নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য অতিশব্দ কৰি চলোৱা বাহন, গুৱাহাটীত আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ অতিশব্দ সৃষ্টি কৰা বাইক চলোৱাৰ বিৰুদ্ধে নামি পৰিছে যান-বাহন আৰক্ষী। আজি গুৱাহাটীৰ বিভিন্ন ঠাইত এনে চাইলেঞ্চাৰ মডিফিকেশ্বন কৰি চলোৱা অতিশব্দৰ বাইকৰ আৰোহীক জৰিমনা বিহে মহানগৰ যান-বাহন আৰক্ষীয়ে।

শব্দ প্ৰদূষণৰ অন্যতম কাৰক এনে বাইকৰ শব্দই হৃদৰোগত আক্ৰান্ত লোকৰ ক্ষেত্ৰতো কু-প্ৰভাৱ পেলাই যদিও বহু যুৱকৰ বাবে এনে বাইক চলোৱাটো একপ্ৰকাৰ নিচাত পৰিণত হৈছে।

উল্লেখ্য যে যান-বাহন আইন অনুযায়ী শব্দ প্ৰদূষণ সৃষ্ট এনে কিছু কাৰ্যৰ বাবে ১০,০০০ টকাপৰ্যন্ত জৰিমনা ভৰিব লাগিব পাৰে।

You might also like