডাউন ভংগ কৰিবলৈ চেষ্টা কৰা দেখা যায়৷ বিভিন্ন কামৰ অজুহাতত ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা এই লোকসকলক আৰক্ষীয়ে ওভতাই পঠিয়ায়৷ লকডাউন বলৱৎ হোৱা ৱার্ডসমূহৰ প্রতিটো পথৰ সন্মুখতে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ লোক নিয়োগ কৰা হয়৷ এই পথসমূহেৰে আহ–যাহ কৰা প্রতিখন বাহন আৰু লোকসকলক সোধা–পোছা কৰিহে প্রৱেশ আৰু প্রস্থানৰ অনুমতি প্রদান কৰিছে আৰক্ষীয়ে৷ এইক্ষেত্রত আৰক্ষীক প্রতিটো ৱার্ডতে স্থানীয় নাগৰিক সমিতিসমূহে সহযোগ কৰিছে৷ আৰক্ষীৰ লগত থাকি নাগৰিক সমিতিৰ লোকসকলে লকডাউন বলৱৎ হোৱা অঞ্চলসমূহত প্রৱেশ আৰু প্রস্থান কৰা লোকৰ সবিশেষ তথ্য সংগ্রহ কৰিছে৷ আমবাৰী আৰক্ষী থানাৰ অন্তর্গত নাগৰিক সমিতিৰ বিষয়ববীয়া আখতাৰ হুছেইনে কয় যে সমগ্র অঞ্চলটোত সুৰক্ষাৰ বাবে লকডাউন কঠোৰভাৱে বলৱৎ হোৱাটো অত্যন্ত জৰুৰী৷ যাতে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি৷ আন আন ৱার্ডসমূহতো একেই পৰিৱেশ–পৰিস্থিতি পৰিলক্ষিত হয়৷ বহু স্থানত লকডাউন চাবলৈ একাংশ লোক ওলাই অহাতো বিমোৰত পৰে আৰক্ষী৷ অৱশ্যে লকডাউন বলৱৎ হোৱা অঞ্চলসমূহত মহানগৰীৰ ভিন্ন প্রান্তৰ কার্যালয় আৰু ব্যৱসায়িক প্রতিষ্ঠানত কর্মৰত লোক আবদ্ধ হৈ পৰাৰ বাবে কিছু সমস্যা সৃষ্টি হৈছে৷ ইয়াৰ মাজতে এই ১১টা ৱার্ডত লকডাউন কঠোৰভাৱে বলৱৎ কৰিবলৈ আৰক্ষী–প্রশাসনৰ তৰফৰ পৰা সম্পূর্ণ চেষ্টা চলোৱা হৈছে৷ লকডাউন বলৱৎ হোৱা অঞ্চলসমূহত দোকান–পোহাৰ সম্পূর্ণৰূপে বন্ধ থাকে৷ কেৱল প্রশাসনে অনুমতি প্রদান কৰা গেলামালৰ দোকান, ফার্মাচী, শাক–পাচলি আৰু ফলমূলৰ দোকানসমূহ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ খোলা ৰখা হয়৷ শেহতীয়াকৈ ক’ৰোনাৰ হটস্পটত পৰিণত হোৱা বাণিজ্যিক প্রাণকেন্দ্র ফাঁচীবজাৰৰ এটা অংশতো লকডাউনৰ বাবে দোকান–পোৱাৰ তথা ব্যৱসায়িক প্রতিষ্ঠান আৰু বজাৰসমূহ সম্পূর্ণৰূপে বন্ধ থাকে৷ ইপিনে, মহানগৰবাসীক লকডাউনৰ নীতি–নিয়মসমূহ মানি চলিবলৈ আহ্বান জনাইছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাই৷ সংবাদ মাধ্যমৰ আগত আৰক্ষী আয়ুক্তজনে কয় যে লকডাউন ভংগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ১১টা ৱার্ডত কটকটীয়া হ’ব লকডাউন৷ ড্র’ন আৰু চিচি টিভি কেমেৰাৰে লকডাউন বলৱৎ হোৱা অঞ্চলসমূহৰ পৰিৱেশ–পৰিস্থিতি নিৰীক্ষণ কৰা হ’ব বুলি সদৰী কৰে৷ উল্লেখ্য যে মহানগৰীখনত ভ্রমণ বৃত্তান্ত নোহোৱাকৈ আক্রান্ত হোৱাৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতে লকডাউনৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি এদিন পূর্বলৈ গুৱাহাটীত ভ্রমণ বৃত্তান্ত নোহোৱাকৈ আক্রান্ত হোৱাৰ সংখ্যা আছিল ১১৪জন৷ সম্প্রতি ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১০ (আংশিক), ১৫ আৰু ১৬ নম্বৰ ৱার্ডত লকডাউন ঘোষণা কৰা হৈছে৷ Share